নৰকাসুৰএই প্ৰবন্ধটো নৰকাসুৰ ৰজাৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে নৰকাসুৰ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ভাগৱত পুৰাণত উল্লেখ থকা মতে নৰকাসুৰ বা নৰক ভূমি (ভূদেৱী) আৰু বৰাহৰ (বিষ্ণুৰ তৃতীয় অৱতাৰ) পুত্ৰ। বিদেহৰ (উত্তৰ বিহাৰ) ৰজা জনকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। বাণাসুৰৰ প্ৰভাৱত তেওঁ অত্যাচাৰী হৈ পৰিছিল।[1] তেওঁ শেষ দানৱ ৰজা ঘটকাসুৰক সিংহাসনচ্যুত কৰি প্ৰাগজ্যোতিষ ৰাজ্য স্থাপন কৰিছিল। পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্ৰঙলৈ তেওঁৰ ৰাজ্য বিস্তৃত আছিল।[2] তেওঁ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া পাতিছিল। পাছলৈ শ্ৰীকৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হয়। নৰকাসুৰৰ কিংবদন্তি অসমৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ; কাৰণ কামৰূপ শাসন কৰা কেইবাটাও ৰাজবংশ নৰকাসুৰৰ পৰাই হোৱা বুলি কোৱা হয়। গুৱাহাটীৰ দক্ষিণত তেওঁৰ নামেৰে এটা পাহাৰ আছে। শক্তি দেৱী আৰু উপাসনাৰ স্থান কামাখ্যাৰ সৈতেও তেওঁৰ নাম যুক্ত কৰা হয়। ইতিহাসৰামায়ণ আৰু মহাভাৰতৰ প্ৰথম শতিকাৰ পাছত লিখা অংশবোৰত নৰকাসুৰ আৰু তেওঁৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ উল্লেখ আছে। তেওঁৰ পুত্ৰ ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ অংশগ্ৰহণ কৰিছিল বুলি কোৱা হয়। বৰাহ প্ৰজাপতিৰ কথা শতপথ ব্ৰাহ্মণত আছে যদিও আনুমানিক পঞ্চম শতিকাত ৰচিত "হৰিবংশ"ত ভূমিৰ সংস্পৰ্শত পুত্ৰ উপজাৰ কথা উল্লেখ আছে। বিষ্ণু পুৰাণত নৰকৰ এই কাহিনী বহলাই কোৱা হৈছে। আৰু পাছলৈ ৰচিত ভাগৱত পুৰাণত এই কাহিনী পুনৰ বৰ্ণোৱা হৈছে। অসমত ৰচিত উপপুৰাণ কালিকা পুৰাণত (১০ম শতিকা) নৰকাসুৰৰ কিংবদন্তি আটাইতকৈ বেছি বৰ্ণিত হৈছে। ইয়াত সীতাৰ পিতৃ বিদেহৰ জনকৰ কাহিনীও নৰকাসুৰৰ কাহিনীৰ লগত যুক্ত কৰা হৈছে। কিংবদন্তিনৰকৰ মাতৃ ভূমি দেৱীয়ে বিষ্ণুক বৰ খুজিছিল যে তেওঁৰ পুত্ৰই যেন দীৰ্ঘ জীৱন লাভ কৰে আৰু তেওঁ শক্তিশালী হয়। বিষ্ণুৱে এই বৰ পূৰণ কৰে। লগতে বিষ্ণুৱে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকায়। প্ৰথম অৱস্থাত ভালকৈ শাসন কৰা নৰকাসুৰ শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি অত্যাচাৰী হৈ উঠে। নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰাবলৈ প্ৰস্তাৱ দিয়ে। দেৱীক কওঁতে দেৱীয়ে চৰ্ত ৰাখিলে যে কুকুৰাই ৰাতিপুৱা হোৱাৰ জাননী দিয়াৰ আগতেই যদি নৰকে নীলাচল পাহাৰৰ তলৰ পৰা মন্দিৰলৈকে এৰাতিৰ ভিতৰতে খটখটী নিৰ্মাণ কৰিব পাৰে তেন্তে তেওঁ বিয়া কৰাবলৈ ৰাজী হ'ব। নৰকাসুৰে সেইমতে খটখটী নিৰ্মাণ কৰি ৰাতিপুৱাৰ আগতেই শেষ কৰিবৰ উপক্ৰম হ'ল। কামাখ্যা দেৱীয়ে তেতিয়া ভয় খাই কুকুৰা এটাৰ ডিঙিত চেপা মৰাত সি ডাক দিলে। নৰকেও ৰাতি পুৱাল বুলি ভাবি কামটো আধাতে এৰিলে। পাছলৈ আচল কথা গম পাই নৰকে কুকুৰাটো খেদি খেদি বধ কৰে। এতিয়াৰ দৰং জিলাত "কুকুৰাকটা" নামৰ ঠাই এখন আছে। আনহাতে অসমাপ্ত খটখটীটোক "মেখেলা-উজোৱা পথ" বুলি কোৱা হয়। ইয়াৰ পাছত বশিষ্ঠ মুনিক কামাখ্যা মন্দিৰত উপাসনা কৰিবলৈ অনুমতি নিদিয়াত মুনিয়ে নৰক আৰু দেৱীক অভিশাপ দিয়ে যে এই মন্দিৰত পূজা কৰা কাৰো মনোবাঞ্ছা পূৰ্ণ নহয়। শিৱৰ হস্তক্ষেপত এই অভিশাপ তিনি বছৰলৈ সীমিত হয়। এনেকৈ নৰকাসুৰ বিষ্ণু আৰু কামাখ্যাৰ অপ্ৰিয়ভাজন হৈ উঠে।[2] পৃথিৱীৰ সকলো ৰাজ্য জয় কৰি উঠি নৰকাসুৰে স্বৰ্গ আক্ৰমণ কৰে আৰু ইন্দ্ৰ পলাবলৈ বাধ্য হয়। ইয়াৰ পাছত নৰকে অদিতি দেৱীৰ কুণ্ডলযোৰ চুৰ কৰে আৰু ১৬০০০ স্ত্ৰীক অপহৰণ কৰি লৈ যায়।[3] ইন্দ্ৰকে ধৰি সকলো দেৱতা বিষ্ণুৰ ওচৰলৈ গৈ নৰকাসুৰৰ বিনাশৰ বাবে কাকূতি কৰে। বিষ্ণুৱে কৃষ্ণ অৱতাৰত সেই কাম সমাপণ কৰিব বুলি কথা দিয়ে। বিষ্ণুৱে ভূদেৱীক দিয়া বৰ অনুসৰি নৰকে দীৰ্ঘ জীৱন লাভ কৰিছিল। পাছলৈ কৃষ্ণৰ ভাৰ্যা সত্যভামাৰ (তেওঁক ভূদেৱীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়) সম্পৰ্কীয় অদিতিয়ে সত্যভামাক নৰকাসুৰৰ কুকীৰ্তি কয়। সত্যভামাই কৃষ্ণক নৰকাসুৰৰ বিপক্ষে যুদ্ধৰ বাবে মান্তি কৰোৱায়। কৃষ্ণ আৰু সত্যভামাই গৰুড়ত উঠি নৰকাসুৰৰ ৰাজ্য আক্ৰমণ কৰে। কৃষ্ণই নৰকাসুৰৰ সেনাপতি "মুৰ"ক বধ কৰাৰ বাবে তেওঁক "মুৰাৰী" বুলিও কোৱা হয়। অৱশেষত সুদৰ্শন চক্ৰৰে কৃষ্ণই নৰকাসুৰক বধ কৰে আৰু অদিতিৰ সোণৰ কুণ্ডলৰ লগতে ১৬০০০ গৰাকী স্ত্ৰীক উদ্ধাৰ কৰে। প্ৰাগজ্যোতিষপুৰৰ সিংহাসনত নৰকাসুৰৰ পুত্ৰ ভগদত্তক স্থাপন কৰা হয়। উত্তৰ গুৱাহাটীত "অশ্বক্ৰান্ত" (অৰ্থ- অশ্বৰ আৰোহণ) নামেৰে এটা মন্দিৰ আছে। বিশ্বাস কৰা হয় যে প্ৰাগজ্যোতিষপুৰ আক্ৰমণ কৰাৰ পূৰ্বে কৃষ্ণ এই ঠাইত ৰৈছিল আৰু তেওঁৰ ঘোঁৰাকেইটাই ইয়াতে পানী খাইছিল। নৰকাসুৰৰ মৃত্যুৰ পূৰ্বে তেওঁ মাতৃ সত্যভামাক অনুৰোধ কৰে যে সকলোৱে যেন তেওঁৰ মৃত্যু ৰঙীন পোহৰেৰে উদ্যাপন কৰে। সেইবাবে এই দিনটো 'নৰক চতুৰ্দশী হিচাপে (দীপান্বিতাৰ আগৰ দিনটো) পালন কৰা হয়।[4] দক্ষিণ ভাৰততো এই প্ৰথা জনপ্ৰিয়।[5] তথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
|