ৰাণী কি বাৱ
ৰাণী কি বাৱ (ইংৰাজী: Rani ki Vav) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাটন চহৰত অৱস্থিত এক ঐতিহাসিক স্থল। আক্ষৰিক ভাবে ৰাণী কি বাৱৰ অৰ্থ হৈছে 'ৰাণীৰ খটখটিযুক্ত কুঁৱা'। এই স্থল সৰস্বতী নদীৰ পাৰত অৱস্থিত। একাদশ শতিকাৰ চৌলুক্য ৰজা ভীম প্ৰথমৰ পত্নী উদয়মতী ইয়াক নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। সময়ৰ সোঁতত মাটিত পোত যোৱাৰ পিছত ১৯৪০ চনত ইয়াক পুনৰ আৱিষ্কাৰ কৰা হয় আৰু ১৯৮০ চনত ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে পুনৰুদ্ধাৰ কৰে। ২০১৪ চনত ইয়াক ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে তালিকাভুক্ত কৰা হৈছে। এই খটখটিযুক্ত কুঁৱাটো পানীৰ পৱিত্ৰতাক সুচাবলৈ ওলোটা মন্দিৰ হিচাপে ডিজাইন কৰা হৈছে। ইয়াক ভাস্কৰ্য্যৰ শাৰীৰ সৈতে সাতটা স্তৰৰ চিৰিত বিভক্ত কৰা হৈছে। এই ভাস্কৰ্যৰ শাৰীসমূহত ৫০০ৰো অধিক প্ৰধান ভাস্কৰ্য্য আৰু ১০০০ৰো অধিক সৰু ভাস্কৰ্য্য আছে। ৰাণী কি বাৱৰ ভাস্কৰ্যসমূহত ধৰ্মীয়, ধৰ্মনিৰপেক্ষ আৰু প্ৰতীকী চিত্ৰকল্পৰ সংমিশ্ৰণ ঘটিছে। ইতিহাস![]() চৌলুক্য বংশৰ শাসন কালত ৰাণী কি বাৱ নিৰ্মাণ কৰা হৈছিল। ই সৰস্বতী নদীৰ পাৰত অৱস্থিত।[1] ১২০০ খ্ৰীষ্টাব্দৰ পৰা ১২১০ খ্ৰীষ্টাব্দৰ ভিতৰত দিল্লীৰ চুলতান কুতুব-উদ্দিন আইবাকে আৰু ১২৯৮ খ্ৰীষ্টাব্দত পুনৰ আল্লাউদ্দিন খিলজীয়ে পাটন চহৰত লুটপাত চলাইছিল।[2] ১৩০৪ চনত জৈন সন্ন্যাসী মেৰুতুংগৰ দ্বাৰা ৰচিত প্ৰবন্ধ-চিন্তামণিত উল্লেখ আছে: "নৰবৰাহ খেংগাৰ কন্যা উদয়মতীয়ে সহস্ৰলিংগ পুখুৰীৰ গৌৰৱ অতিক্ৰম কৰি শ্ৰীপট্টন (পাটন)ত এই নৱতম খটখটিযুক্ত কুঁৱা নিৰ্মাণ কৰাইছিল।" এই গ্ৰন্থখনৰ মতে ১০৬৩ খ্ৰীষ্টাব্দত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই কুঁৱাৰ নিৰ্মাণ ২০ বছৰৰ পাছত সম্পূৰ্ণ হৈছিল। সাধাৰণতে ধাৰণা কৰা হয় যে ভীম প্ৰথমৰ স্মৃতিত (ৰাজত্ব কাল: ১০২২ – ১০৬৪ খ্ৰীষ্টাব্দ) তেওঁৰ ৰাণী উদয়মতীয়ে নিৰ্মাণ কৰাইছিল। সম্ভৱতঃ ৰজাৰ মৃত্যুৰ পিছত উদয়মতী আৰু কৰ্ণে সম্পূৰ্ণ কৰিছিল যদিও এয়া সম্পূৰ্ণ হোৱাৰ সময়ত ৰাণী উদয়মতী বিধৱা আছিল নে নাই সেয়া বিতৰ্কিত। একে বছৰতে নিৰ্মিত মাউণ্ট আবু পৰ্বতৰ অৱস্থিত বিমলশ্বাহী মন্দিৰৰ সৈতে স্থাপত্যৰ সাদৃশ্যৰ ভিত্তিত ৰাণী কি বাৱৰ নিৰ্মাণৰ সময় ১০৩২ খ্ৰীষ্টাব্দ বুলি ধাৰণা কৰা হয়।[3][4][5] পৰৱৰ্তী সময়ত ৰাণী কি বাৱক সৰস্বতী নদীৰ বানে বুৰাই পেলায় আৰু সম্পূৰ্ণৰূপে পলসত পোত যায়।[6] ১৮৯০ চনত হেনৰী কাউচেন্স আৰু জেমছ বাৰ্জেছে ইয়ালৈ ভ্ৰমণ কৰোঁতে ইয়াক সম্পূৰ্ণৰূপে মাটিৰ তলত পোত যোৱা অৱস্থাত আৱিষ্কাৰ কৰে। সেইসময়ত কেৱল কুঁৱাৰ খাদ আৰু কেইটামান স্তম্ভহে দৃশ্যমান অৱস্থাত আছিল। তেওঁলোকে ইয়াক ৮৭ মিটাৰ (২৮৫ ফুট) জোখৰ এটা বিশাল গাঁত বুলি বৰ্ণনা কৰিছিল। ট্ৰেভেলছ ইন ৱেষ্টাৰ্ণ ইণ্ডিয়া গ্ৰন্থত জেমছ টডে উল্লেখ কৰিছে যে ৰাণী কি বাৱৰ পৰা পোৱা সামগ্ৰী সম্ভৱতঃ আধুনিক পাটনত নিৰ্মিত আনটো খটখটিযুক্ত কুঁৱা ত্ৰিকাম বাৰোট নি বাৱত (বাহাদুৰ সিং খটখটিযুক্ত কুঁৱা) পুনৰ ব্যৱহাৰ কৰা হৈছিল।[7][8] ১৯৪০ চনত বৰোদা ৰাজ্যৰ অধীনত কৰা খনন কাৰ্য্যত ৰাণী কি বাৱ উন্মোচিত হয়। ১৯৮৬ চনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপে(ASI) ইয়াৰ বিস্তৃত খনন আৰু পুনৰুদ্ধাৰ কৰে। খননৰ সময়ত উদয়মতীৰ এটা প্ৰতিমূৰ্তিও উদ্ধাৰ কৰা হয়। ১৯৮১ চনৰ পৰা ১৯৮৭ চনলৈকে এই পুনৰুদ্ধাৰৰ কাম কৰা হৈছিল।[3][6] ভাৰত চৰকাৰে ৰাণী কি বাৱক ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিসৌধ হিচাপে ঘোষণা কৰি ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰা ইয়াক সুৰক্ষিত কৰা হৈছে। ২০১৪ চনৰ ২২ জুনত ইয়াক ভাৰতৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[9][10] ২০১৬ চনৰ ভাৰতীয় অনাময় সন্মিলনত ইয়াক ভাৰতৰ "আটাইতকৈ পৰিষ্কাৰ প্ৰতিষ্ঠিত স্থান" হিচাপে নিৰ্বাচিত কৰা হৈছিল।[11] স্থাপত্যৰাণী কি বাৱক গুজৰাটৰ খটখটিযুক্ত কুঁৱা স্থাপত্যৰ উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয়। মাৰু-গুৰ্জৰ স্থাপত্য শৈলীৰ চূড়ান্ত পৰ্যায়ত খটখটিযুক্ত কুঁৱা নিৰ্মাণৰ কৌশল শীৰ্ষস্থান লাভ কৰাৰ সময়ত ইয়াক নিৰ্মাণ কৰা হৈছিল। এক জটিল কৌশলৰ আয়ত্তৰ প্ৰমাণৰ লিগতে বিশদ আৰু অনুপাতৰ ব্যৱহাৰৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰি ৰাণী কি বাৱক উৎকৃষ্ট স্থাপত্যৰ নিদৰ্শন হিচাপে গঢ়ি তোলে। ইয়াৰ স্থাপত্য আৰু ভাস্কৰ্য্যসমূহৰ সৈতে মাউণ্ট আবু পৰ্বতৰ বিমলশ্বাহী মন্দিৰ আৰু মধেৰাৰ সূৰ্য মন্দিৰৰ সৈতে মিল আছে।[3] ইয়াক নন্দ শৈলীৰ খটখটিযুক্ত কুঁৱা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৬৫ মিটাৰ (২১৩ ফুট), প্ৰস্থ ২০ মিটাৰ (৬৬ ফুট) আৰু গভীৰতা ২৮ মিটাৰ (৯২ ফুট)। চতুৰ্থ স্তৰটো আটাইতকৈ গভীৰ আৰু ই ৯.৫ মিটাৰ (৩১ ফুট) দৈৰ্ঘ্য আৰু ৯.৪ মিটাৰ (৩১ ফুট) প্ৰস্থৰ আয়তাকাৰ পুখুৰী এটাত পৰিগণিত হয়। এই পুখুৰীৰ গভীৰতা প্ৰায় ২৩ মিটাৰ (৭৫ ফুট)। ৰাণী কি বাৱৰ প্ৰৱেশদ্বাৰ পূব দিশত অৱস্থিত আনহাতে মূল কুঁৱাটো আটাইতকৈ পশ্চিম মূৰত অৱস্থিত। কুঁৱাটোৰ ব্যাস ১০ মিটাৰ (৩৩ ফুট) আৰু ই প্ৰায় ৩০ মিটাৰ (৯৮ ফুট) গভীৰ।[1][3] ৰাণী কি বাৱ সাতটা স্তৰৰ চিৰিত ভাগ কৰা হৈছে। এই স্তৰসমূহ তললৈ নামি গৈ এটা দ, বৃত্তাকাৰ কুঁৱা এটা পোৱা যায়। চিৰিযুক্ত কৰিডৰ এটা নিয়মীয়া ব্যৱধানত স্তম্ভযুক্ত, বহুমহলীয়া পেভিলিয়নৰ সৈতে বিভাজিত কৰা হৈছে। দেৱাল, খুঁটা, স্তম্ভ, বন্ধনী আৰু চ'তিবোৰ খোদিত আৰু স্ক্ৰলৱৰ্কেৰে অলংকৃত কৰা হৈছে। কাষৰ বেৰবোৰৰ ভেটিসমূহ সূক্ষ্ম আকৃতি আৰু ভাস্কৰ্য্যৰে অলংকৃত। ইয়াত ২১২টা খুঁটা আছে।[3] ভাস্কৰ্য
![]() ![]() ৰাণী কি বাৱত ৫০০ৰো অধিক প্ৰধান ভাস্কৰ্য্য আৰু হাজাৰৰো অধিক সৰু ভাস্কৰ্য্য আছে। ভাস্কৰ্যসমূহত ধৰ্মীয়, প্ৰতীকী আৰু ধৰ্মনিৰপেক্ষ চিত্ৰকল্পৰ সৈতে সংযুক্ত সাহিত্যিক ৰচনাত উল্লিখিত ৰূপৰ প্ৰতিফলন দেখা যায়।[1] ইয়াৰ অলংকৰণত দেৱ-দেৱী, ঐশ্বৰিক সত্তা, পুৰুষ-মহিলা, সন্ন্যাসী-সন্যাসিনী, পুৰোহিত আৰু সাধাৰণ লোকে বাস কৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনক চিত্ৰিত কৰা হৈছে। দৃশ্যমান আৰু অদৃশ্যকে ধৰি জীৱ-জন্তু, মাছ আৰু চৰাইৰ লগতে উদ্ভিদ আৰু গছ ইয়াৰ ভাস্কৰ্যসমূহত চিত্ৰিত কৰা হৈছে।[3][8] ইয়াক মাটিৰ তলৰ মন্দিৰ বা ওলোটা মন্দিৰ হিচাপে ডিজাইন কৰা হৈছে। ই ডিজাইনে পানীৰ পৱিত্ৰতাক প্ৰতিনিধিত্ব কৰে।[1] ইয়াত থকা ভাস্কৰ্য্যসমূহত অসংখ্য হিন্দু দেৱতাৰ চিত্ৰ চিত্ৰিত কৰা হৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মা, বিষ্ণু, শিৱ, গণেশ, কুবেৰ, লকুলীশ, ভৈৰৱ, সূৰ্য্য, ইন্দ্ৰ আৰু হয়গ্ৰীৱ আদি দেৱতা আৰু লক্ষ্মী, পাৰ্বতী, সৰস্বতী, চামুণ্ডা, ক্ষেমংকাৰী, সূৰ্য্যানী, সপ্তমাতৃকা আৰু দুৰ্গা (মহিষসুৰ্মৰ্দিনী হিচাপে) আদি উল্লেখযোগ্য। বিষ্ণুৰ সৈতে জড়িত ভাস্কৰ্য্যসমূহৰ সংখ্যা আন সকলো দেৱতাকতকৈ বেছি আৰু ইয়াৰ ভিতৰত শেষশায়ী বিষ্ণু (ক্ষীৰসাগৰত শেষনাগৰ সজ্জাত ভগৱান), বিশ্বৰূপ বিষ্ণু (বিষ্ণুৰ মহাজাগতিক ৰূপ) আৰু বিষ্ণুৰ দশাৱতাৰ (বিষ্ণুৰ দহটা অৱতাৰ) আদি অন্তৰ্ভুক্ত।[3][7] আন আন ভাস্কৰ্য্যসমূহৰ ভিতৰত ব্ৰহ্মা-সাবিত্ৰী, উমা-মহেশ্বৰ আৰু লক্ষ্মী-নাৰায়ণ আদি দেৱতাৰ পৰিয়াল আদিও দেখা যায়। আন আন ভাস্কৰ্য্যসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল অৰ্ধনাৰীশ্বৰ (শিৱ আৰু পাৰ্বতী ৰূপ) আৰু নৱগ্ৰহৰ ভাস্কৰ্য।[3][7] ইয়াত বৃহৎ সংখ্যক ঐশ্বৰিক সত্তা অপ্সৰাসমূহৰ ভাস্কৰ্য আছে। অপ্সৰাৰ ভাস্কৰ্য কিছুমানত তেওঁ ওঁঠত ৰং লগাই থকা অৱস্থা, সুগন্ধি ডাল এটা চোবাই থকা অৱস্থা বা এজন পুৰুষে তেওঁৰ ভৰিৰ যত্ন লৈ থকা অৱস্থা আদিত চিত্ৰিত কৰা হৈছে। তৃতীয় মহলীয়া পেভিলিয়নৰ উত্তৰ দিশত ভৰিত আঁকোৱালি লোৱা বান্দৰ এটাক ৰক্ষা কৰি থকা অপ্সৰাৰ ভাস্কৰ্য্য আছে। তেওঁৰ ভৰিৰ ওচৰত ডিঙিত সাপ লৈ নগ্ন নাৰী আছে। দীঘল চুলিৰে নাগকন্যা (সৰ্প ৰাজকুমাৰী)ৰ ভাস্কৰ্য্য, ৰাজহংসৰ লগতে ধ্ৰুপদী নৃত্যৰ অৱস্থানত আকাশী নৃত্যশিল্পীৰ চিত্ৰও আছে।[3] নাৰীৰ দৈনন্দিন জীৱন আৰু কাম-কাজত চিত্ৰিত কৰা বৃহৎ সংখ্যক ভাস্কৰ্য্য ইয়াত দেখা যায়। এগৰাকী মহিলাই চুলি ফণীয়াই থকা, কাণফুলি সামঞ্জস্য কৰি আইনাত নিজকে চাই থকা ৰূপত ভাস্কৰ্য পোৱা গৈছে। অন্যান্য ভাস্কৰ্য্যসমূহৰ ভিতৰত এগৰাকী মহিলাই চিঠি লিখা অৱস্থা, সোঁ ভৰিত বৃশ্চিক এটা উঠি যোৱা আৰু কাপোৰ পিছলি যোৱা এগৰাকী যুৱতী, এগৰাকী বাওঁনা সদৃশ মানুহৰ দাড়ি টানি থকা এগৰাকী যুৱতী, এগৰাকী মহিলাই হাতত মাছৰ কাঁহী এখন লৈ থকা অৱস্থাত এডাল সাপে তেওঁৰ ভৰিখন আগুৰি ধৰি মাছটোৰ ওচৰলৈ আগবাঢ়ি অহা দৃশ্য আদি উল্লেখযোগ্য। এটা ভাস্কৰ্য্যত তিতা চুলিৰে গা ধোৱাৰ পৰা ওলাই অহা এগৰাকী যুৱতী আৰু চুলিৰ পৰা মুকুতাৰ দৰে সৰি পৰা পানীৰ টোপালবোৰ ধৰি থকা ৰাজহংস এটাক চিত্ৰিত কৰা হৈছে। এই ভাস্কৰ্য্যসমূহত মহিলাসকলক খাৰু, কাণফুলি, ডিঙিৰ অলংকাৰ, কঁকালৰ অলংকাৰ, ভৰিৰ অলংকাৰ, মাৰ্জিত সাজ-পাৰ আৰু ভালদৰে ফণীয়াই থোৱা চুলিকে ধৰি গহনাৰে সজ্জিত ৰূপত দৰ্শোৱা হৈছে। ইয়াত বিভিন্ন ধৰণৰ মুখমণ্ডলৰ প্ৰকাশ আৰু আৱেগ চিত্ৰিত কৰা হৈছে। এই প্ৰকাশ আৰু আৱেগ সন্মিলিত মুখমণ্ডলে সৌন্দৰ্য্যৰ লগতে প্ৰেমক উচ্চ আৰু প্ৰলোভনমূলক ৰূপত প্ৰতিনিধিত্ব কৰে। মাতৃৰ প্ৰেমক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য্য যেনে এগৰাকী মহিলাই নিজৰ সন্তানক ধৰি চন্দ্ৰৰ ফালে আঙুলিয়াই তেওঁৰ মনোযোগ আঁতৰাই দিয়া, এগৰাকী মহিলাই নিজৰ সন্তানক গছৰ পৰা আম ছিঙি দিবলৈ ওখকৈ তুলি ধৰা, আৰু শিশুৰ সৈতে আমৰ বাগিচাত এগৰাকী মহিলা আদি ভাস্কৰ্য পোৱা গৈছে।[3]
কুঁৱাৰ খাদ ক্ৰমান্বয়ে বৃদ্ধি পোৱা অংশত বাহুবধনৰ বন্ধনী আছে। এইবোৰ প্ৰচুৰ পৰিমাণে অলংকৃত কৰা হৈছে।[8] দেৱালত কল্পবৃক্ষ খোদিত শিল্পকৰ্মই উৰ্বৰতা আৰু প্ৰকৃতি পূজাক প্ৰতিনিধিত্ব কৰে। আনহাতে কীৰ্তিমুখ আৰু মকৰৰ ভাস্কৰ্যয়ে নিম্নতল আৰু স্তম্ভৰ শোভা বৃদ্ধি কৰিছে।[3] স্থানীয়, জ্যামিতিক বস্ত্ৰ ডিজাইনৰ সৈতে মিল থকা জালিকৰ্মৰ আৰ্হি আৰু ডিজাইন আছে। ৰাণী কি বাৱৰ উত্তৰ প্ৰৱেশদ্বাৰৰ দেৱালত পৰম্পৰাগত পাটোলা শাৰীৰ ডিজাইনৰ বৈশিষ্ট্য দেখা যায়ইয়াৰ আৰ্হি হয়তো মন্দিৰত দেখা কাঠৰ খোদিত আৰু চিলিঙৰ পৰা লোৱা হৈছে।[3][8] ঘোঁৰা, হাতী আৰু সিংহৰ মূৰ্তিয়ে ইয়াৰ নিম্নতলৰ সাঁচ আৰু স্তম্ভসমূহ শোভিত কৰিছে।[3] চিত্ৰণ২০১৮ চনৰ জুলাই মাহৰ পৰা মহাত্মা গান্ধী নতুন ছিৰিজৰ ভাৰতীয় ₹১০০ টকাৰ নোটৰ পিছফালে ৰাণী কি বাৱৰ ছবি চিত্ৰিত কৰা হৈছে।[12] ![]() তথ্য উৎস
লগতে পঢ়ক
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia