মুগা (ৰেচম)
মুগা (ৰেচম) (ইংৰাজী: Muga silk) হৈছে এন্থেৰিয়া আছামেনছিছ প্ৰজাতিৰ পলুৰ পৰা সৃষ্টি কৰা এবিধ ৰেচম (silk)। মুগা পৃথিৱীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়।[1] বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা অসমৰ বাতাবৰণ মুগা পলুৰ বাবে অনুকূল। চোম গছ (Persea bombycina (King ex Hook.f.) Kosterm.)[2] আৰু সোঁৱালু গছৰ (Litsea monopetala (Roxb.) Pers.)[3] পাত খাদ্য হিচাপে গ্ৰহণ কৰা মুগা পলু স্বভাৱতে বৰ আলসুৱা হয়। বৰ বেছি তাপমাত্ৰাৰ সাল-সলনি ই সহ্য কৰিব নোৱাৰে।[4] তাৰোপৰি যিকোনো ধৰণৰ প্ৰদূষণেও মুগা পলুৰ জীৱন চক্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। ইতিহাসঅসমত মুগা পলুৰ পালন প্ৰথম কেতিয়াৰ পৰা প্ৰচলন হৈছিল বা কোনে আৰম্ভ কৰিছিল সেই কথা কোৱা কঠিন যদিও কৌটিল্যৰ অৰ্থশাস্ত্ৰত মুগাৰ বিষয়ে প্ৰথম উল্লেখ দেখা যায় (অৰ্থশাস্ত্ৰ, দ্বিতীয় পুথি, ১১তম অধ্যায়, ১০৪নং শ্লোক)। এয়া ৩২১ খৃষ্টপূৰ্বৰ কথা। ইয়াৰ পিছত সামূহিক স্মৃতিত অসমত মুগাৰ প্ৰচলন সদায়, অতীজৰে পৰা চলি অহা দেখা গৈছে। আহোম যুগত মূগাৰ প্ৰচলন বাৰুকৈ বাঢ়ি গৈছিল কিয়নো মুগা সূতাৰে বোৱা কিংখাপ, চোলা ইত্যাদি সেই সময়ৰ অহোম স্বৰ্গদেউ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত বহুত জনপ্ৰিয় আছিল। আৰু সেই সময়ৰ পৰা আজি পৰ্যন্ত মুগা হৈ আছে অসমৰ অৰ্থনৈতিক সম্পদৰ মাজত সৰ্বোত্তম। ১৬৬২ চনত ফৰাচী ভ্ৰমণকাৰী জিন জোচেফ টাভিৰ্নিৰে (Jean Joseph Tavernier) সৰ্বপ্ৰথমে মুগাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। ইয়াৰ পিছত মুগাৰ প্ৰথম সৰ্ববৃহৎ ৰপ্তানি হয় ১৭৯৩ চনত ইংলণ্ডলৈ যেতিয়া ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানিয়ে ২২৪ মণ্ড (১ মণ্ড = ৩৭.৩২৪ কেজি) মুগা সূতা স্বৰ্গদেউ গৌৰিনাথ সিংহৰ শাসন কালত ৰপ্তানি কৰে। বাণিজ্য১৭৯৩ চনত ২২৪ মণ্ড মুগা সূতাৰ দাম দিয়া হৈছিল ৫৩,৮৯৯ টকা। ইয়াৰ পৰাই মূগাৰ আতীজৰ মূল্যৰ অনুমান কৰিব পাৰি। বৰ্তমান সময়ত ১ কেজি মুগা সূতাৰ দাম বজাৰত ৩২০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত হ'ব পাৰে। সেয়েহে মূগাৰ বাণিজ্যত জড়িত সকলৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষা কৰিবলৈ ২০০৭ চনৰ ১৩ জুলাইত মুগাসূতাক GI (Geographical Indication - ভৌগলিক ইঙ্গিত) প্ৰদান কৰা হয়।[5] আনহাতে অসমৰ মুগা ৰেচমৰ ল'গক ৩ মাৰ্চ, ২০১৪ চনত GI প্ৰদান কৰা হয়৷[6] এই ল'গ প্ৰদান কৰাৰ পিছত মুগাৰ পৰা বনোৱা যিকোনো বস্ত্ৰ-সামগ্ৰী ইত্যাদিয়ে বহন কৰিব পাৰিব নিজা চিহ্ন যি প্ৰমাণ কৰিব ইয়াৰ বিশুদ্ধতা। তাৰোপৰি মুগাৰ যিকোনো ধৰণৰ অনুমোদিত নকলৰ (Bio piracy) পৰাও সুৰক্ষা প্ৰদান কৰিব GIয়ে। যিহেতু অসম বিশ্বৰ ভিতৰতে মূগা উৎপাদন কৰা একমাত্ৰ প্ৰান্ত সেয়েহে মূগাক GI দিয়াৰ বাবে মুগাৰ বিশুদ্ধতা ৰক্ষা হোৱাৰ লগতে, মুগাৰ সৃষ্টি আৰু বেপাৰ-বাণিজ্যত অসমৰ একাধিপত্য প্ৰতিস্থা হ'ব আৰু আমাৰ এই আপুৰুগীয়া সম্পদৰ পৰা আমাৰ মুগা খেতিয়ক, শিপিনী সকল বাৰুকৈ উপকাৰিত হ'ব। বাণিজ্যিক দিশৰ পৰা মুগাৰ পৰা অসমে ৪০ কোটি টকা বাৰ্ষিক আয় কৰে (মৰোৱা বজাৰৰ তথ্যৰ মতে)। অসমৰ প্ৰায় ২৩,৫৪৩টা পৰিয়াল মুগা খেতি আৰু বয়নশিল্পৰ (২০০৪) লগত জড়িত আৰু ২০০১-২০০৩ চনত অসমত ৯২ মিলিয়ন টন মুগা লেটা উৎপাদন কৰা হয় (Directorate of Sericulture, Government of Assam)। ইয়াৰ উপৰি মুগা সূতা আৰু কপোৰৰ ৰপ্তানিৰ পৰা অসমে বাৰ্ষিক ১০০ৰ পৰা ১২০ কোটি টকা উপাৰ্জন কৰে। উৎপাদনউৎপাদনৰ ফালৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, কামৰূপ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনাত মুগাৰ সৰ্বাধিক উৎপাদন হয়। ইয়াৰে ভিতৰত কামৰূপ জিলাৰ শুৱালকুছি হৈছে বিশ্বৰ সৰ্ববৃহত ৰেচম উৎপাদনকাৰী গাঁও আৰু মুগা উৎপাদনৰ ক্ষেত্ৰতো ই বিশ্বৰ সৰ্ববৃহত গাঁও হিছাপে স্বীকৃতি পাইছে । ১১ শতিকাত ৰজা ধৰ্মপালৰ নিৰ্দেশত ২৬ শিপিনী পৰিয়ালেৰে প্ৰথম স্থাপন হৈছিল শুৱালকুছিৰ। সেই তেতিয়াৰে পৰা এতিয়ালৈকে শুৱালকুছিৰ বাসিন্দাসকলে নিজৰ এই বস্ত্ৰশিল্পক এৰা নাই আৰু গাঁওখনৰ ৫০,০০০ জনবসতিৰ প্ৰায় ২৫,০০০ গৰাকী ব্যক্তি এই বয়নশিল্পৰ লগত জৰিত। সেয়েহে শুৱালকুছিক পূৱৰ মানচেষ্টাৰ আখ্যা দিয়া হয়। অসমৰ সমাজত মুগাসুন্দৰ সোণোবালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়।[7] আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয় আৰু ইয়াক সহজে ধুব পৰা যায়।[8] এযোৰ মুগা কাপোৰৰ আয়ুস প্ৰায় ৫০ বছৰ বা তাতোধিক হ'ব পাৰে। বিভিন্ন ৰসায়নে (যেনে ছালফিউৰিক এছিদ)মূগাৰ ক্ষতি কৰিব নোৱাৰে। কিন্তু যিহেতু মুগা সূতাৰ উৎপাদনৰ বাবে অত্যাধিক মাত্ৰাত মুগা লেটাৰ প্ৰয়োজন সেয়েহে মূগাৰ দাম বৰ্তমান বজাৰত বহুত বেছি। কিন্তু তথাপিও মূগাৰ চহিদা বজাৰত হ্ৰাস পোৱা নাই, বৰঞ্চ বাঢ়িছেহে। বিশেষকৈ অসমীয়া কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে মূগাই অতিজৰে পৰা অসমীয়া সমাজত আদৰ পাই আহিছে। প্ৰতিগৰাকী অসমীয়া যুৱক-যুৱতীৰ ওচৰত এযোৰ মুগাৰ সাজ হোৱাতো গৌৰৱৰ কথা। ৰঙালী বিহুৰ বিহু নৃত্য যেন আধৰুৱা হৈ ৰ'ব একোযোৰ ৰঙা ফুল বছা মূগা মেখেলা-চাদৰ পৰিহিতা নাচনী আৰু মুগা চোলা পৰিধান কৰা ঢুলীয়াৰ অবিহনে। যিকোনো সামাজিক অনুষ্ঠানতো মুগা কাপোৰ এযোৰ পিন্ধোতাৰ সৌন্দৰ্যত সোণত সুৱগা চৰায় আৰু তেওঁক জাকত জিলিকা কৰি তোলে। আৰু বৰ্তমান ফেশ্বনৰ যুগত মুগা সূতাৰ প্ৰয়োগ কেৱল মেখেলা-চাদৰ বা চোলা বোৱাতে সীমিত নাথাকি শাড়ী, চুৰিদাৰ, বিচনাচাদৰ, পৰ্দা ইত্যাদি নানান ধৰণৰ সামগ্ৰী উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হৈছে।[9] বিভিন্ন ফেশ্বন ৱিকত (Wills lifestyle, Lakme Fashion Week, London Fashion Week) মুগাৰে তৈয়াৰী নানান বস্ত্ৰই ৰাইজৰ মাজত বহুত সমাদৰ লাভ কৰিছে। কিন্তু এই সকলোবোৰৰ পিছতো অসমত মুগাৰ ব্যৱসায়ৰ যিমান বিকাশ হ'ব লাগিছিল সিমান হোৱা নাই। মুগা ব্যৱসায় এতিয়াও কুটিৰশিল্পৰ দৰেই চলি আছে কিন্তু প্ৰয়োজন মুগা ব্যৱসায়ক এক অতি উচ্চ পৰ্যায়ৰ বাণিজ্যিক স্বীকৃতি দিয়াৰ। সৰু সৰু নিজা ব্যৱসায়ৰ বা আত্মসহায়ক গোটৰ দ্বাৰা মুগা উৎপাদিত হোৱাৰ বিপৰীতে যদি এই মুগা ব্যৱসায়ী সকলক একগোট কৰি চৰকাৰী সাহাৰ্য্য যেনে আধুনিক মিল, সূতা কটা যন্ত্ৰ, মুগা পলু পালন কেন্দ্ৰ, যন্ত্ৰ চলিত তাঁত (power loom), ইত্যাদি প্ৰদান কৰা হয়, তেনে অৱস্থাত মুগা উৎপাদন বৰ্তমানতকৈ বহুগুণ বেছি বৃদ্ধি কৰিব পৰা যাব। চৰকাৰী চেৰিকাল্চাৰ বিভাগেও নিজৰ উপস্থিতি মুগা খেতিৰ ক্ষেত্ৰত বাৰুকৈ প্ৰতিপন্ন কৰিব লাগে। বৰ্তমানে মুগাৰ যি বাণিজ্যিক সাম্ভাব্য আছে তাক যেন সঠিক ভাবে অসমে নিষ্কৰ্ষ কৰিব পৰা নাই। তাৰোপৰি কম দামৰ তচৰ ৰেচম আৰু চীন দেশৰ কৃত্ৰিম ৰেচমে অসমৰ মুগাক অন্তৰাষ্ট্ৰীয় বজাৰত কিছু পৰিমাণে প্ৰতিযোগিতা দিয়াৰ চেষ্টা কৰা দেখা গৈছে। তাৰোপৰি বৰ্ধিত প্ৰদূষণেও মুগা পলুৰ জীৱন চক্ৰত কিছু বাধাৰ সৃষ্টি কৰি মুগা উৎপাদনত কিছু বিঘিনিৰ সৃষ্টি কৰিছে। [10] [11] তথ্যসূত্ৰ
|