সাবিত্ৰী খানোলকৰ
ছুইজাৰলেণ্ডৰ নিউচাটলত ইভ ইভন মাদয় ডি মাৰোছ নামেৰে জন্মগ্ৰহণ কৰা সাবিত্ৰী বায়ে ১৯৩২ চনত ভাৰতীয় সেনাৰ কেপ্তেইন (পৰৱৰ্তী সময়ত মেজৰ জেনেৰেল) বিক্ৰম ৰামজী খানোলকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়, আৰু পৰৱৰ্তী সময়ত নাম সলনি কৰি তেওঁ সাবিত্ৰী বাই খানোলকাৰ হৈ পৰে৷ তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ভাৰতে স্বাধীনতা-লাভৰ পিছতে এডজুটেণ্ট জেনেৰেল মেজৰ জেনেৰেল হীৰা লাল অটলে তেওঁক যুদ্ধত সাহসৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা পৰম বীৰ চক্ৰৰ ডিজাইন কৰিবলৈ কয়।[1][3] স্বাধীন ভাৰতৰ নতুন সামৰিক সজ্জা সৃষ্টি আৰু নামকৰণৰ দায়িত্ব সেইসময়ৰ মেজৰ জেনেৰেল অটলক দিয়া হৈছিল। খানোলকাৰক বাছি লোৱাৰ কাৰণ আছিল তেওঁৰ ভাৰতীয় সংস্কৃতি, সংস্কৃত আৰু বেদৰ প্ৰতি থকা গভীৰ আৰু আন্তৰিক জ্ঞান, যিয়ে ডিজাইনটোক সঁচাকৈয়ে ভাৰতীয় নীতি-ঐতিহ্যৰে সমৃদ্ধ কৰিব বুলি তেওঁ আশা কৰিছিল। কাকতলীয়ভাৱে প্ৰথম পৰম বীৰ চক্ৰটি প্ৰদান কৰা হৈছিল তেওঁৰ জ্যেষ্ঠ কন্যা কুমুদিনী শৰ্মাৰ ৪ কুমাও ৰেজিমেণ্টৰ ভায়েক মেজৰ সোমনাথ শৰ্মাক৷ মেজৰ সোমনাথ শৰ্মাক ১৯৪৭ চনৰ ৩ নৱেম্বৰত কাশ্মীৰত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত মৰণোত্তৰভাৱে এই সজ্জা প্ৰদান কৰা হৈছিল।[2] প্ৰাথমিক জীৱনসাবিত্ৰী বাই খানোলকাৰে ছুইজাৰলেণ্ডৰ নিউচাটেলত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ হাংগেৰীয় পিতৃ আন্দ্ৰে ডি মেডেই আছিল জেনেভা বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞানৰ অধ্যাপক আৰু ছ’চাইটি ডি ছ’চিয়েলজি ডি জেনেভৰ সভাপতি। মাতৃ আছিল ৰাছিয়ান আৰু তেওঁৰ নাম মাৰ্থে হেণ্টজেল্ট৷ তেখেতে ইনষ্টিটিউট জিন-জেক ৰুছ’ (ৰুছ’ ইনষ্টিটিউট)ত অধ্যাপনা কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক শৈশৱ জেনেভাত কটায়, য'ত তেওঁৰ মনত প্ৰকৃতি আৰু বাহ্যিক পৰিৱেশৰ প্ৰতি ভালপোৱা বিকশিত হয়। ১৯২৯ চনত কিশোৰী অৱস্থাতে তেওঁ বিক্ৰম ৰামজী খানোলকাৰক লগ পাইছিল। মাৰাঠী পৰিয়ালৰ খানোলকাৰ আছিল যুক্তৰাজ্যৰ চেণ্ডহাৰ্ষ্টৰ ৰয়েল মিলিটাৰী একাডেমীত প্ৰশিক্ষণ লৈ থকা ভাৰতীয় সেনাবাহিনীৰ যুৱ কেডেট, যি বিৰতিৰ সময়ত ছুইজাৰলেণ্ড ভ্ৰমণ কৰি আছিল। যদিও বিক্ৰম কিশোৰী ইভতকৈ বহু বছৰ ডাঙৰ আছিল, তথাপিও ইভ তেওঁৰ প্ৰেমত পৰিল। ইভৰ দেউতাকে অৱশ্যে তাইক ভাৰতৰ দৰে দূৰৈৰ দেশলৈ যাবলৈ দিবলৈ মান্তি নহ’ল৷ কিন্তু ইভ আছিল এগৰাকী দৃঢ়প্ৰতিজ্ঞ যুৱতী আৰু তেওঁৰ প্ৰেম আছিল প্ৰবল। কেইবছৰমানৰ পিছতে তেওঁ বিক্ৰমক অনুসৰণ কৰি ভাৰতলৈ আহে আৰু ১৯৩২ চনত লক্ষ্ণৌত বিক্ৰমক বিয়া কৰায়।[4]পৰৱৰ্তী সময়ত তেওঁ নিজৰ নাম সলনি কৰি সাবিত্ৰী বাই খানোলকাৰ হৈ পৰে। ভাৰতীয় সংযোগসাবিত্ৰী বাইৰ হিন্দু পৰম্পৰা আৰু আদৰ্শৰ সৈতে পৰিচয় ইমানেই ঘনিষ্ঠ আছিল যে ভাৰতীয় সমাজত তেওঁৰ একত্ৰীকৰণ মসৃণ আৰু অনায়াসে হৈছিল। তেওঁ নিৰামিষভোজী আছিল৷ তেওঁ সাৱলীল মাৰাঠী, সংস্কৃত আৰু হিন্দী ক’বলৈ শিকিছিল আৰু ভাৰতীয় সংগীত, নৃত্য আৰু চিত্ৰকলা শিকিছিল। তেওঁ সদায়ে দাবী কৰিছিল যে তেওঁ এগৰাকী ভাৰতীয় আত্মা যি "ভুলতে ইউৰোপত জন্ম" লৈছিল৷ তেওঁ হিন্দু শাস্ত্ৰ বহুলভাৱে পঢ়িছিল আৰু ভাৰতৰ প্ৰাচীন ইতিহাস আৰু কিংবদন্তিৰ বিষয়ে গভীৰ জ্ঞান আছিল। এই জ্ঞানৰ বাবেই পৰম বীৰ চক্ৰৰ পৰিচয়-কৰ্তা মেজৰ জেনেৰেল হীৰা লাল অটলে সাবিত্ৰী বাইক ডিজাইনৰ বাবে অনুৰোধ কৰিবলৈ বাধ্য হৈছিল৷ [5] [6] পৰম বীৰ চক্ৰৰ ডিজাইনসাবিত্ৰীবাইয়ে ডিজাইন কৰিবলৈ দধিচি ঋষিৰ কথা ভাবিছিল৷ তেওঁ আছিল এজন বৈদিক ঋষি যি দেৱতাৰ সমুখত চূড়ান্ত বলিদান দিছিল। তেওঁ নিজৰ শৰীৰটো ত্যাগ কৰিলে যাতে দেৱতাসকলে তেওঁৰ মেৰুদণ্ডৰ পৰা বজ্ৰ বা বজ্ৰপাত তৈয়াৰ কৰিব পাৰে। সাবিত্ৰীবাইয়ে মেজৰ জেনেৰেল হীৰা লাল অটলক তিব্বতত প্ৰচলিত দ্বৈত বজ্ৰৰ ডিজাইনটো দিছিল। কোৱা হয় যে সাবিত্ৰী বাই খানোলকাৰে ভাৰতৰ ইতিহাস অধ্যয়নৰ জৰিয়তে শিৱাজীক অন্যতম শ্ৰেষ্ঠ যোদ্ধা বুলি গণ্য কৰিছিল আৰু তেওঁক এই পদকৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিল। গতিকে তেওঁ শিৱাজীৰ তৰোৱাল ভৱনীক ভাৰতৰ সৰ্বোচ্চ যুদ্ধকালীন পদকত স্থান দিয়াটো নিশ্চিত কৰিছিল৷ তেওঁ এনে এটা ডিজাইন কৰিছিল য'ত ইন্দ্ৰৰ বজ্ৰক দুয়োফালে শিৱাজীৰ তৰোৱাল ভৱনীৰে আগুৰি আছিল।[7] পদকটো নিজেই সৰু। ইয়াক ১৩⁄৮ ইঞ্চি (৪১ মিলিমিটাৰ) ব্যাসৰ ব্ৰঞ্জৰে ঢালাই কৰা হয়। কেন্দ্ৰত, এটা উচ্চ বৃত্তৰ ওপৰত, ইন্দ্ৰৰ বজ্ৰৰ চাৰিটা প্ৰতিৰূপেৰে আগুৰি থকা অৱস্থাত ৰাষ্ট্ৰৰ প্ৰতীকটো দেখা যায় যাৰ দুয়োফালে তৰোৱাল আছে। সজ্জাটো এটা পোন ঘূৰ্ণনশীল ঝুলনৰ পৰা ওলমি থাকে, আৰু ইয়াক ৩২ মিলিমিটাৰ বেঙুনীয়া ৰঙৰ ফিটাৰে ধৰি ৰখা হয়। পৰৱৰ্তী জীৱনসাবিত্ৰী বাইয়ে বহু সামাজিক কাম কৰিছিল৷ এই কামবোৰ তেওঁ পিছৰ বছৰবোৰতো অব্যাহত ৰাখিছিল৷ দেশ বিভাজনৰ সময়ত স্থানচ্যুত হোৱা সৈনিক আৰু তেওঁলোকৰ পৰিয়াল তথা শৰণাৰ্থীসকলৰ সৈতে তেওঁ কাম কৰিছিল। ১৯৫২ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁ আধ্যাত্মিকতাৰ আশ্ৰয়লৈ যায় আৰু ৰামকৃষ্ণ মঠত অৱসৰ লয়। তেওঁ মহাৰাষ্ট্ৰৰ সন্তসকলৰ বিষয়ে এখন গ্ৰন্থ লিখিছিল যি আজিও জনপ্ৰিয়।[6] কিতাপখনৰ নাম হৈছে Saints of Maharashtra (মহাৰাষ্ট্ৰৰ সন্তসকল).(৷)[8] মৃত্যু১৯৯০ চনৰ ২৬ নৱেম্বৰত সাবিত্ৰী বাই খানোলকাৰৰ মৃত্যু হয়। [2][9]
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia