মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই প্ৰৱিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক ১৩-১৪ শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতিয়মান কৰিছে।[1][2][3][4][5][6] মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন[7] পুৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তাম্ৰেশ্বৰী, বুঢ়া-বুঢ়ী থান, নক্সাপৰ্বত, ইত্যাদিত দেখা পোৱা যায়।[8] ইয়াৰ ভিতৰতে তাম্ৰেশ্বৰীৰ চিহ্ন বোৰ ১৪৪২ খৃষ্টাব্দত চুতীয়া ৰজা মুক্তধৰ্মনাৰায়ণে নিৰ্মাণ কৰা দেৱালত দেখা পোৱা গৈছিল।[9] গতিকে ইয়াৰ পৰা ধৰিব পাৰি যে মালিনী থানখনো এইকেইটা বংশৰে পুৰ্বৰ ৰজা এজনে নিৰ্মাণ কৰাইছিল।[10] উল্লেখযোগ্য যে ১০ শতিকাত লিখা কালিকা পুৰাণত তাম্ৰেশ্বৰী মন্দিৰৰ বিষয়ে আছে যদিও মালিনী থানৰ কথা পোৱা নাযায়।
ঐতিহ্য
মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তি পীঠ।[11] উল্লেখযোগ্য যে চুতীয়া ৰজা সকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থান খনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোক বিশ্বাস জড়িত হয়।
↑Hannay, S.F, Journal of the Asiatic society of Bengal 1848, p.467.
↑"If architectural continuity is admitted between the fortifications in the Sadiya region and the Burai river ruin site, it would be possible to believe that the kingdom of these rulers(Chutia) extended as far as the outer limit of Darrang district." Neog, Maheswar, Lights on a Ruling Dynasty of Arunachal Pradesh, p.218