ডক্তৰ বেজবৰুৱা (চলচ্চিত্ৰ)
ডক্তৰ বেজবৰুৱা (ইংৰাজী: Doctor Bezbaruah) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু ৰংঘৰ চিনে প্ৰডাকছন্ছৰ বেনাৰত নিৰ্মিত এইখন প্ৰথম অসমীয়া থ্ৰিলাৰধৰ্মী চিনেমা আছিল।[1] ব্যৱসায়িক ভাৱে ডক্তৰ বেজবৰুৱা আছিল অত্যন্ত সফল অসমীয়া কথাছবি।[2][3] ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। পাছৰ সময়ত অসমীয়া তাৰকা অভিনেতা নিপন গোস্বামীয়ে এই ছবিত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে অসমৰ এজন প্ৰসিদ্ধ কণ্ঠশিল্পী দ্বিপেন বৰুৱায়ো এই চলচ্চিত্ৰৰ জৰিয়তেই সংগীত জগতত প্ৰথম খোজ দিছিল।[2] ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। কাহিনী সাৰাংশএগৰাকী অধ্যৱসায়ী ডাক্তৰে বিলাতত পঢ়া শেষ কৰি ডিব্ৰুগড়ৰ ওচৰৰে এখন ঠাইত নিজাকৈ এটা গৱেষণাগাৰ খুলি দেশৰ সেৱাত লাগিবলৈ মন কৰে। তেখেতৰ বাল্যবন্ধু চাহ বগিচাৰ মালিক ললিত দুৱৰা সপৰিয়ালে ডক্তৰ বেজবৰুৱাৰ গৱেষণাগাৰলৈ ফুৰিবলৈ আহোঁতে পুত্ৰ মতি নিৰুদ্দেশ হয়। ড॰ বেজবৰুৱাই নিজকে সেই দোষৰ ভাগী কৰি মদৰ ৰাগীতে দিন নিয়াবলৈ আৰম্ভ কৰে। এদিনাখন ৰাতি কেইজনমানে ঠগ-বদমাছে আহি ডক্তৰক বন্দী কৰি গৱেষণাগাৰ আৰু হস্পিটেলখন দখল কৰে।[4] বদমাছসকলৰ চৰ্দাৰ পৰমা হাজৰিকাৰ মুখ মণ্ডল ডা. বেজবৰুৱাৰ সতে মিলি যায় বাবে পৰম হাজৰিকাই ডা. বেজবৰুৱাৰ ছদ্মবেশ গ্ৰহণ কৰে, আৰু ডাক্তৰৰ পদবীত নিজকে বহুৱাই নিজৰ গৰ্হিত কামবোৰ কৰি থাকে। নিজ পুত্ৰক হেৰুৱাই ললিত দুৱৰা পত্নীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু নকল ডাক্তৰক দেখুৱাবলৈ ডিব্ৰুগড়লৈ আহে। ডিব্ৰুগড়ৰপৰা উভতি আহোঁতে তেওঁলোকে গাড়ীৰ পিছফালে এটা সৰু ল'ৰা বহি অহা দেখিবলৈ পায়। ল'ৰাজনৰ হাতত প্ৰদীপ নামটো খোদাই কৰি লিখা আছিল। দুৱৰা পৰিয়ালে প্ৰদীপক তুলি লয়।[4] প্ৰদীপ ডাঙৰ হৈ ডিব্ৰুগড়লৈ যাওঁতে ঘটনাচক্ৰত পৰম হাজৰিকাৰ প্ৰকৃত সত্য জানিবলৈ পায়, আৰু বদমাছৰ দলটোক পৰাহুত কৰি প্ৰকৃত ডা. বেজবৰুৱাক উদ্ধাৰ কৰে। ডা. বেজবৰুৱাই নিজে আকাংক্ষাৰ পৰিণতি দেখি দুঃখিত হৈ পৰে। কিন্তু বেজবৰুৱা আৰু দুৱৰা পৰিয়ালে জানিবলৈ পায় যে প্ৰদীপেই তেওঁলোকৰ হেৰোৱা সন্তান মতি।[4] কলা-কুশলী
সংগীত'ডক্তৰ বেজবৰুৱা'ৰ সংগীত পৰিচালক আছিল ৰমেন বৰুৱা। চিনেমাখনত সন্নিবিষ্ট গীতসমূহ খুব জনপ্ৰিয় হৈছিল আৰু এতিয়াও জনপ্ৰিয়।[5]
সন্মানডক্তৰ বেজবৰুৱাই ১৯৬৯ চনৰ সপ্তদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল।[4] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia