অনিতা গুহ

অনিতা গুহ

ছু মন্তৰ ছবিত অনিতা গুহ
জন্ম ১৭ জানুৱাৰী, ১৯৩৯
মৃত্যু ২০ জুন, ২০০৭ (৬৮ বছৰ)
সক্ৰিয় হৈ থকা সময় ১৯৫৩-১৯৮৯
দাম্পত্যসঙ্গী মানিক দত্ত


অনিতা গুহ (ইংৰাজী: Anita Guha ; ১৭ জানুৱাৰী ১৯৩৯ – ২০ জুন ২০০৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যিয়ে সাধাৰণতে চিনেমাত পৌৰাণিক চৰিত্ৰত অভিনয় কৰিছিল। জয় সন্তোষী মা (১৯৭৫) ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ ছবি দৰ্শকৰ মাজত পৰিচিত হৈছিল। ইয়াৰ পূৰ্বে আন পৌৰাণিক ছবিত সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল; সম্পুৰ্ণ ৰামায়ণ (১৯৬১), শ্ৰী ৰাম ভাৰত মিলাপ (১৯৬৫) আৰু তুলসী বিবাহ (১৯৭১)। ইয়াৰ উপৰিও গুঞ্জ উঠী শ্বেহনাই (১৯৫৯), পূৰ্ণিমা (১৯৬৫), প্যাৰ কি ৰাহেঁ (১৯৫৯), গেটৱে অৱ ইণ্ডিয়া (১৯৫৭), দেখ কবিৰা ৰোয়া (১৯৫৭), লুকোচুৰি (১৯৫৮) আৰু সংযোগ (১৯৬১)ত তেওঁ অভিনয় কৰে৷

কৰ্মজীৱন

১৯৫০ চনত তেওঁ ১৫ বছৰ বয়সতে সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগী হিচাপে মুম্বাইলৈ আহিছিল।[1] তাতেই টংগা-ৱালি (১৯৫৫) ছবিত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে৷ তেওঁ দেখ কবিৰা ৰোয়া (১৯৫৭), শাৰদা (১৯৫৭)[2] আৰু গুঞ্জ উথি শ্বেহনাই আদি হিট ছবি উপহাৰ দি যায় আৰু ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে ফিল্মফেয়াৰ বঁটা শাখাত মনোনয়ন লাভ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ একমাত্ৰ মনোনয়ন আছিল৷[3] ১৯৬১ চনত বাবুভাই মিষ্ট্ৰীৰ 'সম্পূৰ্ণ ৰামায়ণ'ত সীতাৰ চৰিত্ৰত অভিনয় কৰি ঘৰুৱা নাম হিচাপে পৰিগণিত হয়।[4] কিন্তু জয় সন্তোষী মা (১৯৭৫) ছবিখনত তেওঁৰ শিৰোনাম চৰিত্ৰটোৱেই তেওঁলৈ আটাইতকৈ বেছি খ্যাতি কঢ়িয়াই আনিছিল।[5] এই চৰিত্ৰটোৰ প্ৰস্তাৱ নোপোৱালৈকে তেওঁ কেতিয়াও দেৱী সন্তোষীৰ কথা শুনা নাছিল, কিয়নো এইগৰাকী আছিল এগৰাকী কম পৰিচিত দেৱী। চিনেমাখনত মাত্ৰ অতিথি চৰিত্ৰত তেওঁ ভূমুকি মাৰিছিল আৰু তেওঁৰ দৃশ্যবোৰ ১০–১২ দিনত শ্বুট কৰা হৈছিল। শ্বুটিঙৰ সময়ত তেওঁ উপবাস খাটিছিল।[6] কম বাজেটৰ এই ছবিখন আচৰিতধৰণে হিট হৈছিল আৰু বক্স অফিচৰ সকলো অভিলেখ ভংগ কৰাৰ লগতে ই এক সাংস্কৃতিক পৰিঘটনাত পৰিণত হৈছিল। সন্তোষী দেৱী এতিয়া এগৰাকী বিখ্যাত দেৱী হৈ পৰিল, সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলে তেওঁক পূজা কৰিবলৈ ধৰিছিল। জয় সন্তোষী মাক দেখুওৱা চিনেমা হলবোৰক মানুহে মন্দিৰ হিচাপে গণ্য কৰিছিল, খাদ্যৰ প্ৰসাদ লৈ আহিছিল, দুৱাৰমুখত জোতা-চেণ্ডেল খুলি থৈ গৈছিল। গুহই দাবী কৰিছিল যে, মানুহে তেওঁৰ ওচৰলৈ আহি আশীৰ্বাদ বিচাৰিছিল, কিয়নো তেওঁলোকে তেওঁক এগৰাকী প্ৰকৃত দেৱী বুলি অনুভৱ কৰিছিল। কিন্তু তেওঁ নিজকে কালি দেৱীৰ ভক্ত বুলি উল্লেখ কৰিছিল আৰু কেতিয়াও সন্তোষী দেৱীৰ ভক্ত হোৱা নাছিল বুলি দাবী কৰিছিল।[7]

তেওঁ অভিনয় কৰা আন পৌৰাণিক ছবিসমূহৰ ভিতৰত কবি কালিদাস (১৯৫৯), জয়দ্বাৰকাদেশ (১৯৭৭) আৰু কৃষ্ণ কৃষ্ণ (১৯৮৬) আদি। পৌৰাণিক অভিনেত্ৰী হিচাপে টাইপ চৰিত্ৰ হিচাপে জনাজাত হোৱাত তেওঁ সুখী নাছিল, সেইকাৰণে অভিনয়ৰ প্ৰস্তাৱ অৱশেষত তেওঁলৈ অহা বন্ধ হৈ পৰিছিল। তেওঁৰ পূৰ্বৰ কৃতিসমূহৰ ভিতৰত সংগীত সম্ৰাট তানচেন(১৯৬২), কণ কণ মেঁ ভগৱান (১৯৬৩) আৰু বীৰ ভীমসেন (১৯৬৪) আদি পিৰিয়ডৰ ছবিসমূহ অন্যতম। বিপুলভাবে হিট ছবি আৰাধনা (১৯৬৯)ত ৰাজেশ খান্নাৰ সতীয়া মাতৃৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। ​

ব্যক্তিগত জীৱন

অভিনেতা মাণিক দত্তৰ সৈতে তেওঁৰ বিবাহ হৈছিল; তেওঁলোকৰ কোনো নিজা দেহজ সন্তান নাছিল। পিছত তেওঁলোকে এটা কন্যা সন্তানক তোলনীয়া কৰি লয় ৷ স্বামীৰ মৃত্যুৰ পিছত মুম্বাইত অকলে বাস কৰিছিল, য'ত ২০০৭ চনৰ ২০ জুনত হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হয়। অনিতা গুহ অভিনেতা প্ৰেম নাৰায়ণৰ মাকৰ ফালৰ পেহীয়েক। প্ৰেম ভনীয়েক অনুৰাধা গুহৰ কন্যা।

তথ্য সূত্ৰ