অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহঅৰুণাচল প্ৰদেশত প্ৰায় ২০ টা মুখ্য জনগোষ্ঠী আছে[1]। এই সমূহৰ ভিতৰত বহুতো উপ-জনগোষ্ঠী আছে। জনগোষ্ঠী সমূহৰ মাজত সামাজিক আৰু সংস্কৃতিৰ বিভিন্নতা দেখা যায়। জনগোষ্ঠী সমূহৰ নিজস্ব কিছুমান পৰম্পৰা আছে। অৰুণাচলৰ জনগোষ্ঠী সমূহৰ মাজত শিল্পনৈপুণ্য কাৰিকৰী দেখিবলৈ পোৱা যায়। চিত্ৰকলা, মৃৎ-শিল্প (pottery), দাৰু-শিল্প (wood carving) আৰু বাঁহ-বেতৰ কামত জনগোষ্ঠীয় কলা দেখা পোৱা যায়[1]। কিছুমান জনগোষ্ঠীৰ লোকে বয়ন-শিল্প আৰু দাৰু-শিল্প জীৱিকা হিচাবে গ্ৰহণ কৰে। তেওঁলোকৰ আন এটা বৈশিষ্ট্য হৈছে জনগোষ্ঠী সমূহৰ মাজত থকা একতা। জনগোষ্ঠী
আদিপ্ৰধান প্ৰবন্ধ: আদি (জনগোষ্ঠী)
আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)[2]। এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে। Minyongs, Karkos, Shimongs, Bomdo, Janbos, Paggis, Pailibos, Bogum, Padams, Milangs লোকসকল হৈছে আদি জনগোষ্ঠীৰ এটা অংশ। আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে। এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে। আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ (Ponung)। এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত। তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত। পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়। কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়। আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ (artistic design) বস্ত্ৰ বয়[2]। আপাতানিপ্ৰধান প্ৰবন্ধ: আপাতানি (জনগোষ্ঠী)
আপাতানি জনগোষ্ঠীৰ লোকসকল সাধাৰণতে নামনি সোৱণশিৰি জিলাৰ সদৰ জিৰ’ৰ আশে-পাশে বসবাস কৰে[3]। তেওঁলোক সাধাৰণতে কৃষিজীৱি। বৃদ্ধ লোকসকলে মূৰত খোপা বান্ধে আৰু মুখমণ্ডলত বেজীৰে খুচি চিত্ৰ আঁকি লয়। আনহাতে বৃদ্ধাসকলে নাকত ঘূৰণীয়া আকৃতিৰ ঠিলা লগায় আৰু মুখমণ্ডলত বেজীৰে খুচি চিত্ৰ আঁকি লয়। দশকৰ প্ৰথম ভাগৰ পৰাই আজিৰ প্ৰজন্মৰ ১৯৭০ আপাতানি লোকসকলে এইবোৰ কৰিবলৈ বাদ দিয়ে। তেওঁলোক লোকসকল ভাল খেতিয়ক। ধান খেতিৰ লগতে মাছ পোহাটো তেওঁলোকৰ মাজত অতিকৈ জনপ্ৰিয়[3]। অৰুণাচল প্ৰদেশৰ আন জনগোষ্ঠীৰ লোকসকলৰ দৰে আপাতানি লোকসকলৰো আৰ্থিক অৱস্থা সুস্থিৰ হোৱা দেখা যায়। বুগুনপ্ৰধান প্ৰবন্ধ: বুগুন (জনগোষ্ঠী)
বুগুন অথবা খৌৱা জনগোষ্ঠী (Khowa)ৰ লোকসকল সাধাৰণতে নম্ৰ, অতিথিপৰায়ণ আৰু স্নেহ-প্ৰীতি থকা লোক। তেওঁলোকে সাধাৰণতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। এই জনগোষ্ঠীৰ লোকসকলে উন্নতিৰ হকে বহুতো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে[4]। হ্ৰোছ’প্ৰধান প্ৰবন্ধ: হ্ৰোছ’ (জনগোষ্ঠী)
হ্ৰোছ’ জনগোষ্ঠী অথবা আকা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ মুখমণ্ডলত কলা ৰঙেৰে অংকন কৰে। বিশ্বাস কৰা হয় যে, তেওঁলোকৰ আহোম ৰাজ্যৰ লগত সু-সম্পৰ্ক আছিল। তেওঁলোক বিশেষকৈ বেপাৰৰৰ লগত জড়িত। তাৰ ভিতৰত আছিল কাপোৰ, ব্লেংকেট, তৰোৱাল ইত্যাদি। তেওঁলোক বৌদ্ধ আৰু হিন্দু দুয়োটা ধৰ্মতে বিশ্বাস কৰে[4]। ছিংফ’প্ৰধান প্ৰবন্ধ: ছিংফ’ (জনগোষ্ঠী)
ছিংফ’ জনগোষ্ঠীৰ লোকসকল বাৰ্মাৰ কাছিন জনগোষ্ঠীৰ এক অংশ। তেওঁলোক টেঙাপানী আৰু ন’আ দেহাঙ (Noa Dehang) নদীৰ পাৰত বসবাস কৰে। তেওঁলোক কৃষিজীৱি আৰু দক্ষ কমাৰ। ইয়াৰ উপৰিও তিৰোতাসকল সুনিপুণ শিপিনী। তেওঁলোক সাধাৰণতে বৌদ্ধ ধৰ্মাৱলম্বী লোক। লগতে তেওঁলোকে আত্মাৰ ওপৰত বিশ্বাস ৰাখে[5]। খাম্বা আৰু মেম্বাপ্ৰধান প্ৰবন্ধ: খাম্বা আৰু মেম্বা (জনগোষ্ঠী)
খাম্বা আৰু মেম্বা জনগোষ্ঠীৰ লোকসকল পশ্চিম ছিয়াঙ জিলাৰ উত্তৰ ভাগত বাস কৰে। একেসময়তে বহু বিবাহ কৰা (Polyandry) তেওঁলোকৰ মাজত প্ৰায়ে দেখা যায়। মেম্বাসকলৰ মাজত এইয়া বেছিকৈ প্ৰচলিত। তেওঁলোকৰ প্ৰধান জীৱিকা হৈছে কৃষি। গোমধান আৰু Millet তেওঁলোকৰ প্ৰধান খাদ্য। তেওঁলোকে কপাহ আৰু যৱ (Barley)ৰো খেতি কৰে[6]। মিচিমিপ্ৰধান প্ৰবন্ধ: মিচিমি (জনগোষ্ঠী)
মিচিমি জনগোষ্ঠীৰ লোকসকল লোহিত, উজনি দিবাং উপত্যকা আৰু নামনি দিবাং উপত্যকাত বাস কৰে। এই জনগোষ্ঠীৰ তিনিটা ভাগ আছে: ইদু (Idu) অথবা চুলিকতা (Chulikata), ডিগাৰু (Digaru) অথবা তাৰ’ন (Taroan) আৰু মিজু (Miju) অথবা কমন (Kaman)। ইদু মিচিমিৰ এটা ভাগক বেবেজীয়া মিচিমি বুলিও কোৱা হয়। মিচিমি জনগোষ্ঠীৰ মহিলা সকল নিপুণ শিপিনী। তেওঁলোক সাধাৰণতে কৃষিজীৱি যদিও বেপাৰ-বাণিজ্যৰ লগতো জড়িত। পূৰ্বৰে পৰা মিচিমি জনগোষ্ঠীৰ অসমৰ লগত সু-সম্পৰ্ক আছে। বেপাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছিল: deer –musk, বনৰীয়া ঔষধীয় গছ, জন্তুৰ ছাল, মিচিমি-তিতা (Mishimi – tita) ইত্যাদি[4]। ম’নপাপ্ৰধান প্ৰবন্ধ: ম’নপা (জনগোষ্ঠী)
ম’নপা জনগোষ্ঠীৰ লোকসকল সাধাৰণ, শান্ত আৰু ভদ্ৰ প্ৰকৃতিৰ লোক। তেওঁলোকৰ সাজ-পোছাকসমূহত শিল্পীসুলভ চানেকি পোৱা যায়। তেওঁলোকৰ সাম্প্ৰদায়িক জীৱন চহকী আৰু সুখী। তেওঁলোকে মহামায়া বৌদ্ধ ধৰ্ম মানি চলে। প্ৰত্যক ঘৰতে এটা উপাসনা গৃহ (chapel) সংলগ্ন হৈ থাকে[4]। নিচিপ্ৰধান প্ৰবন্ধ: নিচি (জনগোষ্ঠী)
নিচি জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী। তেওঁলোক নামনি সোৱণশিৰি জিলাৰ অধিকাংশ অঞ্চলত বাস কৰে। পুৰুষসকলে চুলি দীঘলকৈ ৰাখে আৰু কপালৰ ওপৰত এটা গাঁথি দি থয়। কঁকালৰ চাৰিওফালে বেতৰ ফিটা (cane band)ৰে বান্ধি থয়। তেওলোকে বিশ্বাস কৰে যে, মৃত্যুৰ পাছত মানুহৰ আত্মা পূৰ্বপুৰুষৰ গাঁও (village of the ancestors)লৈ গুচি যায়। চুলুঙ (Sulung) অথবা পুৰৈক (Puroik) সকল হৈছে অঞ্চলটোৰ নিচি জনগোষ্ঠীৰ আটাইতকৈ পুৰণি লোক। তেওঁলোকৰ সাজ-পোছাক তেনেই সাধাৰণ আৰু তেওঁলোকৰ ধৰ্ম আদিম আত্মা সংস্কৃতি (spirit culture)ৰ কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে[4]। খামতিপ্ৰধান প্ৰবন্ধ: খামতি (জনগোষ্ঠী)
বিশ্বাস কৰা হয় যে, বাৰ্মাৰ ছান ৰাজ্যৰ পৰা খামতি জনগোষ্ঠীৰ লোকসকল প্ৰব্ৰজিত হৈ আহিছে। খাময়াং (Khamyang) জনগোষ্ঠী হৈছে খামতি জনগোষ্ঠীৰ অন্তৰ্গত। খামতি জনগোষ্ঠী হৈছে অৰুণাচলৰ প্ৰদেশৰ এনে এটা জনগোষ্ঠী যাৰ নিজা লিপি আছে। তেওঁলোক বৌদ্ধ ধৰ্মাৱলম্বী (হিনায়ানা পদ্ধতি, Hinayana cult) লোক। তেওঁলোকে মৃতদেহসমূ্হ শৱাধাৰ (coffin)ত পোতে[4]। ৱানছ’প্ৰধান প্ৰবন্ধ: ৱানছ’ (জনগোষ্ঠী)
ৱানছ’ জনগোষ্ঠীৰ লোকসকল নাগালেণ্ড সীমান্তত অৱস্থিত টিৰাপ জিলাৰ পশ্চিম ভাগত বাস কৰে। তেওঁলোক ৰঙিয়াল আৰু কঠোৰ পৰিশ্ৰমী লোক। পূৰ্বতে শিৰশ্চেদ (Head hunting) কৰা তেওঁলোকৰ পৰম্পৰা আছিল[4]। এইয়া ৱানছ’ জনগোষ্ঠীসকলৰ নানান সামাজিক কামৰ লগত জড়িত আছিল। তেওঁলোকৰ সমাজ খনক চাৰিটা ভাগত ভাগ কৰা হৈছে: ৱাংঘাম (Wanghams, মুখিয়াল), ৱাংপানা (Wangpana), ৱাংগাৱে (Wangaue) আৰু ৱাংগা (Wangaa)। তেওঁলোকৰ সমাজৰ আইন-কানুন যথেষ্ট কঠোৰ আছিল। এখন গাঁও পৰিষদ (village council)ৰ দ্বাৰা সমাজখন পৰিচালনা কৰা হৈছিল। সমগ্ৰ জনগোষ্ঠীটো গাঁৱখনৰ প্ৰায় ৪০টা সংঘ (confederacy)ত ভাগ কৰা হৈছিল। গাৰ ছালত বেজীৰে খুচি চিত্ৰ অঁকা তেওঁলোকৰ সামাজিক ৰীতি আছিল। তেওঁলোকে দুজন শক্তিশালী দেৱ-দেৱী আছে বুলি বিশ্বাস কৰে: ৰঙ (Rang) আৰু বাওৰাঙ (Baurang) [4]। ৱানছ’ জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী যদিও শিল্পীসুলভ সামগ্ৰীসমূহ ব্যৱহাৰ মুখিয়ালৰ পৰিয়ালৰ মাজতে সীমিত আছিল। তেওঁলোক দাৰু-শিল্পটো দক্ষ। ন’ক্তেপ্ৰধান প্ৰবন্ধ: ন’ক্তে (জনগোষ্ঠী)
ন’ক্তে জনগোষ্ঠীৰ লোকসকল টিৰাপ জিলাৰ মাজ ভাগত, ৱানছ’ সকলৰ পূবত বসবাস কৰে। তেওঁলোকৰ সমাজখন দুজন শক্তিশালী মুখিয়াল: নামচাঙ (Namsang) আৰু বৰদুৰীয়া (Borduria)ৰ দ্বাৰা সুচাৰুৰূপে পৰিচালিত[4]। তেওঁলোকে বৈষ্ণৱ ধৰ্ম মানি চলে আৰু অসমৰ নাজিৰাৰ বাৰেঘৰ সত্ৰৰ শিষ্য আছিল। বাৰেঘৰ সত্ৰৰ প্ৰতিষ্ঠাতা-সত্ৰাধিকাৰ শ্ৰী ৰাম দেৱ আতাৰ ঘনিষ্ঠ বন্ধু নগা নৰোত্তম তেওঁৰ প্ৰথম শিষ্য আছিল। ন’ক্তে জনগোষ্ঠীৰ লোকসকল মূলতঃ নিমখ উৎপাদনৰ বাবে পৰিচিত আছিল। নিমখেই তেওঁলোকৰ বেপাৰ আৰু বিনিময় (barter)ৰ মুখ্য সামগ্ৰী আছিল। তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে ব্যৱসায়ৰ বাবে পাণ উৎপাদন কৰিছিল[4]। তাগিনতাগিন জনগোষ্ঠীৰ লোকসকল উজনি সোৱণশিৰি জিলাত বসবাস কৰে। তেওঁলোক সাধাৰণতে কৃষিজীৱি। পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়। তেওঁলোকৰ সাজ-পোছাক তেনেই সাধাৰণ। মাত্ৰ এখন কাপোৰৰ দ্বাৰাই শৰীৰটো আৱৰি ৰাখে[7]। য়’বিনয়’বিন জনগোষ্ঠীৰ লোকসকলক লিছু বুলিও জনা যায়। এই লোকসকল টিৰাপ জিলাৰ পূব প্ৰান্তত বসবাস কৰে। তেওঁলোক শান্ত আৰু সাধাৰণ প্ৰকৃতিৰ লোক। তেওঁলোকৰ নিজা সংস্কৃতি, ধৰ্ম আৰু উপভাষা আছে[8]। ছেৰ্ডুকপেনছেৰ্ডুকপেন হৈছে এটা সৰু জনগোষ্ঠী। তেওঁলোক ভাল খেতিয়ক যদিও বেপাৰ-বাণিজ্যত বেছি গুৰুত্ব দিয়ে। তেওঁলোক সাধাৰণতে মহামায়া বৌদ্ধ ধৰ্ম (Mahayana Buddhism) আৰু জনগোষ্ঠীয় magico-religiousত বিশ্বাস কৰে[4]। লগতে চাওকতথ্য সূত্ৰ
বাহ্যিক সংযোগ |