মৰিআম্মা
মৰি (তামিল: மாரி), যাক মৰিআম্মান (তামিল: மாரியம்மன்) আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰি আৰু মৰিআম্মা (তামিল: மாரியம்மா) বা সহজকৈ আম্মান বা আথা (তামিল: அம்மன், "মাতৃ") বুলি কোৱা হয়, তেখেত হৈছে তামিলনাডু আৰু কাষৰীয়া অঞ্চলত হিন্দু ধৰ্মত পূজিতা বৰষুণৰ দেৱী। তেখেত হৈছে তামিলনাডু আৰু থিৰুচৰাইৰ গ্ৰাম্য এলেকাত পূজিত প্ৰধান দেৱী। মৰি দুৰ্গা[1] আৰু পাৰ্বতীৰ[2] সৈতে নিবিড়ভাবে জড়িত।এইগৰাকী দেৱীক গ্ৰীষ্মকালৰ শেষৰপিনে বা শৰতৰ আদিভাগত পূজা পতা হয়। পূজাৰ সময়ত গোটেই তামিলনাডু আৰু ডেক্কান অঞ্চলত আদি থিৰুভিঝা নামৰ এটা বৃহৎ উৎসৱৰ আয়োজন কৰা হয়।দেৱীগৰাকীক মূলতঃ বৰষুণৰ কামনা কৰি আৰু বসন্ত আৰু কলেৰা ৰোগৰ পৰা পৰিত্ৰাণ বিচাৰি আৰাধনা কৰা হয়। দেৱী মৰিআম্মানক স্থানীয় পুথি-পাঁজিসমূহৰ দ্বাৰা পিডাৰি আৰু গ্ৰাম দেৱতা হিচাপে অব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা পূজা কৰা হয়। উৎপত্তিমৰিআম্মান এগৰাকী তামিল স্থানীয় লোককথাৰ দেৱী, যাক সম্ভৱতঃ প্ৰাক বৈদিক কালৰ পৰাই আৰাধনা কৰী অহা হৈছে। মৰি শব্দটোৰ তামিল ভাষাত অৰ্থ হৈছে বৰষুণ আৰু আম্মা মানে হৈছে মা। আৰাধনাঅবৈদিক পূজা পদ্ধতিৰে দেৱী মৰিআম্মাক আৰাধনা কৰা হয় আৰু পূজাত লোকনৃত্যৰ প্ৰদৰ্শন কৰা হয়।[3] মাটিৰ পাত্ৰত ৰন্ধা পোংগল আৰু কুঝ দেৱীক আগবঢ়োৱা হয়। তদুপৰি জুইৰ ওপৰেৰে খোজ কঢ়া আৰু নাক ফুটোৱাৰ দৰে কাৰ্য্যও কৰা হয়। তিৰুচিৰাপল্লীৰ ২০ কিলোমিটাৰ উত্তৰে থকা সময়পুৰম মন্দিৰত এতিয়াও হিন্দু নিয়মেৰে দেৱী মৰিআম্মাৰ পূজা কৰা হয়। য'ত মন্দিৰ সমিতিৰ দ্বাৰা তামিল থাইমাহত এঘাৰদিনীয়া থাইপুছম উৎসৱৰ আয়োজন কৰা হয়। সেই উৎসৱত প্ৰতিদিনে পুৱা আৰু গধূলি দেৱীৰ প্ৰতিমূৰ্তি বিভিন্ন বাহনত উঠাই শোভাযাত্ৰা কৰা হয়। দশম দিনৰ দিনা দেৱীগৰাকীৰ প্ৰতিমূৰ্তিক সময়পুৰমৰ পৰা শ্ৰীৰঙ্গমৰ ওচৰত থকা উত্তৰ কাবেৰী লৈ যোৱা হয় আৰু একাদশ দিনৰ দিনা ঘূৰাই আনি এই উৎসৱৰ সামৰণি মৰা হয়। এইদৰে তামিল চিত্ৰাই মাহত দহদিনীয়া চিত্ৰাই উৎসৱ আৰু পুৰত্ৰাচি মাহত নৱৰাত্ৰী উৎসৱ পালন কৰা হয়।[4] ভাৰতৰ বাহিৰত হো চি মিন চহৰ,[5] বেংকক,[6] কুৱালালামপুৰ[7] আৰু ছিংগাপুৰত[8] মৰিআম্মানৰ মন্দিৰ আছে। পৌৰাণিকশীতলা দেৱীক উত্তৰ ভাৰতত বসন্ত ৰোগ নিৰ্মূল কৰিবলৈ পূজা কৰা হয়। সেই শীতলা দেৱীকেই দক্ষিণ ভাৰতত মৰিআম্মান হিচাপে মনা হয়। জনশ্ৰুতি অনুসৰি দেৱীৰ শৰীৰ উত্তপ্ত হৈ থাকে আৰু ভক্তসকলে শীতল পানী বা গাখীৰেৰে দেৱীৰ শৰীৰ ধুৱাই দিয়ে যাতে দেৱীয়ে ৰোগৰ উত্তাপৰ উপশম ঘটাব পাৰে।[9] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia