চণ্ডী
চণ্ডী (সংস্কৃত: चण्डी) বা চণ্ডিকা এগৰাকী হিন্দু দেৱী। চণ্ডিকা হৈছে দুৰ্গাৰ দৰে মহাদেৱীৰ আন এক স্বৰূপ।[1] তেওঁ শক্তিক প্ৰতিনিধিত্ব কৰে। চণ্ডিকা হৈছে মহাদেৱীৰ এক শক্তিশালী ৰূপ আৰু অশুভ শক্তিক নাশ কৰিবলৈ তেওঁ এই ৰূপ ধাৰণ কৰিছিল। ক্ৰমবিকাশচণ্ডী বা চণ্ডিকা নামৰ দ্বাৰা দেৱী মাহাত্ম্যক সৰ্বোচ্চ ঐশ্বৰিক শক্তি বুলি উল্লেখ কৰা হৈছে। চণ্ডীয়ে ব্ৰাহ্মণৰ (ব্ৰহ্ম) শক্তিক প্ৰতিনিধিত্ব কৰে। চণ্ড শব্দটোৱে অসাধাৰণ বৈশিষ্ট্যৰ ইংগিত দিয়ে আৰু এনেদৰে ই ব্ৰাহ্মণক বুজায় যি সময় আৰু স্থানৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে স্বতন্ত্ৰ। চণ্ডী শব্দটোৱে ব্ৰাহ্মণৰ ক্ৰোধৰ জ্বলন্ত শক্তিকো বুজায়।[2] দেৱী উপাসনা সম্পৰ্কীয় বিষয়ৰ পণ্ডিত ভাস্কৰৰায়ে 'খঙাল, ভয়ানক বা আৱেগিক' বুলি চণ্ডীৰ সংজ্ঞা দিছে।[3] পণ্ডিতসকলে এই বিষয়ত একমত নহয় যে এগৰাকী পুৰণি দেৱীৰ সংস্কৃতকৰণ হৈছিল নে এগৰাকী তল পৰি থকা দেৱীৰ পুনৰুত্থান হৈছিল। ব্ৰাহ্মণীয় গ্ৰন্থসমূহত চণ্ডীক সৰ্বোচ্চ দেৱী হিচাপে দেখা দিয়া হ'লেও বা নহ'লেও অতি প্ৰাৰম্ভিক দিনৰ পৰাই উপমহাদেশখনত তেওঁৰ উপাসনা কৰা হৈছিল। বিভিন্ন সূত্ৰৰ অনুসৰণ কৰা পণ্ডিতসকলে এই কথা প্ৰকাশ কৰে যে তেওঁ এক প্ৰাৰম্ভিক পুষ্টিবাদী আৱেগৰ অংশ আছিল।[4] দেৱীৰ আটাইতকৈ ভয়ংকৰ ৰূপ চণ্ডী হৈছে সাতশ শ্লোকযুক্ত (যাক দুৰ্গা সপ্তশতি বা চণ্ডী পাঠ বুলিও কোৱা হয়) কাব্যগ্ৰন্থ বিখ্যাত দেৱী মাহাত্ম্যৰ মুখ্য দেৱী। এই কাব্যত তেওঁ কেনেদৰে সৰ্বশ্ৰেষ্ঠ ৰাক্ষসবোৰৰ সৈতে যুঁজ দিয়ে আৰু তেওঁলোকৰ বিনাশ কৰে তাকে বৰ্ণোৱা হৈছে। বিৰোধীসকলৰ ধ্বংসকাৰী হিচাপে চণ্ডীক সকলো বাধা আঁতৰাই মানৱ জীৱনৰ চাৰিটা লক্ষ্য অৰ্থাৎ পুৰুষাৰ্থ প্ৰাপ্ত কৰিবলৈ অনুমতি প্ৰদান কৰিবলৌ আহ্বান জনাব পাৰি।[5] কিংবদন্তিচণ্ডিকা দুৰ্গাৰ অৱতাৰ। দুৰ্গাৰ তিনিটা প্ৰধান ৰূপ হৈছে মহাগৌৰী, চণ্ডিকা আৰু অপৰাজিতা। ইয়াৰ ভিতৰত চণ্ডিকাৰ চণ্ডী আৰু চামুণ্ডা নামৰ দুটা ৰূপ আছে যাক দেৱীয়ে ৰাক্ষস চণ্ড আৰু মুণ্ডক বধ কৰাৰ বাবে সৃষ্টি কৰিছে।[6][7] তেওঁক সৰ্বোচ্চ স্থানৰ দেৱী মহিষাসুৰমৰ্দিনী বা দুৰ্গা বুলি জনা যায় আৰু এই ৰূপেৰে তেওঁ মহিষাসুৰক বধ কৰে। তেওঁ কাত্যায়িনী, কৌশিকী বা অম্বিকা হিচাপেও জনাজাত যি শুম্ভ, নিশুম্ভ আৰু তেওঁলোকৰ সতীৰ্থ ৰাক্ষসসকলক বধ কৰে। [1] যেতিয়া দেৱতাসকল অসুৰৰ সৈতে দীৰ্ঘদিন ধৰি চলি অহা যুদ্ধত শক্তিহীন হৈ পৰিছিল তেতিয়াই দেৱতাসকলৰ শক্তিৰ পৰা দুৰ্গা দেৱীৰ জন্ম হয়। ঈশ্বৰৰ সকলো শক্তি ঐক্যবদ্ধ হৈ জ্যোতিপুঞ্জ হৈ পৰে। তাৰ পিছত সেই অতুলনীয় জ্যোতিয়ে সমস্ত ত্ৰিভুৱন ইয়াৰ উজ্জ্বলতাৰে পোহৰাই তুলি এক নাৰী ৰূপত আত্মপ্ৰকাশ কৰে।[8] অন্যান্য শাস্ত্ৰ-গ্ৰন্থসমূহত চণ্ডীক ৰাক্ষস ৰক্তবীজএ সৈতে যুঁজত কালীয়ে সহায় কৰা বুলি চিত্ৰিত কৰা হৈছে। চণ্ডীয়ে ৰক্তবীজক প্ৰহাৰ কৰোঁতে মাটিত পৰা তেওঁৰ তেজৰ প্ৰতিটো টোপালৰ পৰা এক নতুন ৰাক্ষসৰ জন্ম হৈছিল। সেয়ে কালীয়ে মাটিত পৰাৰ হোৱাৰ আগতে ৰক্তবীজৰ ৰক্তপান কৰি চণ্ডীক প্ৰথমে ৰাক্ষসৰ সৈন্যবাহিনী ধ্বংস কৰিবলৈ আৰু শেষত ৰক্তবীজক বধ কৰিবলৈ সহায় কৰে। [9] তথ্যসূত্ৰ
|