নামচাই জিলা
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷ ইতিহাস২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2] জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1] পৰ্য্যটন
নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷ তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia