স্বাধীনতা দিৱস, ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদ্যাপন কৰা হয়। ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।[1] এই স্বাধীনতা লাভৰ লগতে দেশৰ বিভাজনো সংঘটিত হয়।
স্বাধীনতা দিৱসৰ মূল কাৰ্য্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু দেশৰ জনসাধাৰণক উদ্দেশ্যি বক্তৃতা দিয়ে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়।
ইতিহাস
১৭ শতিকাৰ আৰম্ভণিৰেপৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল। শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে। পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ'বলৈ ধৰিলে। ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়॥[2][3]
প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে Montagu–Chelmsford Reforms কে ধৰি কিছু সংশোধনী আৰম্ভ কৰিছিল যদিও একে সময়তে ৰৱাল্ট আইন (Rowlatt Act) ৰ দৰে কঠোৰ আইনৰো বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে। ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলন গঢ় লৈ উঠে।[3]
১৯৩০ চনৰ সময়ত ব্ৰিটিছৰ সংশোধনী আইন বলবৎ কৰাৰ পিছত নিৰ্বাচনসমূহত জাতীয় কংগ্ৰেছে সফলতা লাভ কৰিবলৈ সক্ষম হয়।[3]:195–197 কিন্তু পৰৱৰ্ত্তী দশকটোত কেইবাটাও ঘটনাই ভাৰতৰ ৰাজনৈতিক পৰিৱেশ অস্থিৰ কৰি তোলে। ইয়াত অৰিহণা যোগোৱা প্ৰধান ঘটনাসমূহ হ'ল, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলনৰ তীব্ৰতা বৃদ্ধি, ভাৰতীয় মুছলিম লীঘৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উত্থান ইত্যাদি। ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়।[3]:203
স্বাধীনতা লাভৰ পূৰ্বে স্বাধীনতা দিৱস
ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৯২৯ চনৰ লাহোৰ অধিবেশনত পূৰ্ণ স্বৰাজৰ ঘোষণা বা ভাৰতৰ স্বাধীনতাৰ ঘোষণা কৰা হৈছিল[4] আৰু ২৬ জানুৱাৰী দিনটোক ভাৰতৰ স্বাধীনতা দিৱস হিচাপে ঘোষিত হৈছিল।[4]। কংগ্ৰেছে জনগণক আইন অমান্য আন্দোলনৰ পন্থা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষই পুৰ্ণাংগ স্বাধীনতা নোপোৱা পৰ্যন্ত "সময়ে সময়ে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰচাৰিত নিয়মাৱলী" পালন কৰিবলৈ আহ্বান জনাইছিল[5]। এই ধৰণৰ স্বাধীনতা দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য আছিল- জনগণৰ জাতীয়তাবাদী উদ্দীপনাক জীপাল কৰি তোলা আৰু ইয়াৰ জৰিয়তে ব্ৰিটিছ চৰকাৰক স্বাধীনতা প্ৰদান সম্পৰ্কে বিবেচনা কৰিবলৈ বাধ্য কৰা[6]:19।
১৯৩০ চনৰ পৰা ১৯৪৬ চনলৈকে কংগ্ৰেছে ২৬ জানুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল[7][8]। এই উদযাপনৰ অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলে "স্বাধীনতাৰ অংগীকাৰ" গ্ৰহণ কৰিছিল[6]:19–20। জৱাহৰলাল নেহৰুৱে তেওঁৰ আত্মজীৱনীত এই অনুষ্ঠানসমূহ শান্তিপূৰ্ণ, গাম্ভীৰ্যপূৰ্ণ আৰু "কোনো ভাষণ বা বক্তৃতাবিহীন" আছিল বুলি বৰ্ণনা কৰিছে[9]। গান্ধীৰ চিন্তাধাৰা অনুসৰি সভা সমিতিৰ উপৰিও এই দিনটো "... কিছুমান গঠনমূলক কাম, যেনে সূতা কটা, অথবা অস্পৃশ্য সকলৰ সেৱা কৰা, অথবা হিন্দু আৰু মুছলমান সন্মিলন আয়োজন, অথবা বাধা আৰোপ বা এই সকলোবোৰ..." কাৰ্যসূচীৰ মাজেৰে পালন কৰা হওক[10]। ১৯৪৭ চনৰ প্ৰকৃত স্বাধীনতা প্ৰাপ্তিৰ পিছত ভাৰতৰ সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ হৈছিল আৰু তেতিয়াৰে পৰা ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে উদযাপিত হৈ আহিছে।
শেহতীয়া ইতিহাস
১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দুৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়।[3]:203[11][12][13] অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেণ্ট এটলী (Clement Attlee) এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে।[14]
সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইণ্টবেটেন (Louis Mountbatten) এ ক্ংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে।[15] তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে।[15] ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে।[14] ভাৰতীয় স্বাধীনতা আইন ( Indian Independence Act 1947) ৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়।
দেশ-বিভাজন আৰু স্বাধীনতা
8.30 am Swearing in of governor general and ministers at Government House 9.40 am Procession of ministers to Constituent Assembly 9.50 am State drive to Constituent Assembly 9.55 am Royal salute to governor general 10.30 am Hoisting of national flag at Constituent Assembly 10.35 am State drive to Government House 6.00 pm Flag ceremony at India Gate 7.00 pm Illuminations 7.45 pm Fireworks display 8.45 pm Official dinner at Government House 10.15 pm Reception at Government House
Constituent Assembly of India ই ১৪ আগষ্টৰ দিনা নতুন দিল্লীৰ Constitution Hall ত মিলিত হয়। ইয়াৰ সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। এই সভাত পণ্ডিত জৱাহৰলাল নেহৰুৱে বক্তৃতা দিয়ে আৰু কয় যে[20] -
Long years ago we made a tryst with destiny, and now the time comes when we shall redeem our pledge, not wholly or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom. A moment comes, which comes but rarely in history, when we step out from the old to the new, when an age ends, and when the soul of a nation, long suppressed, finds utterance. It is fitting that at this solemn moment, we take the pledge of dedication to the service of India and her people and to the still larger cause of humanity.
ভাৰতৰ তিনিটা জাতীয় বন্ধৰ দিনৰ এটা হ'ল স্বাধীনতা দিৱস। (অন্য দুটা হ'ল ২৬ জানুৱাৰীত পালন কৰা গণতন্ত্ৰ দিৱস আৰু ২ অক্টোবৰত পালন কৰা গান্ধী জয়ন্তী। ) ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত স্বাধীনতা দিৱস পালন কৰা হয়। স্বাধীনতা দিৱসৰ আগদিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতিক উদ্দেশি ভাষণ প্ৰদান কৰে। ১৫ আগষ্টৰ দিনা প্ৰধান মন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই পবিত্ৰ অনুষ্ঠানটোৰ সন্মানত ২১ জাই তোপধ্বনি কৰা হয়।[21] প্ৰধান মন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সঙ্গীত 'জন গণ মন' গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য'ত নিজ-নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে।[22][23] লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপাল সকলে পতাকা উত্তোলন কৰে।
সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়।[24] বিদ্যালয় আৰু মহাবিদ্যালয়বোৰতো পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান প্ৰধান চৰকাৰী ভৱনবোৰত আলোকসজ্জা কৰা হয়।[25] দিল্লী আৰু আনকেইখনমান মহানগৰত স্বাধীনতা দিৱস উপলক্ষে চিলা উৰোওৱা হয়।[21][26] বৃহৎ সংখ্যক বিভিন্ন আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ প্ৰতি থকা আনুগত্যৰ প্ৰতিকী ৰূপত ব্যৱহাৰ কৰা হয়।[27] নাগৰিকসকলে তেওঁলোকৰ পোচাক, ৰিষ্টবেণ্ড (wristbands), বাহন, ঘৰুৱা সামগ্ৰী আদি ৰাষ্ট্ৰীয় পতাকাৰ অনুকৰণত তিনিবৰণীয়া নক্সাৰে অলংকৃত কৰে।[27] সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দিবসৰ উদযাপন ৰাষ্ট্ৰীয়তাবাদ (nationalism)ৰ ক্ষুদ্ৰ পৰিসৰতে আবদ্ধ নাথাকি অন্যান্য সকলো দিশ সামৰি লোৱা দেখা গৈছে।[28][29]
বিশ্বৰ বিভিন্ন কোণত থকা প্ৰবাসী ভাৰতীয় সকলেও পেৰেড তথা অন্যান্য কাৰ্য্যসূচীৰে উলহ মালহেৰে এই দিবসটো পালন কৰে।[30] কোনো কোনো অঞ্চলত বিশেষকৈ নিউয়ৰ্ক আদি ঠাইত এই দিনটো 'ভাৰত দিবস' ৰূপে পৰিগণিত হৈ পৰিছে।[31]
সুৰক্ষাৰ প্ৰতি ভাবুকি
স্বাধীনতাৰ তিনি বছৰ পাছতেই নগা নেছনেল কাউন্সিলে উত্তৰ-পূৰ্বাঞ্চলত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনায়।[32] আশীৰ দশকত অঞ্চলটোত বিচ্ছিন্নতাবাদী গোটৰ বিক্ষোভ বৃদ্ধি পায়। সংযুক্ত মুক্তি বাহিনী, অসম, নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড আদি সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণ, বৰ্জনৰ আহ্বানে স্বাধীনতা দিৱস উদ্যাপনত ব্যাঘাত জন্মায়।[33]জম্মু আৰু কাশ্মীৰত আশীৰ দশকৰ পৰা বাঢ়ি অহা বিদ্ৰোহত[34] বিচ্ছিন্নতাবাদী বিক্ষোভকাৰীসকলে "বন্ধ"ৰ আহ্বান দি, ক'লা পতাকাৰ ব্যৱহাৰ কৰি আৰু পতাকা জ্বলাই এই দিৱস বৰ্জন কৰে।[35][36][37]লস্কৰ-ই-তৈবা, হিজ্বুল মুজাহিদীন আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদানৰ লগতে স্বাধীনতা দিৱসৰ আশে-পাশে আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে।[38] মাও বিদ্ৰোহী সংগঠনসমূহেও স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাই আহিছে।[39][40]
স্বাধীনতা দিবসৰ দিনা দূৰদৰ্শন তথা ৰেডিঅ' চেনেল সমূহত সমগ্ৰ দেশতে হিন্দী তথা অন্যান্য ৰাজ্যিক ভাষাসমূহত দেশ-প্ৰেমমূলক প্ৰচাৰ কৰা হয়।[45] পতাকা উত্তোলনৰ অনুষ্ঠান সমূহতো এনে সংগীত পৰিবেশন কৰা হয়।[45] তদুপৰি দেশজুৰি দেশপ্ৰেমমূলক চলচ্চিত্ৰও প্ৰদৰ্শিত হয়।[24] তদুপৰি বহু লোকে জাতীব পোছাক বা ত্ৰিৰংগী পতাকাৰ লগত সামঞ্জস্য ৰাখি পোছাক পৰিধান কৰে।[28][46] বহুজাতিক কোম্পানী তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে এই দিনটোৰ লগত সংগতি ৰাখি ৰেহাই মূল্যৰো ব্যৱস্থা কৰে।[47][48]
ভাৰতীয় ডাকবিভাগে স্বাধীনতা আন্দোলনৰ নেতা সকলক লৈ ১৫ আগষ্টৰ দিনটোতে ডাকটিকট প্ৰচলন কৰে।[49] ইণ্টাৰনেটত গুগুলে ২০০৩ চনৰ পৰা এই দিনটোতে ভাৰতীয় হোমপেজ সমূহত স্বাধীনতা দিবসৰ সৈতে সংগতি ৰাখি বিশেষ গুগুল দুদুল প্ৰস্তুত কৰি আহিছে।[50]
↑Datta, V.N. (2006). "India's Independence Pledge". In Gandhi, Kishore. India's Date with Destiny. Allied Publishers. পৃষ্ঠা. 34–39. ISBN978-81-7764-932-1. "We recognise, however, that the most effective way of getting our freedom is not through violence. We will therefore prepare ourselves by withdrawing, so far as we can, all voluntary association from British Government, and will prepare for civil disobedience, including non-payment of taxes. We are convinced that if we can but withdraw our voluntary help and stop payment of taxes without doing violence, even under provocation; the need of his inhuman rule is assured. We therefore hereby solemnly resolve to carry out the Congress instructions issued from time to time for the purpose of establishing Purna Swaraj."
↑Hyam, Ronald (2006). Britain's Declining Empire: the Road to Decolonisation, 1918–1968. Cambridge University Press. পৃষ্ঠা. 106. ISBN978-0-521-68555-9. "By the end of 1945, he and the Commander-in-chief, General Auckinleck were advising that there was a real threat in 1946 of large-scale anti-British disorder amounting to even a well-organized rising aiming to expel the British by paralysing the administration. ...it was clear to Attlee that everything depended on the spirit and reliability of the Indian Army:"Provided that they do their duty, armed insurrection in India would not be an insoluble problem. If, however, the Indian Army was to go the other way, the picture would be very different. ...Thus, Wavell concluded, if the army and the police "failed" Britain would be forced to go. In theory, it might be possible to revive and reinvigorate the services, and rule for another fifteen to twenty years, but:It is a fallacy to suppose that the solution lies in trying to maintain the status quo. We have no longer the resources, nor the necessary prestige or confidence in ourselves."
↑Brown, Judith Margaret (1994). Modern India: the Origins of an Asian Democracy. Oxford University Press. পৃষ্ঠা. 330. ISBN978-0-19-873112-2. "India had always been a minority interest in British public life; no great body of public opinion now emerged to argue that war-weary and impoverished Britain should send troops and money to hold it against its will in an empire of doubtful value. By late 1946 both Prime Minister and Secretary of State for India recognized that neither international opinion nor their own voters would stand for any reassertion of the raj, even if there had been the men, money, and administrative machinery with which to do so"
↑Sarkar, Sumit (1983). Modern India, 1885–1947. Macmillan. পৃষ্ঠা. 418. ISBN978-0-333-90425-1. "With a war weary army and people and a ravaged economy, Britain would have had to retreat; the Labour victory only quickened the process somewhat."
↑ 16.016.116.2Guha, Ramachandra (2007). India After Gandhi: The History of the World's Largest Democracy. প্ৰকাশক London: Macmillan. ISBN978-0-230-01654-5.
↑Keay, John (2000). India: A History. Grove Press. পৃষ্ঠা. 508. ISBN9780802137975. "East to west and west to east perhaps ten million fled for their lives in the greatest exodus in recorded history."