চামুণ্ডা পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠী বা একাশীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰো অন্যতম।[3] চামুণ্ডা নামটো তেওঁ বধ কৰা চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ নামৰ সমষ্টি। পাৰ্বতীৰ আন এক বিকট ৰূপ কালীৰ সৈতে চামুণ্ডাৰ ওচৰ সম্পৰ্ক আছে। তেওঁক সততে পাৰ্বতী, কালী বা দুৰ্গাৰ সৈতে চিহ্নিত কৰা হয়।
চামুণ্ডাক শ্মশানস্থলী অথবা ডিমৰুৰ গছত চিত্ৰিত কৰা হয়। জীৱ-জন্তুৰ বলি-বিধান আৰু সুৰাৰে দেৱীৰ উপাসনা কৰা হয়। প্ৰাচীন কালত চামুণ্ডাৰ প্ৰতি নৰবলিও যচা হৈছিল। বৰ্তমান শৈৱ আৰু বৈষ্ণৱ পন্থাৰ প্ৰভাৱত বলি-বিধান কমি অহা দেখা যায়।
ব্যুৎপত্তি
ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰৰ মতে চামুণ্ডা মূলতঃ এগৰাকী জনজাতীয় দেৱী। মধ্য ভাৰতৰ বিন্ধ্য পৰ্বত নিবাসী জনজাতীয় লোকসকলে চামুণ্ডাৰ উপাসনা কৰিছিল। এই লোকসকলে দেৱীক জীৱ-জন্তু আৰু নৰবলিৰ উপৰিও নিচাযুক্ত পানীয় যাচিছিল। হিন্দু ধৰ্মৰ সৈতে চামিল হোৱাৰ পিছতো উপাসনাৰ এই পদ্ধতি চামুণ্ডাৰ তান্ত্ৰিক অৰ্চনাত ৰৈ যায়। চামুণ্ডাৰ বিকট ৰূপৰ সন্দৰ্ভত ভাণ্ডাৰকাৰে মত প্ৰকাশ কৰে যে চামুণ্ডা সততে বৈদিক যুগৰ ৰুদ্ৰ বা অগ্নিৰ সৈতে জড়িত হোৱাটোৱেই ইয়াৰ মুখ্য কাৰণ।[4] আন কিছু পণ্ডিতেও এই ক্ষেত্ৰত ভাণ্ডাৰকাৰৰ সৈতে সহমত প্ৰকাশ কৰে[5]
চিত্ৰন
মেঘ বা ৰক্তবৰ্ণ চামুণ্ডাক এক মুণ্ডমালা পৰিধান কৰা অৱস্থাত চিত্ৰিত কৰা হয়। তেওঁক চতুৰ্ভূজা, অষ্টভূজা, দশভূজা বা দ্বাদশভূজা হিচাপে ডম্বৰু, ত্ৰিশূল, তৰোৱাল, সৰ্প, খটভংগ, বজ্ৰ, ছিন্ন মুণ্ড, ৰক্তৰে পৰিপূৰ্ণ পানপাত্ৰ বা কপালা ধাৰণ কৰি এক শৱদেহ বা প্ৰেত অথবা পৰাজিত এক দানৱৰ ওপৰত অৱস্থান কৰা ৰূপত চিত্ৰায়িত কৰা হয়। হাড়-মূৰ আৰু সৰ্প তেওঁৰ অংগ ভূষণ। তেওঁ জপমালাও পৰিধান কৰে। শিৰোস্ত্ৰাণ হিচাপে চামুণ্ডাই সৰ্প অথবা লাওখোলা পিন্ধে। তেওঁৰ শিৰত অৰ্ধচন্দ্ৰও দেখা যায়।[6][7] চামুণ্ডাৰ চকুহাল জ্বলন্ত আৰু অশুভ আত্মাসমূহ তেওঁৰ সংগী।[7][8] কঙ্কাল বা ভূত আৰু শিয়াল আদি জন্তু তেওঁৰ চাৰিওকাষে বিৰাজমান আৰু এইসমূহে দেৱীয়ে অৱস্থান কৰা শৱদেহৰ মাংস ভক্ষণ কৰি থাকে। কেতিয়াবা এই সংগীসমূহে ছিন্ন মুণ্ড বা কপালাৰ পৰা নিগৰি পৰা ৰক্ত পান কৰি থকা দেখা যায়। এই কথাই সূচায় যে চামুণ্ডাই পৰাজিত শত্ৰুৰ ৰক্তপান কৰে।[9] ৰক্তপান কৰাৰ এই বৈশিষ্ট্য সকলো মাতৃকাৰে থকাৰ লগতে চামুণ্ডা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। কেতিয়াবা তেওঁক এটা ফেঁচাৰ পিঠিতো আসনৰত অৱস্থাত দেখা যায়।[7]
হিন্দুধৰ্মৰ দেৱীসকলৰ সচৰাচৰ দেখা পোৱা পূৰ্ণাংগ স্তনযুগল আৰু সুন্দৰ মুখাৱয়বৰ বিপৰীতে চামুণ্ডাৰ ৰূপে বাৰ্ধক্য, মৃত্যু, পচন আৰু ধ্বংসকে চিহ্নিত কৰে।[10] চামুণ্ডাক কালীৰে এক স্বৰূপ বুলি ধৰা হয় যি বাৰ্ধক্য আৰু মৃত্যুক সূচায়। তেওঁ এক ভয়লগা বৃদ্ধাৰ ৰূপ লৈ ভয় আৰু আতংকৰ সঞ্চাৰ কৰে।[11][12]
আখ্যানসমূহ
হিন্দু কিংবদন্তি অনুসৰি দেৱী কৌশিকীৰ ভ্ৰুৰ পৰা চণ্ডিকা জয়াসুন্দৰা হিচাপে চামুণ্ডাৰ উৎপত্তি হয় আৰু তেওঁক অসুৰৰাজ শুম্ভ আৰু নিকুম্ভৰ সেনাপতি চণ্ড আৰু মুণ্ডক বধ কৰাৰ দায়িত্ব দিয়া হয়। এক তয়াময়া যুঁজৰ অন্তত চণ্ড-মুণ্ডক চামুণ্ডাই বধ কৰে।[13]
তথ্য সংগ্ৰহ
↑Nalin, David R. (15 June 2004). "The Cover Art of the 15 June 2004 Issue". Clinical Infectious Diseases খণ্ড 39 (11): 1741–1742. doi:10.1086/425924. PMID15578390.
↑Vaisnavism Saivism and Minor Religious Systems By Ramkrishna G. Bhandarkar, p.205, Published 1995, Asian Educational Services, আই.এচ.বি.এন.81-206-0122-X
"Chamunda, the Horrific Destroyer of Evil [India, Madhya Pradesh] (1989.121)". In Timeline of Art History. New York: The Metropolitan Museum of Art, 2000–. http://www.metmuseum.org/toah/ho/07/ssn/ho_1989.121.htm (October 2006)