অসমৰ কাঁহ শিল্পকাঁহ (ইংৰাজী: Bell Metal) এবিধ ৰাসায়নিক মিশ্ৰ ধাতু। ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালী সুকীয়া। ৰাং (Tin) আৰু তাম (Copper), এই দুই ধাতু নিৰ্দিষ্ট উষ্ণতাত গলাই এক বিশেষ মিশ্ৰণ প্ৰক্ৰিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০:৮০। কেতিয়াবা সামান্য পৰিমাণে দস্তা (Zinc) আৰু সীহ (Lead) যোগ দিয়া হয়। ষোল্ল শতিকাত প্ৰথমে কাঁহ প্ৰস্তুত কৰা হৈছিল। কাঁহৰ অৱমন্দন (damping) নিম্ন, আৰু ইয়াক পশ্চিমৰ দেশত ঘাইকৈ ঘণ্টা সাজিবলৈ ব্যৱহাৰ কৰা হৈছিল।[1] এই ধাতু যথেষ্ট ব্যয়বহুল। অসমত কাঁহ শিল্পৰ আৰম্ভণিআহোম ৰাজত্বৰ কালতেই অসমৰ সৰ্থেবাৰীত কাঁহ-পিতল শিল্পৰ বিকশিত হ’বলৈ ধৰিছিল।[2] বহু ইতিহাসবিদে ক’ব খোজে যে, আহোম ৰজা ৰুদ্ৰ সিংহৰ প্ৰচেষ্টাত সৰ্থেবাৰী আৰু হাজো অঞ্চলত কাঁহ-পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ এক শ্ৰেণীৰ লোক নিয়োগ কৰা হৈছিল।[2] আহোম যুগত অসমৰ কাঁহ শিল্পত ব্যৱহৃত কেইবিধমান সঁজুলি আছিল এনেধৰণৰ – নিয়াৰি (পিতল খুন্দা লোৰ ডাঙৰ যতন), বেলমূৰি (মজলীয়া আকাৰৰ নিয়াৰি), চাতুলি (সৰু আকাৰৰ নিয়াৰি), সৰাহ (কাঁহ পিতল পোনাবলৈ ব্যৱহাৰ কৰা যতন), আফুৰি (জুইশাল) আদি।[2] কাঁহৰ সঁজুলি প্ৰস্তুত প্ৰণালীঅসমত এই কাঁহ ধাতুৰ পৰাই কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়। কাঁহৰ বাচন-বৰ্তন নিৰ্মাণ প্ৰণালীটোৰো এক বিশেষ কৌশল আছে। [3] প্ৰথমতে কাঁহখিনি আফৰৰ জুইত মুহিৰ ভিতৰত থৈ গলাই লোৱা হয়। তাৰ পাছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়। চেঁচা হোৱাৰ পাছত ই টান হৈ পিঠাৰ আকৃতি লয়। তাৰপিছত এইবোৰ তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচন গঢ় লোৱালৈকে কোবাই থকা হয়। মূল ওজা কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ ধৰি লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে। ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইৰ তাপ দি সৰু হাতুৰীৰে কোবাই মিহি কৰা হয়। ইয়াৰ পাছত পানীত কিছুসময় জুবুৰিয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি কৰাৰ লগতে চাফা কৰা হয়। পিছত আকৌ কুন্দাত দি গুণা টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয়। শেষত ইয়াৰ ওপৰত ছেনাৰ সহায়ত ফুল-পাত,লতা আদি কটা হয়। যি ঠাইত এই প্ৰস্তুতকৰণ প্ৰণালী সম্ভৱ হয় তাক গঢ়শাল বুলি কোৱা হয়। গঢ়শালত কমেও আঠ-দহজনীয়া লোকৰ একোটা দলৰ লোকে কাম কৰে। গঢ়শালৰ মুখ্য কঁহাৰজনক “ওজা কহাঁৰ” আৰু বাকী কেইজনক “ভাইগা কহাঁৰ” বুলি কোৱা হয়। কাঁহ শিল্পৰ সঁজুলিসমূহ
অসমৰ কাঁহ শিল্পৰ লগত জড়িত অঞ্চলসমূহহাজো, সৰ্থেবাৰী অসমৰ কাঁহ শিল্পৰ বাবে বিখ্যাত।[3] অতীজৰেপৰা বৰ্তমানলৈকে জাতীয় ঐতিহ্যপূৰ্ণ এই শিল্পটো এই অঞ্চলত বৰ্তমানলৈকে জীয়াই আছে। আহোম ৰাজত্বকালত হাজো, সৰ্থেবাৰীৰ বাহিৰেও উজনি অসমৰ তিতাবৰ, ৰহা, ঢেকিয়াজুলি আদি ভালেমান ঠাইত কাঁহ শিল্পৰ প্ৰচলন আছিল। কিন্তু কালৰ সোঁতত এই শিল্পটো সেই ঠাইৰপৰা নোহোৱা হ’ল। কাঁহৰ বিভিন্ন সামগ্ৰীগঢ়শালত গঢ়া কাঁহৰ সামগ্ৰীসমূহ এনেধৰণৰ- কাঁহী, সাধাৰণতে ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। এই কাঁহী বিভিন্ন ধৰণৰ যেনে:-
আঞ্জা, জলপান খাবলৈ ব্যৱহাৰ কৰা বাচনক বাতি বোলা হয়। বিভিন্ন ধৰণৰ বাতি হ’ল-
অন্যান্য সামগ্ৰীসমূহ
এই প্ৰধান সামগ্ৰীবোৰৰ উপৰিও ফুলদানি, টেমী, কলচী, দাপনী, জাৰী চামুচ আদি সামগ্ৰীও নিৰ্মাণ কৰা দেখা যায়। বৰ্তমানৰ কাঁহ-শিল্পৰ অৱস্থাবৰ্তমান অসমৰ কাঁহ-শিল্প ধবংসৰ দিশলৈ গতি কৰিছে। ইয়াৰ ধবংসৰ কাৰণ বৰ্ণনা কৰি আঞ্চলিক কঁহাৰ সংঘৰ সম্পাদক মহিৰাম দাসে দ্য চানডে ইণ্ডিয়ানক কয়:
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|