কুৰুং কুমেই জিলা

কুৰুং কুমেই জিলা
অৰুণাচল প্ৰদেশত কুৰুং কুমেইৰ অৱস্থান
অৰুণাচল প্ৰদেশত কুৰুং কুমেইৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ১ এপ্ৰিল ২০১১ (2011-04-01)
সদৰ ক’ল’ৰিয়াং
মহকুমা ন্যাপিন, ক’ল’ৰিয়াং, দামিন
চৰকাৰ
 • লোকসভা সমষ্টি অৰুণাচল পশ্চিম
 • বিধানসভা সমষ্টি ২ খন (ন্যাপিন আৰু ক’ল’ৰিয়াং)
কালি
 • মুঠ
6,040 km2 (2,330 sq mi)
জনসংখ্যা
 (2011)[1]
 • মুঠ
89,717
 • ঘনত্ব 15/km2 (38/sq mi)

কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷

নামৰ উৎস

কুৰুং কুমেই জিলাৰ নাম জিলাখনৰ মাজেৰে প্ৰবাহিত দুখন মূল নদী কুৰুং আৰু কুমেইৰ নামৰ পৰা আহিছে৷ কথিত আছে যে কুৰুং আৰু কুমেই দুগৰাকী বাই-ভনী আছিল৷ বিয়াৰ উপযুক্ত বয়সত কুৰুঙে মাক-দেউতাকৰ সন্মতি নোলোৱাকৈয়ে কোনো ডেকাৰ লগত পলায়ন কৰে৷ আনহাতে কুমেইয়ে মাক দেউতাকৰ ইচ্ছানুসাৰে বিয়া পাতে৷ মাক দেউতাকে কুৰুঙক বহুতো গালি গালাজ কৰে আৰু দেহলৈ ছাঁই দলিয়ায়৷ ফলত কুৰুং নৈ আজিও ছাঁই ৰঙী আৰু ঢ়ৌ তুলি গৰ্জন কৰি বৈ গৈছে৷ কিন্তু কুমেই নৈৰ পানী পৰিস্কাৰ আৰু শান্ত৷

ইতিহাস

কুৰুং কুমেই জিলা পূৰ্বতে ’নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ট্ৰেক্টছ’ৰ অন্তৰ্গত আছিল৷ ১৯৫৪ চনত জিলাখন সোৱণশিৰি ফ্ৰন্টিয়াৰ ডিভিজনৰ অন্তৰ্ভুক্ত হয় যাক বৰ্তমান নামনি সোৱণশিৰি জিলা নামেৰে জনা যায়৷ ২০১১ চনৰ এক এপ্ৰিলৰ দিনা এই জিলাক নামনি সোৱনশিৰি জিলাৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷[2]

প্ৰশাসনিক বিভাগ

কুৰুং কুমেই জিলাৰ মহকুমা আৰু চাৰ্কোল সমূহ হৈছে:

  • ন্যাপিন মহকুমা (Nyapin Sub-Division): ন্যাপিন (Nyapin), ফাছাং (Phassang)
  • ক’ল’ৰিয়াং মহকুমা (Koloriang Sub-Division): পাৰ্ছি-পাৰল’ (Parsi-Parlo) , ক’ল’ৰিয়াং (Koloriang), চাংগ্ৰাম (Sangram)
  • দামিন মহকুমা (Damin Sub-Division): চাৰলি (Sarli), দামিন (Damin)

এই জিলাখনত অৰুণাচল প্ৰদেশ বিধান সভাৰ দুটা সমষ্টি আছে: ন্যাপিন আৰু ক’ল’ৰিয়াং৷ এই জিলা পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰো অন্তৰ্গত৷[3]

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি কুৰুং কুমেই জিলাৰ জনসংখ্যা ৮৯,৭১৭ জন৷[4] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৭৷[4] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৫ জন৷[4] ২০০১-২০১১ দশকত কুৰুং কুমেই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১১১.০১%[4] এই জিলাত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী[4] আৰু সাক্ষৰতাৰ হাৰ ৫০.৬৭%৷[4]

জনসংখ্যা আৰু মাটিকালিৰ ফালৰ পৰা জিলাখনৰ সৰ্ববৃহৎ গাওঁখন হৈছে হিয়া গাওঁ (Hiya village)৷

কুৰুং কুমেই জিলাৰ সংখ্যাগৰিষ্ঠ লোক নিচি (Nyishi), বাংৰু (Bangru) আৰু পুৰইক (Puroik) জনজাতিৰ৷

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 


বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia