বাপু (গ্ৰন্থ)
বাপু: কনভাৰ্চেচনচ্ এণ্ড কৰেচপণ্ডেন্স উইথ মহাত্মা গান্ধী (ইংৰাজী: Bapu: Conversations and Correspondence with Mahatma Gandhi; অৰ্থ: বাপু: মহাত্মা গান্ধীৰ সৈতে বাৰ্তালাপ তথা পত্ৰালাপ) হ'ল এফ মেৰী বৰ'ৰ আত্মজীৱনীমূলক বৰ্ণনা য'ত তেওঁ গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বাৰ্তালাপৰ বিষয়ে লিখিছে, যাক তেওঁ বাপু অৰ্থাৎ দেউতা বুলিছে। লেখিকালৈ লিখা গান্ধীৰ বহুতো চিঠি কিতাপখনত অন্তৰ্ভুক্ত কৰা হৈছে। লেখিকা দৰাচলতে এগৰাকী ইংৰাজ মিচনেৰী আছিল। কিতাপখন ১৯৪৯ চনত ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। সংশোধিত সংস্কৰণ ভাৰতত ১৯৫৬ চনত প্ৰকাশ হৈছিল। বহুকেইখন আলোচনীত কিতাপখনৰ সমীক্ষা প্ৰকাশ হৈছিল[1][2][3] আৰু অন্য কিতাপত কিতাপখনৰ বিষয়ে আলোচনা হৈছিল।[4][5] পটভূমিপ্ৰস্তাৱনাত লেখিকাই কিতাপখন পৃথিৱীৰ সেই শতসহস্ৰ লোকলৈ উছৰ্গা কৰিছে যাৰ গান্ধীক এক নজৰ চোৱাৰ ইচ্ছা হৈছিল, কিন্তু লেখিকাৰ দৰে বছৰৰ পাছত বছৰ ধৰি তেওঁক কৰ্মৰত অৱস্থাত দেখাৰ সৌভাগ্য হোৱা নাছিল। তেওঁ কৈছে যে গান্ধী নামৰ মানুহজনক তেওঁ সেই ইউৰোপীয়ান সকলক দেখুৱাব খুজিছিল যিসকলক গান্ধীৰ ব্যক্তিত্বই বিস্মিত কৰিছিল। যিসকলে গান্ধীক ভাল পায় আৰু তেওঁৰ বিষয়ে অধিক জানিবলৈ বিচাৰে সেইসকলক সন্তুষ্ট কৰিবলৈ লেখিকাই অধিক বিৱৰণ দিয়াৰ কথা কৈছে।[6] এই পিছৰ গোটটোৰ বাবে গান্ধীজীৰ চিঠিসমূহ অলপো সালসলনি নকৰাকৈ কিতাপখনত তুলি দিয়া হৈছে।[6]:iii কিতাপখন লিখাক লৈ কিবা আপত্তি আছে নেকি বুলি সোধোঁতে গান্ধীয়ে কৈছিল যে, হয়, তেওঁ তেওঁৰ কিতাপখন লিখিব পাৰে। কাৰণ ই মকৰাজালবোৰ গুচুৱাত সহায় কৰিব।[6]:iii প্ৰকাশকৰ এটা নোটত কোৱা হৈছে যে গান্ধী নিহত হোৱাৰ আগতেই কিতাপখনৰ পাণ্ডুলিপি লাভ কৰিছিল, সেয়ে প্ৰকাশকে ভয় কৰিছিল যে গান্ধীৰ অবৰ্তমানত যদি কিতাপখনত কালৰ পৰিৱৰ্ত্তন কৰা হয়, তেন্তে যি ভক্তি আৰু উছৰ্গাৰ মনোভাৱেৰে কিতাপখন লিখা হৈছে- সেয়া প্ৰকাশ নাপাব। সেয়ে এগৰাকী জীৱিত ব্যক্তিৰ কথা লিখাৰ দৰেই কিতাপখন পঢ়ুৱৈলৈ আগবঢ়োৱা হ'ল।[6]:iii সাৰাংশকিতাপখনত বাপুৱে খোলাকৈ কৈছে যে হায়দৰাবাদৰ এখন মিচনেৰী বৰ্ডিং স্কুলৰ অধ্যক্ষা হৈ ভাৰতত দহ বছৰ থকাৰ পিছত বৰ কেনেকৈ তেওঁক দেখা কৰিবলৈ আহিছিল। কিছু দিনৰ ছুটীত, ১৯৩১ চনত ইংলেণ্ডত থকাৰ সময়ছোৱাত গান্ধীৰ লিখনী আৰু বক্তৃতা সমূহৰ প্ৰতি বৰৰ আগ্ৰহ বাঢ়ে। ভাৰতলৈ উভতি অহাৰ সময়ত বৰৰ গান্ধীৰ সৈতে সহযাত্ৰী হৈ একেখন জাহাজতে ইটালীৰপৰা ভাৰতলৈ অহাৰ সৌভাগ্য হয়। বৰে গান্ধীৰ স'তে পৰিচিত হোৱাৰ আৰু লণ্ডনত অনুষ্ঠিত দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাগ লৈ অহা তেওঁৰ সৰু দলটোৰ প্ৰতিদিনৰ কাৰ্য-কলাপ নিৰীক্ষণ কৰাৰ সুযোগ পায়। কিতাপৰ পিছৰ অধ্যায়সমূহত বৰে গান্ধীক লগপোৱা আৰু তেওঁৰে সৈতে হোৱা পত্ৰালাপৰ কথা বৰ্ণনা কৰিছে, কেনেকৈ ব্ৰিটিছ চৰকাৰ আৰু মিচনেৰী কৰ্তৃপক্ষই গান্ধীৰ সৈতে সম্পৰ্ক ছেদ কৰিবলৈ তেওঁক জোৰ কৰিছিল। মিচনৰ পদৰপৰা তেওঁৰ পদত্যাগ, আশ্ৰম আৰু ফাটেকলৈ গান্ধীক দেখা কৰিবলৈ যোৱা, গান্ধীৰ আশ্ৰমত তেওঁ কেনেকৈ সময় কটাইছিল আৰু গান্ধীৰ আন্দোলনত ভাগ ল'বলৈ তেওঁ কেনেকৈ আশ্ৰম পৰিত্যাগ কৰিছিল- এই কথাবোৰ কিতাপখনত সামৰি লোৱা হৈছে। কিতাপখনত দুই দৰ্জনতকৈও অধিক ভাৰতীয় শব্দৰ অৰ্থ দিয়া হৈছে। দুয়োটা সংস্কৰণেই কে জি মাশ্ৰুৱালাৰ পাতনি সম্বলিত। দ্বিতীয় সংস্কৰণত এটা অধ্যায় বেছিকৈ সংযোগ কৰা হৈছে, সেয়া হৈছে - গান্ধীৰ দলীয় সতীৰ্থ খান আব্দুল গফৰ খানলৈ শ্ৰদ্ধাঞ্জলি, ১৯৪১চনত বৰ যাৰ ঘৰত আলহী হৈ আছিল। পৰ্যালোচনাদ্য টাইমছ অৱ ইণ্ডিয়া, দ্য মডাৰ্ণ ইণ্ডিয়া, দ্য ইণ্ডিয়ান ৰিভিউ, দ্য আৰায়ান পাথ আদি কাকতে বাপু কিতাপখনৰ পৰ্যালোচনা প্ৰকাশ কৰিছে। তথ্য সংগ্ৰহ
|