ঈশ্বু
ঈশ্বু (Ishu) উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ মূল কাহিনী মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ এখন উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ ঈশ্বু নামৰ শিশুজনৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যাৰ সমস্যা প্ৰতিফলন কৰিছে। চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।[1] কাহিনীঅসমৰ এখন ভিতৰুৱা জনজাতীয় গাঁৱত ঈশ্বৰ প্ৰসাদ ৰাভা বা ঈশ্বুয়ে বাস কৰে। ঈশ্বুৰ বয়স প্ৰায় দহ বছৰ। মাক-দেউতাক, খুড়াক আৰু আইতাকৰ মৰমৰ মাজত বন্ধুবৰ্গ, ভালু বা পোহনীয়া কুকুৰটোৰ সৈতেই ঈশ্বুৰ জীৱন। চুবুৰীয়া অম্বিকা জেঠায়েকৰ সৈতে ঈশ্বুৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক। কিন্তু ঈশ্বুৰ এই সহজ-সৰল জীৱনৰ গতিত এদিন আউল লাগে। গাঁৱৰ বেজ আৰু ঈশ্বুৰ অন্য এগৰাকী জেঠী ভদ্ৰেশ্বৰীয়ে অভিসন্ধি কৰি অম্বিকাক ডাইনী বুলি প্ৰচাৰ কৰে। ইয়াৰ কাৰণ, অম্বিকাই দিয়া বনৌষধি ব্যৱহাৰ কৰি গাঁৱৰ লোকসকলৰ বেমাৰ-আজাৰ নিৰাময় হোৱাত বেজে অম্বিকাক নিজৰ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰিবলৈ লয়। ভদ্ৰেশ্বৰী এই অভিসন্ধিত জড়িত হোৱাৰ আঁৰত স্বাৰ্থ আছিল অকালতে বিধৱা হোৱা অম্বিকাৰ সা-সম্পত্তি আত্মাসাৎ কৰা। অন্ধবিশ্বাসী আৰু অশিক্ষিত গঞাই দুয়োৰে কথাত পৰি অম্বিকাৰ ঘৰ জ্বলাই দিয়ে। অম্বিকা গাঁৱৰ পৰা নিৰুদ্দেশ হয়।[2] চৰিত্ৰ
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia