অৰুণাচল প্ৰদেশৰ জিলাসমূহঅৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।[1] ইতিহাস১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা (North-East Frontier Agency)-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: কামেং জিলা, সোৱণশিৰি জিলা, ছিয়াঙ জিলা, লোহিত জিলা, আৰু টিৰাপ জিলা। ১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলা। সেইসময়ৰ সোৱণশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱণশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱণশিৰি জিলা। ১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু দিবাং উপত্যকা জিলা। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ গঠন কৰা হয়। ১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা টাৱাং জিলা পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ টিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ টিৰাপ জিলা আৰু চাংলাং জিলাৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱণশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱণশিৰি জিলা আৰু পাপুমপাৰে জিলাৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱণশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা কুৰুং কুমেইৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা নামনি দিবাং উপত্যকা জিলাৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা অঞ্জাও জিলাৰ গঠন কৰা হয়। প্ৰশাসনজিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (ইংৰাজী: Superintendent of Police) পৰিচালনা কৰে। জিলাসমূহবৰ্তমান, অৰুণাচল প্ৰদেশ ১৭ খন জিলাৰে গঠিত। এই জিলাসমূহত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিলাসমূহ হৈছে[2]:
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia