মন যায় (চলচ্চিত্ৰ)
মন যায় (ইংৰাজী: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী দাস ইত্যাদি। ছবিখনে '৫৬-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[1]। কাহিনীছবিখনৰ কাহিনী গঢ় লৈ উঠে তিনিচুকীয়া চহৰৰ চাৰিজন নিবনুৱা শিক্ষিত যুৱক মানব (জুবিন গাৰ্গ), নয়ন (পবিত্ৰ মাৰ্ঘেৰিটা), তপন (জ্ঞানেন্দ্ৰ পল্লব) আৰু অকনক (নৱদ্বীপ বৰগোহাঁই)ক কেন্দ্ৰ কৰি। টকা দিব নোৱাৰাৰ ফলত মানব, নয়নহঁতে চাকৰি হেৰুৱাব লগা হয়। হতাশাৰ বলি হৈ তেওঁলোকে (নয়নৰ বাহিৰে) সহজে ধন ঘটাৰ উদ্দেশ্যি এজন ধনী ব্যৱসায়ীক অপহৰণ কৰে, পিছে ঘটনাৰ পাকচক্ৰত পৰি তেওঁলোকে ব্যৱসায়ীজনক হত্যা কৰি পেলায়। অভিনয় শিল্পী
সংগীতছবিখনৰ সংগীত পৰিচালনা কৰে জুবিন গাৰ্গে। ছবিখনৰ মন যায় শীৰ্ষক গীতটিয়ে লাভ কৰে বিপুল জনপ্ৰিয়তা। গীতৰ তালিকা
তথ্য সংগ্ৰহবাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia