গৰু
এই প্ৰবন্ধটো স্তন্যপায়ী প্ৰাণীবিধৰ বিষয়ে। হিমাংশু প্ৰসাদ দাস পৰিচালিত একে নামৰ অসমীয়া চলচ্চিত্ৰখনৰ বাবে গৰু (চলচ্চিত্ৰ) চাওক।
গৰু (ইংৰাজী: Cattle; —সামগ্ৰিকভাৱে cows বোলে।)[টোকা 1]— হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। ইহঁত Bovinae উপ-পৰিয়ালৰ আধুনিক সদস্য, Bos গণৰ অতি বিস্তাৰিত প্ৰজাতি, আৰু বেছিভাগকে Bos taurus বুলি শ্ৰেণীবিভাজিত কৰা হৈছে আৰু টাউৰিন গৰু বুলিও কোৱা হয়। পূৰ্ণবয়স্ক মাইকী গৰুক গাই (cows) আৰু পূৰ্ণবয়স্ক মতা গৰুক ষাঁড় (bulls) বা বলধ বোলে। কম বয়সীয়া মাইকী গৰুক দামুৰি (heifers), কম বয়সীয়া মতা গৰুক দমৰা (oxen বা bullocks) আৰু বন্ধ্যাকৰণ কৰা মতা গৰুক ইংৰাজীত ষ্টিয়াৰ (steers) বুলি জনা যায়। গৰুৰ পৰা খাদ্য হিচাপে মাংস, গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰী আহৰণ কৰা হয়। গৰু গাড়ী চলোৱা, হাল বোৱা আদি কাৰ্যটো গৰু ব্যৱহাৰ কৰা হয়। নোম, চামৰা, আৰু ইন্ধন আৰু সাৰৰ বাবে গোৱৰ আদি গৰুৰ পৰা আহৰিত অন্য সামগ্ৰী। ভাৰতৰ দৰে কিছুমান অঞ্চলত গৰুক বিশেষ ধৰ্মীয় মান্যতা প্ৰদান কৰা হয় আৰু গো বধ কৰা অপৰাধ হিচাপে গণ্য কৰা হয়।[1] ইউৰোপ আৰু এছিয়া, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ নাতিশীতোষ্ণ অঞ্চলত টাউৰিন গৰু ব্যাপকভাৱে পোৱা যায়। প্ৰধানকৈ ভাৰত আৰু এছিয়া, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলত পোৱা সৰু আকাৰৰ গৰুৰ প্ৰজাতিটোক জেবু (zebu; বৈজ্ঞানিক নাম: Bos indicus) বুলি কোৱা হয়। ছাংগা নামৰ অন্য এটা উপ-প্ৰজাতিৰ গৰু মূলতঃ উপ-চাহাৰা আফ্ৰিকাত পোৱা যায়। এই প্ৰকাৰসমূহক কেতিয়াবা পৃথক প্ৰজাতি বা উপপ্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হয়। গৰুৰ সামগ্ৰিক প্ৰজাতিবোৰক ১০০০ৰো অধিক স্বীকৃতিপ্ৰাপ্ত জাতত বিভক্ত কৰা হৈছে। প্ৰায় ১০,৫০০ বছৰ আগতে তুৰস্কৰ মধ্য আনাটোলিয়া, লেভেণ্ট আৰু পশ্চিম ইৰাণত অৰ’কছ নামৰ গৰুৰ এক পূৰ্বপুৰুষৰ পৰা টাউৰিন গৰু পোহনীয়া কৰা হৈছিল। ভাৰত উপমহাদেশত এক পৃথক পোহনীয়াকৰণৰ ফলত জেবু গৰুৰ উদ্ভৱ হৈছিল। ২০২২ চনলৈকে বিশ্বত প্ৰায় ৯৪ কোটিতকৈ অধিক গৰু আছিল। বিশ্বৰ প্ৰায় ৭% সেউজ গৃহ গেছৰ নিৰ্গমনৰ বাবে গৰুক দায়ী কৰা কয়। সম্পূৰ্ণ মেপ কৰা জিনমযুক্ত প্ৰাথমিক পোহনীয়া প্ৰাণীবোৰৰ ভিতৰত গৰু অন্যতম। টোকা
|
Portal di Ensiklopedia Dunia