অপৰূপা
অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ।[1][2] ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ[3] হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ।[1] বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়[2]। ১৯৮৩ চনত বোলছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰে। কাহিনী![]() বোলছবিখনৰ কাহিনী ঔপনিৱেশিক যুগৰ। এজন চহকী চাহ খেতিয়কৰ লগত ঘৰৰ পৰা বিয়া ঠিক হোৱাৰ কাৰণে অপৰূপাই (সুহাসিনী মূলে') তাইৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আধাতে এৰিব লগা হয়। বিবাহৰ পাছত স্বামীয়ে ব্যৱসায়ত অহৰ্নিশে মগ্ন থাকি অপৰূপাক সম্পূৰ্ণৰূপে উপেক্ষা কৰে। তাইৰ কাৰণে চাহ খেতি আৰু ইয়াৰ লগত জড়িত সামাজিক ৰুটিন হৈ পৰে বিৰক্তিৰ এক বন্দীশালসদৃশ। এদিন তাই গম পায় যে, দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল। তাইৰ নিজকে দেউতাকৰ দ্বাৰা স্বামীৰ হাতত বিক্ৰী হৈ যোৱা যেন অনুভৱ হয়। এদিন তাইৰ ঘৰলৈ আহে তাইৰ এজন পুৰণা সহপাঠী, যি বৰ্তমান এজন সেনা বিষয়া। হতাশাগ্ৰস্ত অপৰূপাই পৰিপূৰ্ণতা বিচাৰি তাইৰ পুৰণা প্ৰেমিকৰ কাষলৈ যায়।[1][2][3] অভিনয়-শিল্পী
সংগীতচলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই।
পুৰস্কাৰ
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia