শকুন্তলা (চলচ্চিত্ৰ)এই প্ৰবন্ধটো ভূপেন হাজৰিকা পৰিচালিত ছবিখনৰ বিষয়ে। একে নামৰ হিন্দু পৌৰাণিক চৰিত্ৰটোৰ বাবে শকুন্তলা চাওক। কালিদাস ৰচিত কাব্যগ্ৰন্থৰ বাবে, অভিজ্ঞানম শকুন্তলম চাওক।
শকুন্তলা (ইংৰাজী: Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ। ছবিখনে ৯ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। দুষ্মন্ত আৰু শকুন্তলাৰ ভূমিকাত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু অনিতা গুহই। ছয়বছৰীয়া বিদ্যা ৰাৱেও শিশু আশ্ৰম কন্যাৰ ভূমিকাত অভিনয় কৰিছে।[1][2] মূল ছবিখন ক’লা-বগা আছিল যদিও “প্ৰথম প্ৰহৰ ৰাত্ৰি” শীৰ্ষক গীতটো ৰঙীন ফিল্মত চিত্ৰগ্ৰহণ কৰা হৈছিল। এইখন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি।[3][2][4] কাহিনী![]() কালিদাস ৰচিত অভিজ্ঞানম শকুন্তলমৰ প্ৰখ্যাত দুষ্মন্ত-শকুন্তলাৰ প্ৰেমকথাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।[2][5] হস্তিনাপুৰৰ ৰজা দুষ্মন্ত মৃগয়া কৰিবলৈ গৈ বাট হেৰুৱাই মহৰ্ষি কণ্বৰ আশ্ৰম ওলালগৈ। তাতে গৈ মহৰ্ষি কণ্বৰ তোলনীয়া জীয়ৰী শকুন্তলাক (ইভা আচাও) দেখা-সাক্ষাৎ হ’ল। দুয়োৰো মাজত অনুৰাগৰ জন্ম হ’ল আৰু দুয়ো গান্ধৰ্ব্য বিবাহ কৰি পেলালে। ইফালে ৰজা দুষ্মন্তৰো ৰাজধানীলৈ উভতিবৰ সময় হ’ল। তেওঁ আঙুঠি এটা শকুন্তলাক পিন্ধাই দিলে আৰু অচিৰেই ৰাজধানীলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি উভতি গ’ল। এদিন কণ্ব ঋষিৰ আশ্ৰমলৈ ভিক্ষা মাগিবলৈ আহিল খঙাল বুলি প্ৰসিদ্ধি থকা ঋষি দুৰ্বাসা। দুষ্মন্তৰ কথা ভাবি তন্ময় হৈ থকা শকুন্তলাই দুৰ্বাসাৰ মাত নুশুনিলে। খঙতে ঋষিয়ে অভিশাপ দিলে যে যাৰ কথা ভাবি থাকি ঋষিক অৱজ্ঞা কৰিলে, সেইজনেই শকুন্তলাক পাহৰি যাব। শেষত মন কুমলাত দুৰ্বাসা ঋষিয়ে উপায় এটা দিলে যে দুষ্মন্তই প্ৰথমে শকুন্তলাক চিনি নাপাব, কিন্তু কিবা এটা স্মৃতিচিহ্ন দেখুৱাব পাৰিলে তেওঁৰ পূৰ্বৰ কথা মনত পৰিব।[5] ইফালে দুষ্মন্তই নিবলৈ নহাত গৰ্ভৱতী শকুন্তলা নিজে হস্তিনাপুৰলৈ ওলাল। যাওঁতে দুষ্মন্তই দিয়া আঙুঠিটো নৈত পৰি হেৰাই থাকিল। ৰজাই তেওঁক চিনি নাপালে আৰু অপমান কৰি ঘূৰাই পঠিয়ালে। শকুন্তলাই ভগ্ন হৃদয়ে উভতি আহিল আৰু এটা পুত্ৰসন্তান জন্ম দিলে। ঘটনাক্ৰমে আঙুঠিটো এজন মাছমৰীয়াই এটা মাছৰ পেটত পালে। ৰাজকীয় চিহ্নযুক্ত আঙুঠিটো মাছমৰীয়াজনে চুৰ কৰা বুলি তাক ৰাজসভালৈ ধৰি লৈ আহিল। আঙুঠিটো দেখি ৰজা দুষ্মন্তৰ সকলো কথা মনত পৰিল।[5] পুত্ৰসন্তান সহ শকুন্তলাক দুষ্মন্তই হস্তিনাপুৰলৈ লৈ আহিল।[5] শিল্পী আৰু কলা-কুশলী
গীতছবিখনত মুঠ ৬টা গীত আছিল। গীতৰ সুৰ আৰু কথা আছিল ভূপেন হাজৰিকাৰ।[3]
বঁটা আৰু সন্মান১৯৬১ৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শকুন্তলাই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰে।[5] তথ্য উংস
|
Portal di Ensiklopedia Dunia