কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷[2] এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷[1] ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷
ইতিহাস
২০১৩ ডিচেম্বৰৰ পৰাই ই জিলাৰ গঠনৰ বাবে দাবী উত্থাপন হৈ আহিছিল৷[3][4] ২০১৭ চনৰ ১৫ ডিচেম্বৰত জিলাখনৰ প্ৰতিষ্ঠাপন কৰা হয়।[5]
ভৌগোলিক অৱস্থান
কামলে জিলাখন নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলাৰ একাংশ লৈ গঠন কৰা হৈছে৷[6] [7]
তথ্যসূত্ৰ