হিৰণ্যকশিপু
হিৰণ্যকশিপু (ইংৰাজী: Hiranyakashipu, হিৰণ্যকাশ্যপ বুলিও জনা যায়) হিন্দু ধৰ্মগ্ৰন্থৰ মতে, এক মহাপ্ৰতাপী অসুৰ ৰজা। তেওঁ আছিল ঋষি কাশ্যপ আৰু দিতিৰ পুত্ৰ আৰু বিষ্ণুভক্ত প্ৰহ্লাদৰ পিতৃ৷ হিৰণ্যাক্ষ তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু হোলিকা ভনী আছিল। হিৰণ্যকশিপুৰ জ্যেষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰে প্ৰহাৰ কৰিছিল। ইয়াৰ দ্বাৰা ক্ষোভিত হৈ, হিৰণ্যকশিপুৱে ঘোৰ তপস্বী কৰি ভগৱান ব্ৰহ্মাৰ পৰা বৰ প্ৰাপ্ত কৰিবলৈ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে তেওঁক হত্যা কৰে।[1] কিংবদন্তি মতে, হিৰণ্যকশিপুয়ে ব্ৰহ্মাৰ পৰা এক বৰদান লাভ কৰি অতিশয় পৰাক্ৰমী হৈ উঠিছিল। হিৰণ্যকশিপুৰ কাহিনীটো তিনিটা ভাগত আছে। প্ৰথমটো হ’ল- জয় আৰু বিজয় নামেৰে শ্ৰীবিষ্ণুৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী আছিল আৰু চাৰি কুমাৰে অভিশাপ দিয়াৰ ফলত তেওঁলোক অসুৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ হিচাপে জন্ম গ্ৰহণ কৰিছিল। দ্বিতীয় অংশত হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি বৰ লোৱাৰ কথা কৈছে। অন্তিম অংশত তেওঁৰ পুত্ৰ প্ৰহ্লাদক (বিষ্ণুৰ এজন ভক্ত) হত্যা কৰাৰ প্ৰচেষ্টা কৰাৰ কথা আৰু পৰৱৰ্তী সময়ত নৰসিংহৰ হাতত মৃত্যু হোৱাৰ কথা কোৱা হৈছে। জন্ম কাহিনীভাগৱত পুৰাণ অনুসৰি, হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ; জয় আৰু বিজয় নামেৰে ভগৱান শ্ৰীবিষ্ণুৰ বৈকুণ্ঠৰ দ্বাৰপাল বা দুৱৰী আছিল। যিয়ে চাৰি কুমাৰৰ অভিশাপৰ ফলত পৃথিৱীত জন্মগ্ৰহণ কৰিবলগীয়া হৈছিল। সত্য যুগত, হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ দিতি (দক্ষ প্ৰজাপাতিৰ কন্যা) আৰু ঋষি কশ্যপৰ পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল।[2] আৰাধনাহিৰণ্যকশিপুৰ জ্যেষ্ঠ ভাতৃ হিৰণ্যাক্ষ বিষ্ণুৰ বৰাহ অৱতাৰৰ হাত মৃত্যু হোৱাৰ পাছত, হিৰণ্যকশিপু বিষ্ণুক ঘৃণা কৰিবলৈ লয়। তেওঁ এক চমৎকাৰী শক্তি প্ৰাপ্ত কৰিবলৈ দেৱসকলৰ মাজৰ ব্ৰহ্মাক তপস্যা কৰিবলৈ সিদ্ধান্ত লয় আৰু বিশ্বাস কৰে যে, তেওঁ বহু বছৰ ধৰি মহান তপস্যা কৰিলে তেওঁক বৰ প্ৰদান কৰিব, যেনেদৰে তেওঁ ৰাক্ষকসকলক শক্তি প্ৰদান কৰিছিল। ব্ৰহ্মাই হিৰণ্যকশিপুৰ তপস্যাত মুগ্ধ হয়[3] আৰু হিৰণ্যকশিপুৰ আগত উপস্থিত হৈ তেওঁৰ পছন্দৰ এক বৰ খুজিবলৈ কয়। কিন্তু যেতিয়া হিৰণ্যকশিপুৱে অমৰত্ব বিচাৰিলে, বহ্মা অস্বীকাৰ কৰে, তেতিয়া হিৰণ্যকশিপু নিম্নলিখিতসমূহৰ বাবে অনুৰোধ কৰে :
হোলীহিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু সেয়ে প্ৰহ্লাদক তেওঁৰ ভনী হোলিকাৰ সৈতে জ্বলি থকা চিতা এটাত বহিবলৈ দিছিল। হোলিকাৰ এখন বিশেষ কাপোৰ আছিল যিখনে জুইয়ে ক্ষতিকৰাত প্ৰতিহত কৰিছিল। প্ৰহ্লাদ আছিল বিষ্ণুৰ পৰম ভক্ত আৰু সেয়ে তেওঁ বিষ্ণুৰ নাম জপ কৰিছিল আৰু ধৰ্ম অধৰ্মৰ যুদ্ধত হোলিকা জ্বলি গৈছিল কিন্তু প্ৰহ্লাদৰ একো হোৱা নাছিল। হিন্দু ধৰ্মাৱলম্বী লোকসকলে হোলিকা দহন হোৱাটোক হোলী উৎসৱ হিচাপে পালন কৰে।[5][6] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|