লংডিং জিলা
লংডিং জিলা (Longding district, Pron:/lɒŋˈdɪŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা। এই জিলাখন পূৰ্বৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ একাংশ লৈ গঠন কৰা হৈছিল। ভৌগোলিক অৱস্থানলংডিং জিলাৰ দক্ষিণ আৰু পূবা-দক্ষিণাকৈ ম্যানমাৰ অৱস্থিত। এই জিলাৰ উত্তৰে অসম, পশ্চিমে নাগালেণ্ড ৰাজ্য আৰু উত্তৰ-পূব দিশত টিৰাপ জিলা অৱস্থিত। লংডিং জিলাৰ মুঠ মাটিকালি ১২০০ বৰ্গ কিলোমিটাৰ। এই জিলাৰ গড় উষ্ণতা ১৫ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰীৰ ভিতৰত।[2] ইতিহাসএই জিলাত ঐতিহাসিকভাৱে ৱাংচ’ লোকসকলে বাস কৰি আহিছে। ২০০৯ চনত ৭ আগষ্টৰ দিনা এই জিলা গঠনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয়।[3] ২০১১ চনৰ ২৬ ছেপ্টেম্বৰত এই জিলা গঠন হয়। আৰু ২০১২ চনৰ ১৯ মাৰ্চত নবাম টুকীয়ে জিলাখনৰ উদ্বোধন কৰে।[4] প্ৰশাসনিক বিভাগলংডিং জিলাত মুঠতে ছটা চাৰ্কোল আছে- লংডিং (Longding), কানুবাৰী (Kanubari), পংচাও (Pongchau), ৱাক্কা (Wakka), পুমাও (Pumao) আৰু লাওনু (Lawnu)। এই চাৰ্কোলসমূহৰ অন্তৰ্গত গাওঁ হৈছে- Longphong, Nianu, Niausa, Senua, Senua Noksa, Zedua, Nginu, Mintong, Chanu, Longchan, Chubam, Russa আৰু Rangluwa.[2] জনসংখ্যালংডিং জিলাৰ জনসংখ্যা ৫৬,৯৫৩ জন।[1] এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী ৱাংচ’ (Wancho) জনজাতিৰ। তেওঁলোকৰ কলা-সংস্কৃতিৰ নগা লোকসকলৰ সৈতে যথেষ্ট সাদৃশ্য আছে। তেওঁলোকে জুম খেতি কৰি শস্য উৎপাদন কৰে। কিছু সংখ্যক লোক যদিও খ্ৰীষ্টান ধৰ্মান্তৰিত হৈছে, বহুতো স্থানীয় লোকে এতিয়াও পূৰ্বৰ দৰেই Animism অনুসৰণ কৰে। ৰাজ্যখনত বাস কৰা অন্যান্য জনজাতিবোৰ হৈছে ন'কটে (Nocte), ক’নিয়াক (Konyak) ইত্যাদি নগা জনজাতি। তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|