বুলবুল কেন্ ছিং
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ।[2] এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।[3] ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ছবিখন শ্ৰেষ্ঠ তিনি চলচ্চিত্ৰ মহোৎসৱৰ এখন বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈও নিৰ্বাচিত হৈছে। বোলছবিখনত তিনি গৰাকী কৈশোৰৰ লৈংগীক পৰিচয়ৰ লগত মুখামুখি আৰু তাৰ ফলত হোৱা সংঘাতক দেখুৱাবলৈ চেষ্টা কৰা হৈছে।[4] অহা ২০ ছেপ্টেম্বৰ ২০১৯-ত অসমৰ চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰিব।[1] কাহিনীছবিখনৰ মূল কাহিনীভাগ বুলবুল আৰু তাইৰ দুজন বন্ধু চুমু আৰু বনিক লৈ আগবাঢ়ে। ১৫ বছৰীয়া বুলবুল তাইৰ লগৰীয়া সকলৰ লগত খেলি, সময় কটাই ভাল পায়। তাইৰ দেউতাকে ভৱিষ্যতে বুলবুলক এগৰাকী গায়িকা হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰে। কিন্তু বুলবুলৰ মাত বহুত মিহি হোৱাৰ বাবে স্কুলৰ গানৰ শিক্ষকে তাইৰ পৰা সন্তুষ্ট নহয়। সেই একেসময়তে বুলবুলৰ শ্ৰেণীৰ লৰা এজনে বুলবুলৰ প্ৰতি কবিতা লিখিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাজত প্ৰেমৰ অংকুৰণ হয়। আৰু অৱশেষত বুলবুলে নিজৰ বাবে গাবলৈ আৰম্ভ কৰে। বুলবুলৰ বন্ধু চুমু অলপ নাৰীসুলভ আচৰণ কৰে। সেয়ে চুমুক লগৰ বোৰে প্ৰায়ে জোকায়। আনহাতে বনিৰো বুলবুলৰ দৰে এজন প্ৰেমিক থাকে। বুলবুল কেন্ ছিং তেওঁলোকৰ কৈশোৰ কালত নিজৰ লিংগীক পৰিচয় আৰু সমাজৰ লগত ঘটা সংঘাতৰ ৰূপায়ন। বাস্তৱমুখী, আশাবাদী নিষ্পাপ প্ৰেমৰ কাহিনী।[উদ্ধৃতিৰ প্ৰয়োজন] চৰিত্ৰ
বঁটা আৰু সন্মান
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia