পাছিঘাট
পাছিঘাট উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত পূব ছিয়াং জিলাৰ সদৰ ঠাই৷ এই নগৰখন সাগৰ পৃষ্ঠৰ পৰা ১৫৫ মিটাৰ উচ্চতাত হিমালয় পৰ্বতমালাৰ একাংশ জুৰি অৱস্থিত৷ পাছিঘাট অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰাচীনতম নগৰ বুলি জনা যায়৷[2] ইতিহাসভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ত আবৰ পাহাৰ আৰু উত্তৰৰ সমগ্ৰ অঞ্চলৰ প্ৰাশাসনৰ সুবিধাৰ্থে ১৯১১ চনত পাছিঘাট নগৰ প্ৰতিষ্ঠা কৰা হয়৷ ইয়াৰ পূৰ্বে পাছিঘাট আদি জনজাতিৰ বিভিন্ন গাঁৱৰ সমষ্টি আছিল৷ ওঠৰশ শতিকাৰ পৰা চলি অহা এংলো-আবৰ যুদ্ধ সমূহে পাছিঘাটক প্ৰশাসনিক কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ প্ৰয়োজনীতা আনি দিছিল৷ ১৯১২ চনৰ অন্তিমখন এংলো-আবৰ যুদ্ধ সংঘটিত হয়৷ ভৌগোলিক অৱস্থানপাছিঘাটৰ ভৌগোলিক অৱস্থান 28°04′N 95°20′E / 28.07°N 95.33°E.[3] এই নগৰখন সাগৰপৃষ্ঠৰ পৰা ১৫৩ মিটাৰ উচ্চতাত অৱস্থিত৷ পাছিঘাটৰ জলবায়ু সেমেকা অৰ্ধনাতিশীতোষ্ণ (humid subtropical)৷ পাছিঘাটৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ অংশটোৰ নাম দিহাং বা ছিয়াং৷ অৰ্থনীতিপাছিঘাটৰ সংখ্যাগৰিষ্ঠ লোকৰ জীৱিকাৰ মূল উপায় কৃষি৷ অঞ্চলটোত উৎপাদিত প্ৰধান শস্য ধান৷ তাৰোপৰি পাছিঘাটত কেইবাখনো বৃহৎ চাহবাগান আছে৷ জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি পাছিঘাটৰ জনসংখ্যা ২৪,৬৫৬ জন৷ [4][5] ইয়াৰে ৫০.৬৩% পুৰুষ আৰু ৪৯.৩৭% মহিলা৷ পাছিঘাটৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.৬% ৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৫.৩৩% আৰু মহিলাৰ ৭৩.৭৪%৷ পাছিঘাটৰ মুঠ জনসংখ্যাৰ ১২% ছবছৰৰ অনুৰ্ধৰ৷ নগৰখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷ সংস্কৃতিপাছিঘাফৰ অদি লোকসকলে নানা উৎসৱ যেনে চওলুং (Solung), আৰান (Aran), ইতুৰ (Etor) আদি উদযাপন কৰে৷ ইয়াৰে চওলুং আদিসকলৰ প্ৰধান উৎসৱ৷ এই উৎসৱৰ মূলত: আদিসকলৰ দেৱী Kiine-Naane ৰ আৰাধনাৰ বাবে পালন কৰা হয়৷ যাতায়তপাছিঘাট ১৫ নং ঘাইপথেদি অসমৰ গুৱাহাটী, লখিমপুৰ আৰু ইটানগৰৰ লগত সংযুক্ত৷ তাৰোপৰি ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰ নদীয়েদি ফেৰীৰে উৰিয়ামঘাটলৈ যাত্ৰা কৰাৰ সুবিধা আছে৷ উৰিয়ামঘাটৰ পৰা পাছিঘাট মাথোঁ ৩২ কিমি দুৰত্বত অৱস্থিত৷ পাছিঘাটৰ নিকটতম ৰে’লৱে ষ্টেচনটো মুৰ্কংচেলেকত অৱস্থিত৷[6] অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহণ সেৱা (Arunachal Pradesh State Transport Services) য়ো বিভিন্ন অঞ্চললৈ নিয়মীয়া বাছ সেৱা আগবঢ়ায়৷ ২০১৮ চনৰ এপ্ৰিল মাহৰ পৰা পাছিঘাটৰ পৰা গুৱাহাটীলৈ নিয়মীয়া বিমানসেৱাও আৰম্ভ হৈছে৷ জলবায়ু
পৰ্য্যটন
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|