মকৰ
মকৰ (সংস্কৃত: मकर) হিন্দুধৰ্মৰ আখ্যানসমূহৰ এক কিংবদন্তিমূলক সামুদ্ৰিক প্ৰাণী। হিন্দু জ্যোতিষশাস্ত্ৰৰ মতে মকৰ হৈছে মকৰ ৰাশিৰ চিহ্ন। ই গংগা দেৱী, নৰ্মদা দেৱী আৰু জলভাগৰ অধিপতি দেৱতা বৰুণৰো বাহন।[1] মকৰক তোৰণ আৰু দুৱাৰদলিৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। সিংহাসনৰ কোঠালিৰ লগতে মন্দিৰসমূহত প্ৰৱেশপথ সুৰক্ষিত কৰাৰ বাবে আৰু পানীৰ ফোঁৱাৰাৰ নিৰ্গমন নলী হিচাপে হিন্দু আৰু বৌদ্ধ মন্দিৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত সঘনাই মকৰৰ মূৰ্তি ব্যৱহাৰ হয়। মকৰৰ আকৃতিৰ মকৰকুণ্ডল নামৰ কাণফুলি হিন্দু দেৱতাসকলে পিন্ধা দেখা যায়। উদাহৰণ স্বৰূপে শিৱ, বিষ্ণু, সূৰ্য আৰু চণ্ডীয়ে মকৰকুণ্ডল পৰিধান কৰে। মকৰ প্ৰেমৰ দেৱতা কামদেৱৰ প্ৰতীক। তেওঁক মকৰধ্বজ নামেৰেও জনা যায়। ইয়াৰ অৰ্থ হৈছে "যাৰ পতাকাত মকৰ অৱস্থিত।" ব্যুৎপত্তিমকৰ হৈছে এক সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে সাগৰীয় জন্তু বা ঘঁৰিয়াল।[2] ইয়াৰপৰাই ঘঁৰিয়ালৰ হিন্দী প্ৰতিশব্দ মগৰৰ (হিন্দী: मगर) উৎপত্তি হৈছে আৰু ইংৰাজী ভাষালৈও ইয়াৰ আমদানি ঘটিছে।[3] ইয়াৰ পৰিৱৰ্তে জৈন ধৰ্মগ্ৰন্থ সূৰ্যপ্ৰজাপতি পঢ়ি ৱুৰ্জবাৰ্গ বিশ্ববিদ্যালয়ৰ জোচেফ ফ্ৰিডৰিখ কোহল আৰু কেইবাগৰাকী জাৰ্মান বিজ্ঞানীয়ে দাবী কৰিছিল যে মকৰৰ ধাৰণাটো ডুগঙৰ ওপৰত আধাৰিত।[4][5][6] দক্ষিণ এছিয়াৰ শিহুৱেও মকৰৰ ধাৰণাটোলৈ অৱদান আগবঢ়াইছিল। তিব্বতীয় ক্ষেত্ৰত ইয়াক চু-শ্ৰীন বুলি কোৱা হয়[7] আৰু লগতে এক বৰ্ণসংকৰ জীৱকো বুজায়।[8] শাৰীৰিক গঠনমকৰক সাধাৰণতে সন্মুখভাগ স্থলচৰ প্ৰাণী যেনে শৰপহু, হৰিণ বা হাতী আৰু পিছৰ অংশ জলচৰ প্ৰাণী যেনে মাছ, ছীল বা সৰ্প হিচাপে দেখুওৱা হয়। অৱশ্যে কেতিয়াবা ময়ূৰ বা আনকি ফুলাম নেজেৰেও মকৰক চিত্ৰায়িত কৰা হয়। সমগ্ৰ হিন্দু সংস্কৃতিত মকৰক বিভিন্ন ৰূপত উপস্থাপন কৰা হয় যদিও আধুনিক পৃথিৱীত ইয়াৰ ৰূপ সদায় ঘঁৰিয়াল বা জলজ জীৱৰ সৈতে সাদৃশ্য থকা। জন বোৰ্ডমেন নামৰ এজন কলা বুৰঞ্জীবিদৰ মতে মকৰ আৰু চীনা ড্ৰেগনৰ চিত্ৰসমূহ গ্ৰীক কিংবদন্তিৰ কেটোছৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।[9] সিংহলৰ প্ৰাচীন শিল্পকৰ্মত মকৰ ছয় বা সাতটা বিভিন্ন প্ৰাণীৰ শৰীৰৰ অংশৰে গঠিত। ইয়াৰ ভিতৰত আছে হাতীৰ শুঁৰ, ঘঁৰিয়ালৰ কোৱাৰি, নিগনি বা বান্দৰজাতীয় জীৱৰ কাণ, বনৰীয়া গাহৰিৰ দাঁত, ময়ূৰৰ নেজ আৰু সিংহৰ ভৰি।.[10] প্ৰতীকচিহ্নবৈদিক যুগবৈদিক যুগত যেতিয়া ইন্দ্ৰ আছিল স্বৰ্গৰ অধিপতি আৰু বৰুণ আছিল সমুদ্ৰৰ দেৱতা। তেওঁৰ বাহন আছিল মকৰ।[11][12] বিষ্ণুৰ কুণ্ডলো মকৰৰ ৰূপত দেখুওৱা হয়।[8] কিন্তু মকৰকুণ্ডল শিৱয়ো ব্যৱহাৰ কৰিব পাৰে।[13] ইয়াৰ সমসাময়িক ব্যৱহাৰ হৈছিল চকু আৰু কাণৰ বাবে অলংকাৰ হিচাপে আৰু ইয়াক কইনাক বিবাহৰ উপহাৰ হিচাপে দিয়া হৈছিল। কিছুসংখ্যক পাৰম্পৰিক বিৱৰণে মকৰক জলভাগৰ গুঁইসাপৰ সৈতে সংযোগ কৰিছে, কিয়নো দুয়োবিধ জীৱৰ শৰীৰৰ অংশ যেনে কোৱাৰি, মাংস ইত্যাদিৰ সাদৃশ্য আছে আৰু ইয়াৰ কামোদ্দীপক গুণাগুণ আছে বুলি কোৱা হয়।[14] মকৰক সাধাৰণতে আংশিক স্তন্যপায়ী আৰু আংশিক মৎস্য হিচাপে উপস্থাপন কৰা হয়। বহুতো মন্দিৰত হাতীৰ শিৰৰ সৈতে অৰ্ধাংশ মৎস্য বা ছীলৰ ৰূপত ইয়াক চিত্ৰিত কৰা হয়। ইয়াক ঘঁৰিয়ালৰ শিৰ আৰু কোৱাৰি, মাছৰ বাকলি আৰু ময়ূৰৰ নেজ আৰু হাতীৰ শুৰেৰে সৈতেও দেখুওৱা হয়। পদুম ফুলৰ ওপৰত বহি থকা লক্ষ্মীক হাতীৰ আকৃতিৰ মকৰৰ জিভাখন টানি অনা ৰূপতো অংকন কৰা হয়। ইয়াৰ উদ্দেশ্য এয়াই যে এই দৃশ্যই দেৱী লক্ষ্মীক সমৃদ্ধি, সম্পদ আৰু কল্যাণৰ দেৱী হিচাপে প্ৰদৰ্শন কৰে।[8][3][14] ই নতুন এক শৃংখলাৰ উদ্ভৱ হোৱাৰ আগতে প্ৰয়োজন হোৱা বিশৃংখল অৱস্থা এটাক প্ৰতিনিধিত্ব কৰে।[8] মকৰ হৈছে প্ৰেম আৰু বাসনাৰ দেৱতা কামদেৱৰ প্ৰতীক। কামদেৱক 'মকৰ-কেতু' বুলিও কোৱা হয়। ইয়াৰ অৰ্থ হৈছে "মকৰৰ প্ৰতীকযুক্ত।" ই হৈছে ৰাশিসমূহৰ দশম চিহ্ন।[11] মধ্যযুগখ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা মকৰ বাসুদেৱ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ প্ৰতীকৰূপে চিহ্নিত হৈছিল। হৰিবংশ প্ৰভৃতি সাহিত্যত প্ৰদ্যুম্নক "মকৰধ্বজ" অৰ্থাৎ "মকৰৰ ধ্বজা সম্বলিত" বুলি আখ্যা দিয়া হৈছে।[21] বাসুদেৱৰ প্ৰতি উৎসৰ্গিত হেলিঅ'ডোৰাছ স্তম্ভৰ ওচৰৰ বেচনগৰত পোৱা এটা মকৰ সদৃশ ঘঁৰিয়ালৰ সৈতে প্ৰদ্যুম্নৰ সম্পৰ্ক স্থাপন কৰা হয়।[21] মহাভাৰততো মকৰ কৃষ্ণৰ পুত্ৰ তথা প্ৰেমৰ দেৱতা কামদেৱৰ সৈতে জড়িত।[21] পৰৱৰ্ত্তী হিন্দু প্ৰতীকচিহ্নহিন্দু প্ৰতীকচিহ্ন বা মূৰ্তিবিদ্যাত মকৰক গংগা দেৱীৰ বাহন হিচাপে উপস্থাপন কৰা হয়। মন্দিৰৰ দেৱালৰ কাষত, চিৰিৰ হাতনি বা প্ৰৱেশদ্বাৰৰ তোৰণ হিচাপে মকৰৰ প্ৰতিকৃতি দেখা পোৱা যায়।[3] হিন্দু মন্দিৰৰ আগশাৰীৰ স্থপতিবিদ (বাস্তুশাস্ত্ৰ) গণপতি স্থপতিয়ে মকৰক মাছৰ শৰীৰ, হাতীৰ শুড়, সিংহৰ ঠেং, বান্দৰৰ চকু, বৰাহৰ কাণ আৰু ময়ূৰৰ নেজৰ সৈতে এক কিংবদন্তিমূলক জীৱ বুলি বৰ্ণনা কৰিছে।[3] এক সংক্ষিপ্ত ব্যাখ্যা অনুসৰি: "এক প্ৰাচীন কিংবদন্তিমূলক প্ৰতীক, সংকৰ জীৱবিধ কেইবাটাও প্ৰাণীৰ পৰা সৃষ্ট যি সমূহীয়াভাৱে ঘঁৰিয়ালৰ প্ৰকৃতিযুক্ত। ইয়াত ঘঁৰিয়ালৰ তলভাগৰ হনু, হাতীৰ নাক বা শুড়, বনৰীয়া গাহৰিৰ দাঁত আৰু কাণ, বান্দৰৰ তীক্ষ্ণ চকু, মাছৰ বাকলি আৰু নমনীয় শৰীৰ, আৰু ময়ূৰৰ ঘূৰ্ণীয়মান নেজৰ বৈশিষ্ট্য আছে।" [3][22] পৰম্পৰাগতভাৱে মকৰক এক কিংবদন্তিমূলক জলজ জীৱ হিচাপে গণ্য কৰা হয়। সাধাৰণতে এনে চিত্ৰায়নসমূহত মকৰৰ অৰ্ধাংশ স্তন্যপায়ী আৰু অৰ্ধাংশ মাছ হিচাপে দেখুওৱা হৈছে। মগৰৰ সৈতে থকা ব্যুৎপত্তিগত সম্পৰ্কৰ বাবে কিছুমান পৰম্পৰাগত বিৱৰণে ইয়াক এটা ঘঁৰিয়ালৰ সৈতে চিনাক্ত কৰিছে। ইয়াক হাতীৰ অগ্ৰভাগ আৰু পশ্চাদ অংশ মাছৰ ফিছাৰ সৈতে চিত্ৰিত কৰিছে। মানৱ শৰীৰৰ সৈতে ঘঁৰিয়ালৰ এটা ৰূপকো পূৰ্বৰ সময়ছোৱাত ব্যৱহাৰ কৰা হৈছিল।[3][22] বহুতো মন্দিৰত হাতীৰ শিৰৰ সৈতে অৰ্ধাংশ মাছ বা ছীলৰ ৰূপত মকৰৰ চিত্ৰায়ন দেখা যায়। ঘঁৰিয়ালৰ শিৰ আৰু হাঁতোৰা, মাছৰ বাকলি, ময়ূৰৰ নেজ আৰু হাতীৰ শুড়ৰ সৈতেও মকৰৰ চিত্ৰন দেখা পোৱা যায়।[8] অন্যান্য কিছু বিৱৰণত ইয়াক গাঙ্গেয় ডলফিনৰ সৈতে চিনাক্ত কৰা হৈছে আৰু অন্যান্য কিছু বিৱৰণত ইয়াক হাতীৰ শিৰ আৰু মাছৰ শৰীৰৰ সৈতে চিত্ৰিত কৰিছে। এই পৰম্পৰাই মকৰক সকলো অস্তিত্ব আৰু উৰ্বৰতাৰ উৎস পানীৰ সৈতে সংযুক্ত কৰে।[3] হিন্দু মন্দিৰসমূহত প্ৰায়ে মকৰে একোজন দেৱতাৰ চাৰিওফালে বা তোৰণৰ গাঁথনি হিচাপে কাম কৰে। বৰুণক এক বিৰাটাকায় মকৰত বহি থকা এজন শুক্লবৰ্ণৰ মানুহ হিচাপেও দেখুওৱা হৈছে। সামুদ্ৰিক প্ৰাণী হিচাপে ইয়াক শিঙধাৰী প্ৰাণীৰ শিৰ আৰু ভৰি, আৰু মাছৰ শৰীৰ আৰু নেজৰ সৈতেও দেখুওৱা হয়।[23] লোৰে নিৰ্মিত মকৰৰ অৰ্ধাংশ হৰিণ আৰু অৰ্ধাংশ মাছৰ ৰূপতো দেখুওৱা হৈছে।[24] তথ্য সংগ্ৰহ
|