ভগা খিৰিকী (চলচ্চিত্ৰ)
ভগা খিৰিকী (ইংৰাজী: Broken Window) জাহ্নু বৰুৱা পৰিচালিত ২০১৮ৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰ। প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলমে। সঙ্গীত ইবচনলাল বৰুৱাৰ। এই চলচ্চিত্ৰখনেৰে ২৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগা দ্বিতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ উদ্ধোধন কৰা হ’ব।[1] [2] কাহিনীঅভিনয়ত[2]
কলা-কুশলী[2]
প্ৰযোজনা আৰু বিকাশ২০১৭ত শ্বাহনাব আলমৰ প্ৰযোজনাত 'ভগা খিৰিকী' ষ্টুডিঅ'ৰ মাজিয়া পায়। পিছলৈ প্ৰিয়ংকা চোপ্ৰাই ছবিখনৰ বিষয়ে জানিব পাই ইয়াত ধন বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে। প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ মাতৃ মধু চোপ্ৰা মালিকানাধীন পাৰ্প'ল পেবল পিকচাৰ্ছ আৰু শ্বাহনাব আলমৰ ইষ্টাৰ্লি এণ্টাৰটেইনমেণ্টে যৌথভাবে ছবিখনৰ প্ৰযোজনা কৰে। প্ৰায় ৩.৫ কোটি টকাৰে ভগা খিৰিকী নিৰ্মাণ কৰা হয়।[3][1] তথ্যসূত্ৰ
|