প্ৰতিধ্বনি (চলচ্চিত্ৰ)
প্ৰতিধ্বনি (ইংৰাজী: Pratidhwani) ১৯৬৪ত মুক্তিলাভ কৰা এখন ক’লা-বগা অসমীয়া ছবি। সঙ্গীতমধুৰ এই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত আছিল ড° ভূপেন হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী আৰু ইভা আচাৱে।[1] এই ছবিখনক ইভা আচাওৰ অভিনয় জীৱনৰ মাইলৰ খুটি বুলি গণ্য কৰা হয়। ইভাৰ অভিনয়ে প্ৰতিধ্বনিত পৰিপূৰ্ণতা পাইছিল।[2] প্ৰতিধ্বনি আছিল এটা খাচি লোকগাথাৰ ভেটিত নিৰ্মাণ কৰা ছবি। পিছলৈ ড° হাজৰিকাই ছবিখন খাচি ভাষালৈ KAA SWA RAATI নামেৰে[3] ‘ডাব’ কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল৷[4] ছবিখনে ১৯৬৪ৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰূপৰ পদক লাভ কৰিছিল।[2][1] ১৯৮৪ চনত এই লোকগাথাটোৰ ভিত্তিত আন এখন মাণিক ৰাইটং নামেৰে এখন খাচি চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। এই ছবিখনে সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভূক্ত হোৱা ভাষাৰ বাহিৰে অন্যভাষাত নিৰ্মাণ হোৱা সৰ্বশ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।[5] কাহিনীখাচি পাহাৰ অঞ্চলৰ এটা জনপ্ৰিয় লোকগাথাৰ আধাৰত প্ৰতিধ্বনিৰ কাহিনীভাগ ৰচনা কৰা হৈছে।[6] মাণিক ৰাইটং কেওকোনো নথকা এজন ঘাটমাউৰা, দুৰ্ভগীয়া ল’ৰা। নিশা নিশা সি বাঁহীত সুমধুৰ সুৰ বজায়। কিছুদিন আগেয়ে লগ পোৱা লিয়েন মাকাউ নামৰ ছোৱালীজনী আৰু বাঁহীটোৱে তাৰ হৃদয় আৰু আত্মা ভৰাই ৰাখে আৰু জীৱনটোক এক অৰ্থ দিয়ে। সাতখন পাহাৰৰ সিপাৰে বাস কৰা লিয়েন মাকাউক বিয়াৰ প্ৰস্থাৱ দিবলৈ মন মেলোঁতে দুৰ্ভগীয়া মাণিক ৰাইটঙে গম পালে যে তাইৰ ইতিমধ্যে বৃদ্ধ চিয়েমলৈ (অৰ্থাৎ খাচিসকলৰ ৰজা) বিয়া হৈ গৈছে। কিন্তু চিয়েমে প্ৰায়ে ৰাজকীয় কামকাজত বাহিৰত থকা বাবে ৰাণীয়ে নিসংগ অনুভৱ কৰে। মাণিকৰ বাঁহীৰ সুৰে পুনৰ ৰাণীক তাৰ কাষ চপাই আনে। আনকি ৰাণীয়ে তাৰপৰা এটা সন্তানৰো কামনা কৰিলে।[6] বহুদিনৰ মূৰত চিয়েমে উভতি আহি সকলো কথা গম পালে আৰু খঙত জ্বলি উঠিল। মাণিকক বিচাৰি আনি চূড়ান্ত শাস্তি দিবলৈ প্ৰস্তুত হ’ল। তাক জীৱন্তে পুৰি আদেশ দিলে। চিতাৰ লেলিহান শিখাত ৰাণী লিয়েন মাকাৱেও জঁপিয়াই নিজৰ প্ৰাণ দিলে।[6] প্ৰবাদ আছে যে চিতাৰ ঠাইতে পানীয়ে ডোঙা বান্ধিলে। বাঁহৰ আগ উৰ্ধমুখী হ’ল আৰু এই মৰ্মান্তিক ঘটনাৰ সোঁৱৰণত সেইঠাইৰ নিজৰাবোৰে আজিও উচুপি উচুপি কান্দে।[6] কলা-কুশলী আৰু অভিনয় শিল্পী
গীতপ্ৰতিধ্বনিত মুঠ পাঁচটা গীত আছে।[7]
বঁটা আৰু সন্মানছবিখনে ১২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৪) অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰুপৰ পদক লাভ কৰে।[6] এই ছবিখনে সেই সময়ৰ শ্ৰেষ্ঠ ১০০খন ভাৰতীয় চিনেমাত স্থান পাইছিল আৰু ফ্ৰাঞ্চত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল।[3] তথ্য উংস
|
Portal di Ensiklopedia Dunia