টাৱাং
টাৱাং (ইংৰাজী: Tawang) অৰুণাচল প্ৰদেশৰ এখন পৰ্যটনথলী। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,০৪৮ মিটাৰ (10,000 ফুট) উচ্চতাত থকা এই ঠাইখন ৰাজ্যখনৰ উত্তৰ-পশ্চিম প্ৰান্তত অৱস্থিত। টাৱাঙক চীনে মাজে সময়ে দক্ষিণ তিব্বতৰ অন্তৰ্গত বুলি দাবী কৰে।[1][2] এসময়ত টাৱাং, কামেং জিলাৰ সদৰ আছিল কিন্তু পিছলৈ টাৱাং জিলাৰ সদৰ হিচাবে ঘোষণা কৰা হয়। ভূগোলিক বিৱৰণটাৱাং সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ ফুট উচ্চতাত অৱস্থিত। গুৱাহাটীৰ পৰা দূৰত্ব প্ৰায় ৫৫৫ কিঃমিঃ আৰু তেজপুৰৰ পৰা প্ৰায় ৩২০ কিঃমিঃ। জলবায়ু
বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ= ১৪৮.০০ মিঃমিঃ।[3]
ইতিহাসস্থানীয় লোকসকলে বিশ্বাস কৰে যে, টাৱাং নামটো টাৱাং ধৰ্মশালাৰ পৰা লোৱা। টা মানে ঘোঁৰা আৰু ৱাং মানে বাছিলোৱা। আদিতে টাৱাং মন্পা লোকসকলৰ বাসস্থান আছিল। ৫ম দালাই লামাৰ ইচ্ছা অনুসৰি, মৰেক লামা লডৰে গায়ষ্ঠেই টাৱাং মনেষ্ট্ৰিটো ১৬৮১ চনত স্থাপন কৰিছিল। ১৯১৪ চনত তিব্বত আৰু ভাৰতৰ মাজত নতুন আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা হৈছিল। ১৯৩৫ চনত ইণ্ডো-ভাৰতীয় নিৰ্ধাৰণ কৰা হয় আৰু তিব্বত চৰকাৰে টাৱাঙক ভাৰতৰ হাতত গতাই দিয়ে। ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ পাছত টাৱাং আৰু সমগ্ৰ অৰুণাচল প্ৰদেশ চীনৰ শাসনলৈ গুছি গৈছিল, কিন্তু কিছু অজ্ঞাত কাৰণত চীনা সৈন্যই সমগ্ৰ অঞ্চল হঠাতে এৰি গুছি যায়। সেইকাৰণে চীনে মাজে-সময়ে দাবী কৰি থকা দেখা যায়।[4] দালাই লামাৰ পদাৰ্পণ১৯৫৯ চনত চতুৰ্দশ দালাই লামা চীনা কাৰাগাৰৰ পলাই আহি টাৱাঙত উপস্থিত হয়। তেওঁ কিছুদিন মনেষ্ট্ৰীত থাকি ১৮ এপ্ৰিলত তেজপুৰলৈ আহে।[5] ২০০৩ চনত তেখেতে কৈছিল যে অৰুণাচল প্ৰদেশ প্ৰকৃততে তিব্বতৰ অংশ কিন্তু ২০০৮ চনত তেওঁ কথাৰ সুৰ সলনি কৰি ভাৰতৰে অংশ বুলি কয়।[6] শেহতীয়াকৈ দালাই লামাই ২০০৯ চনৰ ৮ নৱেম্বৰত পুনৰ টাৱাঙলৈ আহিছিল। নেপাল, ভূটান আদি কৰি বিভিন্ন স্থানৰ প্ৰায় ৩০,০০০ মানুহ উক্ত সমাবেশনত গোট খাইছিল।[7] পৰ্যটন![]() টাৱাঙলৈ আহিবলৈ হ'লে অৰুণাচল চৰকাৰৰ বিশেষ অনুমতি বা ইনাৰ লাইন পাৰ্মিট লৈহে প্ৰবেশ কৰিব পাৰি।[8] কলকাতা, গুৱাহাটী নতুন দিল্লী আৰু তেজপুৰত এনে অনুপতি পত্ৰ লাভ কৰাৰ শাখা কাৰ্যালয় আছে। তুষাৰপাতৰ ঋতুত টাৱাঙলৈ দেশ-বিদেশৰ অসংখ্য পৰ্যটক অহা দেখা যায়। টাৱাঙৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম। অক্টোবৰ পৰা মাৰ্চ মাহলৈ ইয়াত আটাইতকৈ বেছি ভিৰ পৰিলক্ষিত হয়। টাৱাঙলৈ শোণিতপুৰ জিলাৰ বালিপৰা, চেলা গিৰিপথ হৈ যাব পাৰি। ২০০৮ চনৰ জুন মাহৰ পৰা অৰুণাচল চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ পৰা টাৱাঙলৈ দৈনিক হেলিকপ্টাৰ চলাচল আৰম্ভ কৰা হয়। চিত্ৰভঁৰাল
তথ্য সূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia