অসমৰ ৰেচম শিল্পঅসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ[1]। আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে। ইতিহাস১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। প্ৰায় ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।[2] কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ পাট-মুগা শিল্পৰ কথা উল্লেখ আছে[3]। মুগা ৰেচমপ্ৰধান প্ৰবন্ধ: মুগা (ৰেচম)
এন্থেহেৰিয়া এছামিনিছিছ (ইংৰাজী: Antheraea assamensis) নামৰ এবিধ পলুৰ পৰা মুগা উৎপাদন কৰা হয়। এই পলুবিধে চোম গছৰ পাত খাই জীৱন নিৰ্বাহ কৰে। মুগা পৃথিবীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়। মুগাৰ বাণিজ্যত জড়িত সকলৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষা কৰিবলৈ ২০০৬ চনৰ ২০ জুলাইত মূগাক GI (Geographical Indication - ভৌগলিক ইঙ্গিত) প্ৰদান কৰা হয়। উৎপাদনৰ ফালৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু কামৰূপ জিলাত মুগাৰ সৰ্বাধিক উৎপাদন হয়। ইয়াৰে ভিতৰত কামৰূপ জিলাৰ শুৱালকুছি হৈছে বিশ্বৰ সৰ্ববৃহত ৰেচম উৎপাদনকাৰী গাঁও আৰু মুগা উৎপাদনৰ ক্ষেত্ৰতো ই বিশ্বৰ সৰ্ববৃহত গাঁও হিছাপে স্বীকৃতি পাইছে । পাট ৰেচমপ্ৰধান প্ৰবন্ধ: পাট ৰেচম
পাট বা মালবেৰী ৰেচম (ইংৰাজী: Mulberry silk) হৈছে কেইবা প্ৰকাৰৰো পলু, বিশেষকৈ বমবেক্স মেৰী নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা এক প্ৰকাৰৰ ৰূপালী ৰেচম। অসমত এই পলুক পাট পলু বুলি কোৱা হয়। এই পলুৱে কেৱল নুনী গছ (Mulberry plant)ৰ পাত খায়। ই সম্পূৰ্ণৰূপে পোঁহনীয়া। এৰী ৰেচমপ্ৰধান প্ৰবন্ধ: এৰী ৰেচম
এৰী ৰেচম উত্তৰ-পূৱ ভাৰত আৰু চীন তথা জাপানৰ কিছু অঞ্চলত পোৱা ছেমিয়া ৰিচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। ভাৰতত এৰী ৰেচমক এণ্ডী অথবা ইৰাণ্ডী বুলিও জনা যায়। কেচেৰু আৰু এৰা গছকে আদি কৰি এৰী পলুৱে বিভিন্ন গছৰ পাত খায়। এৰী পলু বছৰত ৫-৬ বাৰ পুহিব পৰা যায়। এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে।সাধাৰণতে পলুবোৰে জন্মৰ পৰা ৩০-৩২ দিনৰ পিছতে লেটা বান্ধিবলৈ আৰম্ভ কৰে। উচ্চ উৎপাদনক্ষম পলুৰ সঁচ যেনে “বৰদুৱাৰ” আৰু “তিতাবৰ” জাত পালনৰ বাবে উপযুক্ত। বৰ্ণসংকৰ জাত যেনে (YZxGBS) আৰু (GBS x GBZ) পালন কৰি অধিক লাভৱান হ'ব পাৰি। এনে বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰ বাবে অধিক গৱেষণা কৰি থকা হৈছে। অদূৰ ভৱিষ্যতে এৰী পালক সকলে উচ্চ উৎপাদনক্ষম এৰী প্ৰজাতি লাভ কৰিব । তাপমাত্ৰা ২৫° - ২৬° ছে. গ্ৰে. আৰু ৮০-৮৫% আপেক্ষিক আৰ্দ্ৰতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত। সম্প্ৰতি ছী-২ নামৰ বৰদুৱাৰ আৰু গেনাং নামৰ দুটা স্থানীয় প্ৰজাতিৰ মাজত বৰ্ণসংকৰ কৰি এটা বৰ্ণসংকৰ জাত উদ্ভাৱন কৰা হৈছে । সচৰাচৰ ১০০ জনী চকৰীৰ কনী পুহি ৬-৭ কিলোগ্ৰাম খোলা উৎপাদনৰ ব্যতিৰকে ছী ২ ব্ৰীড পুহি ১০-১৩ কিলোগ্ৰাম খোলা উৎপাদন কৰিব পাৰি। নিৰ্মিত সাজপোচাকঅসমৰ ৰেচম শিল্পৰ লগত জড়িত অঞ্চলসমূহকামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[4][2] শুৱালকুছিৰ ৯৯ শতাংশ বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে[3]। ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮ শতাংশ পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতেই উৎপাদন হৈছিল[3]। ১৯৩৯ চনত শুৱালকুছিত তিনিশখন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮খন হৈছেগৈ[3]। আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে। আলোকচিত্ৰ
তথ্য সংগ্ৰহ
লগতে চাওকবাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia