আব্দুল হামিদ
কোম্পানী কোৱাৰ্টাৰমাষ্টাৰ হাবিলদাৰ আব্দুল হামিদ ইদ্ৰিছি পি.ভি.চি. (ইংৰাজী: Abdul Hamid Idrisi ; ১ জুলাই ১৯৩৩ – ১০ ছেপ্টেম্বৰ ১৯৬৫), এজন ভাৰতীয় সেনা জোৱান আছিল। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়। ১৯৫৪ চনৰ ডিচেম্বৰ মাহত হামিদে ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়নত নিযুক্তি লাভ কৰে। চীন-ভাৰত যুদ্ধত তেওঁৰ বেটেলিয়নে পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে নামকা ছু যুদ্ধত অংশ লয়। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত খেম কৰণ–ভিখিৱিণ্ড লাইনৰ ছিমা গাঁৱৰ আগত ৪ৰ্থ গ্ৰেনেডিয়াৰ বেটেলিয়নক এক গুৰুত্বপূৰ্ণ স্থানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ১৯৬৫ চনৰ ৯–১০ ছেপ্টেম্বৰত আছাল উত্তৰৰ যুদ্ধত হামিদে আঠটা পাকিস্তানী টেংক ধ্বংস কৰে আৰু নৱম টেংক ধ্বংস কৰি নিহত হয়। সৈনিক জীৱন১৯৫৪ চনৰ ২৭ ডিচেম্বৰত তেওঁ ভাৰতীয় সেনাৰ গ্ৰেনেডিয়াৰ্ছ ৰেজিমেণ্টত যোগদান কৰে। পিছলৈ তেওঁক ৰেজিমেণ্টৰ ৪ৰ্থ বেটেলিয়ন (পূৰ্বতে ১০৯ নং ইনফেণ্ট্ৰি)ত নিযুক্তি দিয়া হয়, য'ত তেওঁ কৰ্মজীৱনৰ কেৰিয়াৰৰ বাকী সময়ছোৱাত সেৱা আগবঢ়ায়।[2] তেওঁ আগ্ৰা, অমৃতসৰ, জম্মু-কাশ্মীৰ, দিল্লী, নেফা আৰু ৰামগড়ত সেৱা আগবঢ়াইছিল।[3] ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ব্ৰিগেডিয়াৰজন ডালভিৰ কমাণ্ডত পৰিচালিত হামিদৰ বেটেলিয়ন ৭ নং ইনফেণ্ট্ৰি ব্ৰিগেডৰ অংশ আছিল আৰু পিপলছ লিবাৰেচন আৰ্মীৰ বিৰুদ্ধে “নামকা ছু”ৰ যুদ্ধত অংশ লৈছিল। চীনা সৈন্যই বিচ্ছিন্ন কৰি পেলোৱা বেটেলিয়নটোৱে খোজকাঢ়ি ভূটানত সোমাই অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীলৈ ওলাই আহে। যুদ্ধৰ সময়ত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বেটেলিয়ানৰ দ্বিতীয় লেফটেনেণ্ট জি ভি পি ৰাওক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল; হামিদে পৰম বীৰ চক্ৰ নোপোৱালৈকে এইটোৱে আছিল ভাৰতৰ স্বাধীনতাৰ পিছত বেটেলিয়নটোৱে লাভ কৰা সৰ্বোচ্চ বীৰত্বৰ বঁটা।[3] ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধজম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ পাকিস্তানৰ কৌশল আৰু ভাৰতীয় শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ সূত্ৰপাত কৰা “অপাৰেচন জিব্ৰাল্টাৰ”ৰ প্ৰস্তাৱনা হিচাপে পাকিস্তানী বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৰ সিপাৰে ধাৰাবাহিকভাৱে আগ্ৰাসনৰ চেষ্টা চলায়। ১৯৬৫ চনৰ ৫ আগষ্টৰ পৰা ১০ আগষ্টলৈ ভাৰতীয় সৈন্যই পাকিস্তানৰ পৰা হোৱা গণ অনুপ্ৰৱেশ ধৰা পেলায়। ধৰাপৰা লোকসকলৰ ভাষ্য আৰু বাজেয়াপ্ত হোৱা নথিপত্ৰৰ দ্বাৰা পাকিস্তানে গেৰিলা আক্ৰমণেৰে কাশ্মীৰ দখল কৰাৰ পৰিকল্পনা পোহৰলৈ আহিছিল; এই উদ্দেশ্যে পাকিস্তানীসকলে প্ৰায় ৩০,০০০ গেৰিলাক প্ৰশিক্ষণ দিছিল।[4] পাকিস্তানেও আক্ৰমণ আৰম্ভ কৰি ছাম্ব আৰু জৌৰিয়ান দখল কৰে। অমৃতসৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিসমূহকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়।[5] প্ৰতিৰোধী আক্ৰমণত ভাৰতে আন্তৰ্জাতিক সীমান্তৰ সিপাৰে অভিযান আৰম্ভ কৰে। ইচোগিল খালৰ[টোকা 1] পূব দিশত পাকিস্তানৰ ভূখণ্ড দখল কৰা আৰু কাছুৰ–খেম কৰণ অক্ষৰ কাষেৰে সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ দায়িত্ব চতুৰ্থ পদাতিক বিভাগৰ ওপৰত আৰোপ কৰা হয়। ৪ৰ্থ গ্ৰেনেডিয়াৰক খেম কৰণ–ভিখিৱিণ্ড লাইনৰ ছিমা গাঁৱ পোৱাৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ স্থানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল।[2] আচল উত্তাৰৰ যুদ্ধপ্ৰধান প্ৰবন্ধ: আচল উত্তাৰৰ যুদ্ধ
৪ৰ্থ গ্ৰেনেডিয়াৰ ১৯৬৫ চনৰ ৭–৮ ছেপ্টেম্বৰৰ মাজনিশা আহি উপস্থিত হয় আৰু দোকমোকালিলৈকে ৩ ফুট (০.৯১ মিটাৰ) দৈৰ্ঘ্যৰ খাল খান্দে। ৰাতিপুৱা ৭:৩০ বজাত তেওঁলোকে পাকিস্তানী টেংকৰ প্ৰথম ঘৰঘৰনি শুনে[6] আৰু ডেৰ ঘণ্টাৰ পিছত টেংকবোৰ ৰাস্তাৰে পাৰ হৈ যায়। হামিদে তেওঁৰ বেটেলিয়নৰ জংগা-মাউণ্টেড ৰিক'ইললেছ ৰাইফল (RCLR) ডিটেচমেণ্টৰ নেতৃত্ব দিছিল।[2] ৩০ ফুট (৯.১ মিটাৰ) দূৰৈৰ এখন পাকিস্তানী টেংকত হামিদে আৰ চি এল বন্দুকেৰে আঘাত হানে। তেতিয়ালৈকে বেটেলিয়নটোৱে গুলিবৰ্ষণ আৰম্ভ কৰা নাছিল। ইয়াৰ পিছত থকা আন দুটা পাকিস্তানী টেংকৰ সৈন্যসকলে পলায়ন কৰে। পুৱা ১১:৩০ বজাত ভাৰতীয় সৈন্যই প্ৰথম পাকিস্তানী আৰ্টিলাৰী আৰু তাৰ পিছতে পুনৰ আৰ্মাৰ আক্ৰমণৰ সন্মুখীন হয়। হামিদে পুনৰ আন এখন টেংকত আঘাত হানে আৰু তাৰ পিছৰ টেংকবোৰত থকা পাকিস্তানী সৈন্যসকল পুনৰ পলাই যায়। দিনটোৰ শেষলৈকে এটা অভিযান্ত্ৰিক কোম্পানীয়ে গ্ৰেনেডিয়াৰে অৱস্থান কৰা স্থানৰ চাৰিওফালে এণ্টি পাৰ্ছনেল আৰু এণ্টি টেংক মাইন স্থাপন কৰে।[7] ৯ ছেপ্টেম্বৰৰ পুৱা ৯:০০ বজাত তেওঁলোকৰ বেটেলিয়নটো পাকিস্তানী ছেবাৰ জেট বিমান আক্ৰমণৰ সন্মুখীন হয়, হৈছিল, যাৰ ফলত ব্যাপক হতাহত হয়। পুৱা ৯:৩০, ১১:৩০ বজাত আৰু দুপৰীয়া ২:৩০ বজাত পাকিস্তানীসকলে আৰ্মাৰ্ড আক্ৰমণ চলায়। সন্ধিয়ালৈকে হামিদে চাৰিটা টেংক ধ্বংস কৰি পেলাইছিল। বেটেলিয়নটোৱে মুঠ ১৩টা টেংক ধ্বংস কৰে আৰু বহুতো টেংক অচল কৰি পেলায়। ভাৰতীয়সকলে শ্বেৰমেন টেংকৰ এটা স্কোৱাড্ৰন প্ৰত্যাহাৰ কৰে; কাৰণ আমেৰিকাত নিৰ্মিত পাকিস্তানী পেটন টেংকৰ বিৰুদ্ধে শ্বেৰমেন টেংক বোৰ অকাৰ্যকৰী আছিল। টেংক যুদ্ধৰ বাবে অধিক উপযুক্ত স্থানত নিয়োগ কৰিবলৈ চেঞ্চুৰিয়ান টেংকবোৰো প্ৰত্যাহাৰ কৰা হৈছিল। ফলস্বৰূপে ৪ৰ্থ গ্ৰেনেডিয়াৰে হাতত মাত্ৰ আৰ.চি.এল. বন্দুক আৰু মাইনহে বাকী থাকিল।[7] ১০ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৮:০০ বজাত তিনিটা টেংক আহিল, এটা আগত আৰু আন দুটা পিছে পিছে ২০০ গজ (১৮০ মিটাৰ) দূৰত্বত। হামিদে নিজৰ আৰ.চি.এল. বন্দুকেৰে এটা টেংকত আঘাত হানে। ৰাতিপুৱা ৯:০০ বজাত আৰ্টিলাৰী বৃদ্ধি কৰি পাকিস্তানীসকলে পুনৰ আক্ৰমণ কৰে আৰু হামিদে পুনৰ আন এটা টেংক ধ্বংস কৰে। যিহেতু তেওঁৰ মুকলি জীপখন গোলাবৰ্ষণ প্ৰতিৰোধৰ বাবে উপযুক্ত নাছিল আছিল, সেয়েহে তেওঁ আন এটা স্থানলৈ গুচি যায় আৰু নিজৰ লোকসকলক আশ্ৰয় ল’বলৈ নিৰ্দেশ দিয়ে। অতি সোনকালেই হামিদ আৰু পাকিস্তানী টেংক মুখামুখি হয়। তেওঁ তেতিয়া অকলে আৰু নিজৰ স্থানো সলনি কৰিব নোৱাৰা অৱস্থাত। টেংকটোৱে তেওঁৰ ওপৰত গোলাবৰ্ষণ কৰে। তেৱোঁ টেংকটোলৈ গুলি চলায় যদিও তেওঁ নিমিষতে নিহত হয়।[8] এই বেটেলিয়নে পাকিস্তানীসকলৰ বহুতো আক্ৰমণ প্ৰতিহত কৰিছিল আৰু এই যুদ্ধখন ভাৰতৰ বিজয়ত নিৰ্ণায়ক ভূমিকা লৈছিল।[9] পৰম বীৰ চক্ৰআছাল উত্তাৰৰ যুদ্ধত দেখুওৱা বীৰত্ব আৰু সাহসৰ বাবে তেওঁক ১৯৬৫ চনৰ ১০ ছেপ্তেম্বৰত মৰণোত্তৰভাবে হামিদক পৰম বীৰ চক্ৰৰে সন্মানীত কৰা হয়।[10] টোকা
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia