ৰেণু শইকীয়া
ৰেণু শইকীয়া (১০ ডিচেম্বৰ ১৯৩৪ – ১৭ নৱেম্বৰ ২০১১)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত।[2] তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ কেইখনমান জনপ্ৰিয় নাটক কল্যাণী, জয়মতী, নিমিলা অংক, টেক্সি ড্ৰাইভাৰ, ৰাজপথ আদিতো অভিনয় কৰিছিল। প্ৰাৰম্ভিক জীৱন১৯৩৪ চনৰ ১০ ডিচেম্বৰ তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ শ্ৰীপুৰীয়াৰ এক সমৃদ্ধিশালী পৰিয়ালত ৰেণু শইকীয়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কমল বৰবৰা আৰু মাতৃ পুণ্যপ্ৰভা বৰবৰা। কমল বৰবৰা ভাৰতীয় তেল প্ৰাধিকৰণ, ডিগবৈৰ কাৰ্যকৰী বিষয়া আছিল। পিছলৈ তেওঁ কোম্পানীৰ দীঘলীয়া ধৰ্মঘটৰ বাবে চাকৰিৰ পৰা পদত্যাগ কৰিছিল। তেওঁলোকৰ দহগৰাকী সন্তান আছিল। অসমৰ প্ৰাপ্তন মুখ্যমন্ত্ৰী আৰু সাংসদ গোলাপ বৰবৰা ৰেণু শইকীয়াৰ ভাতৃ। অভিনয় জীৱনৰেণু শইকীয়ায়ে ১৮ বছৰ বয়সতে ১৯৫২ চনত জয়মতী নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ইয়াত তেওঁ মুখ্য চৰিত্ৰ জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ১৯৬১ চনত তেওঁ ৰাজপথ নাটকত অভিনয় কৰিছিল। এইখন নাটকৰ পৰা তেওঁ প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰে আৰু অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কাম কৰিবলৈ সুযোগ পায়। তেওঁ সোমেশ্বৰ বৰুৱাৰ বঙালী নাটক নিছেৰ মহলতো অভিনয় কৰিছিল। তেওঁ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱান (১৯৬৩) আৰু ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱা (১৯৬৮) আৰু ৰতনলাল (১৯৭০ৰ দশক) ছবিত অভিনয় কৰিছিল। মণিৰাম দেৱান বোলছবিত ড॰ ভূপেন হাজৰিকাৰ বিখ্যাত গীত বুকু হম হম কৰে তেওঁৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। ডক্তৰ বেজবৰুৱা ছবিত কৰা অভিনয়ৰ বাবে তেওঁ অসমীয়া চলচ্চিত্ৰৰ ললিতা পাৱাৰ আখ্যা পাইছিল। ব্যক্তিগত জীৱন১৯৫৬ চনত ৰেণু শইকীয়ায়ে অভিনেতা, লেখক, নিৰ্দেশক সমৰেণ শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোক ইয়াৰ আগতে কেইবাখনো নাটকত একেলগে কাম কৰিছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল। মৃত্যু২০১১ চনৰ ১৭ নৱেম্বৰ তাৰিখে তিনিচুকীয়াৰ নিজা বাসভৱনত ৰেণু শইকীয়াৰ মৃত্যু হয়। চলচ্চিত্ৰৰ তালিকা
তথ্য উৎস
|