অনুসুয়া
অনসূয়া বা অনুসূয়া (সংস্কৃত: अनसूया, অৰ্থ: 'ঈৰ্ষাৰ পৰা মুক্ত') হৈছে প্ৰাচীন কালৰ ঋষি অত্ৰীৰ ধৰ্মপত্নী। ৰামায়ণত অনুসূয়াক চিত্ৰকূট বনৰ দক্ষিণ অংশত নিজৰ পতিৰ সৈতে জুপুৰীত বাস কৰিছিল। তেওঁ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল আৰু পূজা-পাৰ্বণ তথা তপস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল। যাৰ বাবে তেওঁ ঐশ্বৰিক শক্তিৰ অধিকাৰী হৈ পৰিছিল। ৰাম আৰু সীতাই বনত থকা সময়ত অনুসূয়াক দেখা কৰিছিল। তেতিয়া অনুসূয়াই দুয়োকে আদৰ যত্ন কৰাৰ লগতে সীতাৰ সৌন্দৰ্য্য অক্ষুণ্ণ ৰাখিবলৈ এবিধ প্ৰসাধনৰ সামগ্ৰী প্ৰদান কৰিছিল।[1] তেওঁ ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ অৱতাৰ দত্তাত্ৰেয়ৰ মাতৃ আছিল। তেওঁ চন্দ্ৰদেৱৰ মানৱীয় অৱতাৰৰ মাতৃ আছিল। তেওঁ ঋষি কৰ্দম আৰু দেৱাহুতিৰ পুত্ৰী আছিল। অনুসূয়া আৰু অত্ৰীৰ কাহিনীঅনুসূয়াৰ পৰিয়ালৰ বিষয়ে ভাগৱত পুৰাণৰ তৃতীয় স্কন্দত বৰ্ণনা কৰা আছে। ঋষি কৰ্দমে স্বয়ম্ভূ মনুৰ কন্যা দেৱাহুতিক বিবাহ কৰাইছিল। তেওঁলোকৰ দহোটি সন্তান আছিল। তাৰে এটা পুত্ৰসন্তান আৰু নগৰাকী কন্যাসন্তান। পুত্ৰসন্তান কপিলা মহৰ্ষি আছিল ভগৱান বিষ্ণুৰ অৱতাৰ। অনুসূয়া আছিল নগৰাকী কন্যাৰ এগৰাকী আৰু তেওঁ অত্ৰী ঋষিৰ সৈতে বিয়া হৈছিল।[2] সতী অনুসূয়া আশ্ৰমমধ্যপ্ৰদেশৰ মন্দাকিনী নদীৰ উজনিৰ পিনে থকা চিত্ৰকূট হাবিত সতী অনুসূয়া আশ্ৰম অৱস্থিত। সেই হাবিখন খুব ঘন আৰু বিভিন্ন চৰাইৰ কলকলনিৰে মুখৰিত হৈ থাকে। ঋষি অত্ৰী আৰু তেওঁৰ পত্নী অনুসূয়াই তিনিটা সন্তানৰ সৈতে তাত বাস কৰিছিল। বাল্মিকীয়ে ৰামায়ণত বৰ্ণনা কৰিছে যে এবাৰ চিত্ৰকূট বনত একেৰাহে দহ বছৰ ধৰি বৰষুণ হোৱা নাছিল। তাত ভয়ানক দুৰ্ভিক্ষ হোৱাৰ বাবে পশু-পক্ষীৰ বাবে খাদ্যৰ খুব নাটনি হৈছিল। সতী অনুসূয়াই ঘোৰ তপস্যা আৰু পূজা-পাৰ্বণৰ জৰিয়তে মন্দাকিনী নদীক পৃথিৱীলৈ বোৱাই আনিবলৈ সক্ষম হৈছিল। যাৰ ফলত চিত্ৰকূট বন পুনৰ সেউজীয়া হৈ পৰিছিল আৰু লগতে সকলো জীৱৰ অভাৱ-অনাটনৰ অন্ত পৰিছিল।[3] বৰ্তমান সতী অনুসূয়া আশ্ৰম এখন খুবেই শান্তিপূৰ্ণ ঠাই য'ত পাহাৰৰ পৰা নামি অহা বিভিন্ন জান-জুৰিয়ে মন্দাকিনী নদীৰ গঠন কৰিছে। এইটো কোৱা হৈছে যে ৰাম আৰু সীতাই বনবাসৰ সময়ত সেই আশ্ৰম দৰ্শন কৰিছিল আৰু তেতিয়াই সতী অনুসূয়াই সীতাদেৱীক সতীত্বৰ মহত্ত্বৰ বিষয়ে বৰ্ণনা কৰিছিল। সেই অংশৰ পৰাই গভীৰ দণ্ডকাৰণ্য আৰম্ভ হৈছিল। সেই ঠাই ৰাৱণৰ অধীনত আছিল। ৰাৱণে শক্তিশালী ৰাক্ষস যেনে খাৰা আৰু বিৰাধাক তাৰে শাসক হিচাপে নিযুক্ত কৰিছিল। সেই অঞ্চলত ৰাক্ষসৰ সন্ত্ৰাস বিৰাজ কৰিছিল।[4] চৰিত্ৰ ৰূপায়ণ১৯৫৭ আৰু ১৯৭১ত সতী অনুসূয়া নামৰ দুখন বোলছবি তেলেগু ভাষাত নিৰ্মিত হৈছিল। ১৯৫৭ৰ ছবিখন কদৰু নাগভূষণমৰ নিৰ্দেশনাত নিৰ্মিত হৈছিল।[5] ১৯৭১ৰ ছবিখন নিৰ্দেশনা কৰিছিল বি এ চুব্বা ৰাওৱে।[6] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia