টিৰাপ জিলা
টিৰাপ জিলা (Tirap district, Pron:/tɪˈɹæp/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। ইতিহাসঐতিহাসিক দিনৰে পৰা টিৰাপ জিলাত স্থানীয় জনজাতিৰ পূৰ্বপুৰুষসকলে বসবাস কৰি আহিছে। প্ৰায় ১৬শ শতিকাত আহোম ৰাজত্বৰ সময়ত স্থানীয় ন’কটে জনজাতিৰ লোকসকলে এই জিলাত প্ৰৱেশ কৰে। ১৯৪৫-ৰ যুদ্ধৰ পিছত জাপানী সৈন্যই কিছুদিন এই অঞ্চল দখল কৰিছিল। শেহতীয়াকৈ নগা প্ৰতিবাদী সন্থা এন এছ চি এনে বৃহত্তৰ নাগালিমত টিৰাপ জিলাক অন্তৰ্ভুক্ত কৰিবলৈ দাবী কৰি আহিছে। ১৯৯৭ চনৰ ১৪ নৱেম্বৰত এই জিলাৰ একাংশ পৃথক কৰি চাংলাং জিলা গঠন কৰা হয়। ২০১৩ চনত পুনৰ টিৰাপ জিলাক বিভক্ত কৰি লংডিং জিলা সৃষ্টি কৰা হয়।[2] ভৌগোলিক বিৱৰণটিৰাপ জিলাৰ মুঠ মাটিকালি ২৩৬২ বৰ্গ কিলোমিটাৰ।[3] এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা উত্তৰ-দক্ষিণে ২০০ মিটাৰৰ পৰা পাটকাই পাহাৰত ৪০০০ মিটাৰ পৰ্যন্ত। প্ৰশাসনিক বিভাগটিৰাপ জিলাত অৰুণাচল প্ৰদেশ বিধানসভা চাৰিটা সমষ্টি আছে- নামচাং, পূব খ'নছা, পশ্চিম খ'নছা আৰু বৰডুৰীয়া-বগাপানী (Borduria-Bogapani)। এই সকলোবোৰ ঠাই পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[4] জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি টিৰাপ জিলাৰ জনসংখ্যা ১,১১,৯৯৭ জন।[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৩।[5] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৭ জন।[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১.৬৩%।[5] টিৰাপ জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩১ গৰাকী।[5] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫২.২৩%।[5] টিৰাপ জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোকৰ অধিকাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী। প্ৰায়ভাগ লোকেই নগা জনজাতীয় লোক আৰু ক’নিয়াক, ৱাংচ’ সকলৰ ওচৰ সম্পৰ্কীয়। এই লোকসকলে পালন কৰা প্ৰধান উৎসৱৰ ভিতৰত ন’কটেসকলৰ ল’কু (Loku), ৱাংচু সকলৰ উৰিয়া (Oriya বা Ojiyele) আৰু টুট্সা সকলৰ পংটু (Pongtu) উৎসৱেই উল্লেখযোগ্য। অৰুণাচল প্ৰদেশৰ ভিতৰতৰ পোনপ্ৰথমে টিৰাপ জিলালৈ খ্ৰীষ্টান ধৰ্মৰ আগমণ ঘটিছিল। শিক্ষাৰামকৃষ্ণ মিছন স্কুল টিৰাপ জিলাৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|