মাক আৰু মৰম (চলচ্চিত্ৰ)
মাক আৰু মৰম (ইংৰাজী: Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি। বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত মাক আৰু মৰম আৰু মৰম প্ৰয়োজনা কৰিছিল ব্ৰজেন বৰুৱাই। ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰিছিল।[1][2] কাহিনীএয়া এজন নিস্থাৱান স্বামী আৰু মৰমীয়াল পিতৃৰ মৰ্মস্পৰ্শী কাহিনী, যিয়ে মৰমী পত্নীৰ আকস্মিক মৃত্যুৰ পাছত পুনৰ্বিবাহ নকৰাবলৈ সিদ্ধান্ত লয়, যাতে সন্তান দুটিক নিজে যতন লৈ ডাঙৰ-দীঘল কৰিব পাৰে। কিন্তু পৰিস্থিতিয়ে তেওঁক সিদ্ধান্ত সলাবলৈ বাধ্য কৰায় আৰু সন্তানৰ সুৰক্ষাৰ বাবে পুনৰ্বিবাহৰ বাবে সন্মত হয়।[1] ৰমেশে অফিচৰ পৰা ঘৰ পাই পত্নী বুলুক জনায় যে তেওঁ অফিচিয়েল ভ্ৰমণত কলিকতালৈ যাব বুলুৱেও যিহেতু আগতে কেতিয়াও কলিকতালৈ গৈ পোৱা নাই, সেয়েহে তেৱোঁ গিৰিয়েকৰ লগত যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। সেইমতে ল’ৰা-ছোৱালী দুটা জিতু আৰু জিনাক আইতাক আৰু লিগিৰা ধপচৰ তত্বাৱধানত থৈ দুয়ো কলিকতা পালেগৈ।[1] দুয়ো কলিকতাত খুব আনন্দ কৰিলে আৰু তাৰ পৰা দাৰ্জিলিং পালেহি। কিন্তু দাৰ্জিলিঙত হঠাৎ বুলু ঢুকাই থাকিল। ৰমেশে ভগ্ন হৃদয়েৰে ঘৰ পালেহি আৰু ল’ৰা-ছোৱালীহালক মাক বেমাৰ হৈ হাস্পাতালত চিকিৎসাধীন হৈ আছে বুলি ক’লে আৰু পুনৰ্বিবাহ নকৰোৱাৰ সিদ্ধান্ত ল’লে।[1] ৰমেশৰ কলিকতালৈ বদলি হ’ল। এদিন ল’ৰা-ছোৱালীহাল ঘৰৰ বাহিৰলৈ গ’ল। কলিকতাৰ জাক-জমকতাত দুয়ো দিশহাৰা হৈ পৰিল। জিতুৱে দূৰ্ঘটনাৰ সন্মুখীন হ’ল আৰু তাক হাস্পাতাললৈ লৈ যোৱা হ’ল। জিনাকো গুণ্ডাই অপহৰণ কৰিলে।[1] তেওঁলোকৰ বিশ্বস্ত সঙ্গী এটা এলচেচিয়ান কুকুৰৰ সহায়ত দেউতাকে জিনাক বিচাৰি উলিয়ালে। জিতুও সুস্থ হৈ ঘৰলৈ উভতিল।[1] ৰমেশে বুজি পালে যে ল’ৰা-ছোৱালীহালৰ সু-যতন ল’বলৈ এজনী মাকৰ অতিকৈ প্ৰয়োজন। সেয়া অকল দেউতাকৰ দ্বাৰা সম্ভৱ নহয়। সেয়েহে তেওঁ পুনৰ্বিবাহ কৰিবলৈ অৱশেষত সিদ্ধান্ত ল’লে।[1] অভিনয় শিল্পী
গীতছবিখনত ৬টা গীত আছিল। ইয়াৰে ৩টা হিন্দীত ৰচিত। অসমীয়া গীতকেইটা লিখিছিল দুগৰাকী প্ৰথিতযশা কবি আৰু গীতিকাৰ কেশৱ মহন্ত আৰু হীৰেণ ভট্টাচাৰ্যই। আনহাতে হিন্দী গীতকেইটা লিখিছিল নুৰুল হকে।[4] উল্লেখযোগ্য যে নিপ বৰুৱাৰ প্ৰথম ছবি স্মৃতিৰ পৰশতো হিন্দী গীতৰ অন্তৰ্ভূক্ত কৰা হৈছিল। হিন্দী গীতৰ অন্তৰ্ভূক্তি এক ব্যৱসায়িক কৌশল আছিল।[5]
বঁটামাক আৰু মৰম ছবিখনে ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৫৭) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা এইখন দ্বিতীয় অসমীয়া ছবি।[1] তথ্য উংস
|