ভূদেৱীএই প্ৰবন্ধটো হিন্দু পুৰাণিক দেৱীৰ বিষয়ে। পৃথিৱীৰ শুকান পৃষ্ঠভাগে আৱৰি থকা অংশৰ বাবে মাটি চাওক।
ভূদেৱী বা ভূমি হৈছে পৃথিৱী মাতৃক (ধৰিত্ৰী) প্ৰতিনিধিত্ব কৰা এগৰাকী হিন্দু দেৱী। তেওঁ বিষ্ণুৰ বৰাহ অৱতাৰৰ পত্নী আৰু নৰকাসুৰ আৰু মংগলৰ মাতৃ আছিল। ৰামৰ পত্নী সীতাৰ জন্মও পৃথিৱীৰ পৰাই হৈছিল, এনেদৰে সীতাও ভূমিৰ আধ্যাত্মিক সন্তান আছিল।[1] ব্যুৎপত্তি![]() "ভূমি" নামটো সংস্কৃত শব্দ 'পুহুমী'ৰ পৰা আহিছে (যিটো দেৱীৰ মূল নাম)৷ ভূদেৱীক ভুৱতী, ভূৱানী, ভুৱনেশ্বৰী, অৱনী, পৃথ্বী, বৰাহী, ধৰিত্ৰী, ধৰণী, বসুধা, বসুন্ধৰা, বৈষ্ণৱী, কাশ্যপী, উৰ্ভি, ইৰা, মহী, ভূ, বসুমতী, মেদিনী, ভূমি, ক্ষিতি, ৰত্নগৰ্ভা, হেমা, হিৰন্মায়াৰ আদি নামৰে জনা যায়। সংগী আৰু সন্তান![]() ভূদেৱী হৈছে বিষ্ণুৰ বৰাহ অৱতাৰৰ সংগী।[2] সত্য যুগত, হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষই পৃথিৱীখনক অপহৰণ কৰি মহাজাগতিক মহাসমুদ্ৰৰ তলত লুকুৱাই ৰাখিছিল। দেৱ-দেৱীসকলে হিৰণ্যক্ষৰ অত্যাচাৰ ৰোধ কৰিবলৈ আৰু পৃথিৱী (ধৰিত্ৰীদেৱী)খনক ৰক্ষা কৰিবলৈ বিষ্ণুক প্ৰাৰ্থনা কৰিছিল আৰু বিষ্ণুৱে মানৱ-বৰাহ (বৰাহ) অৱতাৰ লৈ হিৰণ্যক্ষক বধ কৰি ধৰিত্ৰীদেৱীক উদ্ধাৰ কৰিছিল আৰু তেওঁ ধৰিত্ৰীদেৱীক (ভূদেৱী) বিয়া কৰাইছিল। শ্ৰীবিষ্ণুৰ বৰাহ অৱতাৰ আৰু ভূদেৱীৰ সন্তান আছিল মংগলা।[3][4] ভূদেৱী আৰু বৰাহ অৱতাৰৰ প্ৰথম সন্তান আছিল নৰকাসুৰ। নৰকাসুৰৰ জন্ম বিষয়ক দুটা কাহিনী পোৱা যায়। প্ৰথমটোত কোৱা হৈছে- তেওঁ ভূদেৱী আৰু বিষ্ণুৰ বৰাহ অৱতাৰৰ প্ৰথম সন্তান আছিল। ভূমিয়ে বৰাহক যেতিয়া এটা সন্তানৰ বাবে অনুৰোধ কৰে তেতিয়াই তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। নৰকাসুৰক যেন কেৱল তেওঁৰ মাতৃয়েহে হত্যা কৰিব পাৰে, সেই উদ্দেশ্যেৰে ভূদেৱীৰ পুত্ৰ নৰকাসুৰে এটা বৰদান লাভ কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। দ্বিতীয়টোত কোৱা হৈছে, নৰকাসুৰৰ পিতৃ হিৰণ্যাক্ষই ভূমিক স্পৰ্শ কৰোঁতে তেওঁৰ জন্ম হৈছিল।[5] সীতা দেৱী পৃথিৱীৰ পৰা উদ্ভৱ হৈছিল, এনেদৰে ভূদেৱী সীতাৰ আধ্যাত্মিক মাতৃ আছিল। এবাৰ, দেৱী সীতাৰ নগৰাঞ্চল মিথিলাত খৰাং হৈছিল আৰু সীতাৰ পিতৃ জনকে সেই মাটিত হাল বাই আছিল। তেওঁৰ হালৰ তলত, তেওঁ এটা কেঁচুৱা (সীতা) পায়। প্ৰবাদ আছে যে, সন্তানটো পোৱাৰ পিছতে মিথিলাত বৰষুণ হৈছিল। জনক আৰু তেওঁৰ পত্নী সুনয়নাই ছোৱালীজনীক গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু যিহেতু পৃথিৱীৰ পৰা সীতাৰ জন্ম হৈছিল, সেয়ে তেওঁক ভূমিজা বুলিও জনা যায়।[6] ![]() সত্যভামা অৱতাৰপ্ৰধান প্ৰবন্ধ: সত্যভামা
ভূদেৱীৰ পুত্ৰ নৰকাসুৰে বৰ প্ৰাপ্তিৰ পিছত, তেওঁৰ শক্তিৰ বাবে অহংকাৰী আৰু গৌৰৱান্বিত হৈ পৰিছিল। তেওঁ মহিলাসকলক ধৰিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকক জোৰ কৰি তেওঁৰ পত্নী কৰি লৈছিল। তেওঁ প্ৰায় ১৬ হাজাৰ মহিলাক বন্দী কৰিছিল। তেওঁ স্বৰ্গৰ ৰজা ইন্দ্ৰকো পৰাস্ত কৰিছিল আৰু স্বৰ্গখনক নিয়ন্ত্ৰণ কৰিবলৈ লৈছিল। প্ৰাপ্ত কৰা বৰৰ বাবে কোনেও তেওঁক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল। নৰকাসুৰে আনকি ইন্দ্ৰৰ মাক অদিতিৰ কাণৰ ফুলিযোৰো চুৰ কৰি আনিছিল আৰু তেওঁৰ মাতৃ ভূদেৱীলৈ বুলি দিছিল। ইন্দ্ৰই তেওঁক হত্যা কৰিবলৈ কৃষ্ণক অনুৰোধ কৰিছিল। কেৱল মাকৰ হাতেৰেহে মৃত্যু হ'ব বুলি নৰকে বৰ লাভ কৰিছিল। নৰকক হত্যাৰ উদ্দেশ্যে কৃষ্ণ অৱতাৰৰ সময়ত ভূদেৱীয়ে সত্ৰাজিৎৰ কন্যা সত্যভামা হিচাপে অৱতাৰ লৈছিল। সত্যভামাৰ কৃষ্ণৰ সৈতে বিয়া হৈছিল আৰু তেওঁলোকে পিছত নৰকাসুৰক হত্যা কৰিছিল।[7]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia