গুৰবচন সিং ছালাৰিয়া
কেপ্তেইন গুৰবচন সিং ছালাৰিয়া, পি.ভি.চি (ইংৰাজী: Gurbachan Singh Salaria; ২৯ নৱেম্বৰ ১৯৩৫ – ৫ ডিচেম্বৰ ১৯৬১) এজন ভাৰতীয় সেনা বিষয়া আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্য আছিল। ছালাৰিয়া কিং জৰ্জচ্ ৰয়েল ইণ্ডিয়ান মিলিটাৰী কলেজ আৰু নেচনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ আছিল। তেওঁ এন ডি এৰ প্ৰথম প্ৰাক্তন ছাত্ৰ আছিল আৰু ভাৰতৰ যুদ্ধকালীন সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ (পি.ভি.চি)ৰে সন্মানিত ৰাষ্ট্ৰসংঘৰ একমাত্ৰ শান্তিৰক্ষী। ১৯৬১ চনৰ ডিচেম্বৰ মাহত কংগোত ৰাষ্ট্ৰসংঘৰ অভিযানৰ অংশ হিচাপে কংগো গণৰাজ্যত নিয়োজিত ভাৰতীয় সৈন্যৰ ভিতৰত ছালাৰিয়াও আছিল। ৫ ডিচেম্বৰত ছালাৰিয়াৰ বেটেলিয়নক বিচ্ছিন্নতাবাদী কাটাংগা ৰাজ্যৰ ১৫০ জন জেণ্ডআৰ্মচে্ কৰা এটি পথ অৱৰোধ পৰিষ্কাৰ কৰাৰ দায়িত্ব দিয়া হয়। বিচ্ছিন্নতাবাদীসকলে দুখন যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰেৰে সজ্জিত গাড়ীৰে এলিজাবেথভিল বিমানবন্দৰলৈ যোৱাৰ পথছোৱা অৱৰোধ কৰিছিল। ছালাৰিয়া আৰু তেওঁৰ দলে তেওঁলোকৰ পিছুৱাই যোৱাৰ পথ বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছিল। তেওঁৰ ৰকেট লাঞ্চাৰ দলটোৱে কেটাঞ্জিজ জেণ্ডআৰ্মীৰ সাজসজ্জিত গাড়ীবোৰ আক্ৰমণ কৰি ধ্বংস কৰে। এই অভাৱনীয় পদক্ষেপে জেণ্ডআৰ্মীক বিভ্ৰান্ত কৰে আৰু তেওঁলোকে পুনৰ সংগঠিত হোৱাৰ আগতে ছালাৰিয়াই তেওঁলোকক পুনৰ আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। যদিও তেওঁৰ সৈন্যৰ সংখ্যা বেছি নাছিল, তথাপিও তেওঁলোকে কেটাঞ্জিজসকলৰ ওপৰত আক্ৰমণ চলাই ৪০ জন লোকক হত্যা কৰে। এইটো আছিল এটা খুকুৰি আক্ৰমণ। আক্ৰমণৰ সময়ত ছালাৰিয়াৰ ডিঙিত দুবাৰকৈ গুলী লাগে আৰু অত্যাধিক ৰক্তক্ষৰণ হৈ অৱশেষত তেওঁৰ মৃত্যু হয়। বাকী জেণ্ডআৰ্মচ্সকল বিভ্ৰান্ত হৈ মৃত আৰু আহতসকলক এৰি পলাই যায়। ই মূল বেটেলিয়নক কেটাঞ্জিজসকলক সহজে আগুৰি ধৰি পথ অৱৰোধ পৰিষ্কাৰ কৰিবলৈ সহায় কৰে। নিজৰ নিৰাপত্তাকো আওকাণ কৰি যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা কৰ্তব্যবোধ আৰু সাহসৰ বাবে ছালাৰিয়াক ভাৰত চৰকাৰে সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰে। প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯৩৫ চনৰ ২৯ নৱেম্বৰত, ব্ৰিটিছ ভাৰতৰ (বৰ্তমান পাকিস্তানত ) অধীনত পঞ্জাৱৰ শকৰগড়ৰ ওচৰৰ জামৱাল গাঁৱত গুৰবচন সিং ছালাৰিয়াই জন্মগ্ৰহণ কৰিছিল । মুনচি্ ৰাম আৰু ধন দেৱীৰ পাঁচটা সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল। বংশসূত্ৰে তেওঁ ৰাজপুত পৰিয়াল[2], আৰু ছাইনী জাতিৰ[3] সদস্য আছিল। তেওঁৰ পিতৃ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ হডছনচ্ হৰ্চ ৰেজিমেণ্টৰ ড’গ্ৰা স্কোয়াড্ৰনত নিযুক্ত হৈ আছিল। পিতৃ আৰু তেওঁৰ ৰেজিমেণ্টৰ কাহিনীয়ে ছালাৰিয়াক প্ৰভাৱিত কৰিছিল আৰু তেওঁ অতি কম বয়সতে সেনাবাহিনীত যোগদান কৰিবলৈ মন মেলিছিল। ভাৰত বিভাজনৰ ফলত ছালাৰিয়াৰ পৰিয়াল পাঞ্জাৱৰ ভাৰতীয়সকল বসবাস কৰি থকা অংশলৈ গুচি যায় আৰু গুৰদাসপুৰ জিলাৰ জংগল গাঁৱত থাকিবলৈ লয় ৷ ছালাৰিয়াই স্থানীয় গাঁৱৰ স্কুলত নামভৰ্তি কৰে। তেওঁ পঢ়া-শুনাৰ প্ৰতি অমনোযোগী আছিল আৰু বেছিভাগ সময় কাবাডী খেলি পাৰ কৰিছিল । ১৯৪৬ চনৰ জুলাই মাহত তেওঁ বেংগালুৰুৰ কিং জৰ্জচ্ ৰয়েল ইণ্ডিয়ান মিলিটাৰী কলেজত নামভৰ্তিৰ বাবে আবেদন কৰে। যদিও তেওঁ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তথাপিও বুকুৰ জোখ সঠিক নোহোৱাত চিকিৎসা পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল। বিফল নহৈ ছালাৰিয়াই ব্যায়াম কৰিবলৈ লয় আৰু আগষ্ট মাহত পুনৰ আবেদন কৰে। এইবাৰ তেওঁ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলেজত ভৰ্তি হয়।[4] ১৯৪৭ চনৰ আগষ্ট মাহত তেওঁক জলন্ধৰৰ কে জি আৰ আই এম চিলৈ বদলি কৰা হয় ৷ কে জি আৰ আই এম চিৰ পৰা উৰ্ত্তীণ হৈ তেওঁ নেচনেল ডিফেন্স একাডেমী (এনডিএ)ৰ যৌথ সেৱা শাখাত যোগদান কৰে। ১৯৫৬ চনত এন ডি এৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ভাৰতীয় সামৰিক একাডেমীত নামভৰ্তি কৰে আৰু ১৯৫৭ চনৰ ৯ জুনত অধ্যয়ন সম্পূৰ্ণ কৰে[5], তেতিয়া তেওঁক দ্বিতীয় লেফটেনেণ্টৰ দায়িত্ব দিয়া হয়।[6] প্ৰথমতে ছালাৰিয়াক ২য় বেটেলিয়ন ৩নং গোৰ্খা ৰাইফলছত নিযুক্তি দিয়া হৈছিল যদিও পিছলৈ ১৯৫৯ চনৰ জুনত লেফটেনেণ্ট পদলৈ পদোন্নতি[7] পোৱাৰ পিছত ১৯৬০ চনৰ মাৰ্চ মাহত তেওঁক ৩য় বেটেলিয়ন ১ম গোৰ্খা ৰাইফলছলৈ বদলি কৰা হয়। কংগো সংকট১৯৬০ চনৰ জুন মাহত কংগো গণৰাজ্য বেলজিয়ামৰ পৰা স্বাধীন হয়। কিন্তু জুলাই মাহৰ প্ৰথম সপ্তাহত কংগো সেনাবাহিনীত বিদ্ৰোহৰ সূচনা হয় আৰু কৃষ্ণাংগ আৰু শ্বেতাংগ সাধাৰণ নাগৰিকৰ মাজত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়। বেলজিয়ামে পলাই যোৱা শ্বেতাংগ লোকসকলক সুৰক্ষা দিবলৈ সৈন্য প্ৰেৰণ কৰে আৰু দেশৰ দুটা অঞ্চল কাটাংগা আৰু দক্ষিণ কাছাই, পৰৱৰ্তী সময়ত বেলজিয়ামৰ সমৰ্থনত পৃথক হয়। কংগো চৰকাৰে ৰাষ্ট্ৰসংঘৰ পৰা সহায় বিচাৰে আৰু ফলশ্ৰুতিত ৰাষ্ট্ৰসংঘই ১৯৬০ চনৰ ১৪ জুলাইত ইউনাইটেড নেচনচ্ অপাৰেচন ইন কংগো (কংগোত ৰাষ্ট্ৰসংঘৰ অভিযান ) স্থাপন কৰে। ই এটা বৃহৎ বহুজাতিক শান্তিৰক্ষী বাহিনী আৰু সাহায্য অভিযান। ১৯৬১ চনৰ মাৰ্চ–জুনৰ ভিতৰত ভাৰতে ব্ৰিগেডিয়াৰ কে এ এছ ৰাজাৰ নেতৃত্বত প্ৰায় ৩০০০ সৈনিকেৰে গঠিত সৈন্য বাহিনীৰ দল এটি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীলৈ অৱদান ৰূপে আগবঢ়ায়। কংগো চৰকাৰ আৰু কাটাংগাৰ মাজত মিলনৰ প্ৰচেষ্টা বিফল হোৱাৰ পিছত ২৪ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৬৯ নং প্ৰস্তাৱত অনুমোদন জনায়।[8] এই প্ৰস্তাৱত কাটাংগাৰ বিচ্ছিন্নতাক গৰিহণা দিয়া হয় আৰু সংঘাতৰ তৎক্ষণাত সমাধান আৰু অঞ্চলটোত শান্তি স্থাপনৰ বাবে বল প্ৰয়োগৰ অনুমোদন দিয়া হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কেটাঞ্জিছ জেণ্ডআৰ্মীয়ে ৰাষ্ট্ৰসংঘৰ দুজন জ্যেষ্ঠ বিষয়াক পণবন্দী কৰে। পিছলৈ তেওঁলোকক মুকলি কৰি দিয়া হয় যদিও ১ম গোৰ্খা ৰাইফলছৰ মেজৰ অজিত সিঙক বন্দী কৰি হত্যা কৰা হয়, লগতে তেওঁৰ গাড়ী চালককো হত্যা কৰা হয়। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীবাহিনীৰ দলসমূহৰ মাজত যোগাযোগ ৰোধ কৰিবলৈ আৰু ইটোক সিটোৰপৰা পৃথক কৰিবলৈ জেণ্ডআৰ্মসকলে পথ অৱৰোধ কৰে, যাৰ ফলত শান্তিৰক্ষীবাহিনীৰ দলসমূহ এটা এটাকৈ পৰাস্ত কৰাটো সহজ হব বুলি ভবা হৈছিল। ৪ ডিচেম্বৰৰ দিনা বিচ্ছিন্নতাবাদীসকলৰ দ্বাৰা এলিজাবেথভিল চহৰ আৰু ওচৰৰ বিমানবন্দৰৰ মাজৰ পথছোৱা অৱৰোধ কৰা হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ৰাষ্ট্ৰসংঘই নিজৰ স্থান ৰক্ষা আৰু অঞ্চলটোত নিজৰ চলাচলৰ স্বাধীনতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ ‘অপাৰেচন ইউন’কাট’ আৰম্ভ কৰে। অপাৰেচন ইউন’কাট১৯৬১ চনৰ ৫ ডিচেম্বৰৰ দিনা, ১মগোৰ্খা ৰাইফলছৰ ৩নং বেটেলিয়নক এলিজাবেথভিল বিমানবন্দৰলৈ যোৱাৰ পথত হোৱা এটি পথ অৱৰোধ পৰিস্কাৰ কৰাৰ দায়িত্ব দিয়া হয়। যুদ্ধসজ্জিত গাড়ীৰে সৈতে ১৫০ জন জেণ্ডআৰ্মচে[1] এই পথ অৱৰোধত ভাগ লৈছিল। শান্তিৰক্ষী বাহিনীৰ হৈ মেজৰ গোবিন্দ শৰ্মাৰ চাৰ্লি কোম্পানী আৰু কেপ্টেইন ছালাৰিয়াৰ আলফা কোম্পানীয়ে জেণ্ডআৰ্মী সকলৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছিল। সংখ্যাত তাকৰ হৈও শান্তিৰক্ষী বাহিনীৰ সৈন্যদলে বীৰত্বৰে যুঁজে আৰু জেণ্ডআৰ্মসকলে ছত্ৰভংগ দিয়ে। নিজক সুৰক্ষিত কৰাৰ কথা নাভাবি কেপ্টেইন ছালাৰিয়াই অকলেই সাহসেৰে যুঁজি প্ৰায় চল্লিশ জন জেণ্ডআৰ্মৰ প্ৰাণ লয় আৰু অৱশেষত শত্ৰুৰ গুলীত অত্যাধিক ৰক্ত স্খলন হৈ প্ৰাণ ত্যাগ কৰে।[9][10] এই বীৰত্বৰ বাবে ভাৰত চৰকাৰে তেওঁক সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰে।[5][9] পৰম বীৰ চক্ৰ১৯৬১ চনৰ ৫ ডিচেম্বৰত দেশৰ বাবে আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে কেপ্তেইন গুৰবচন সিং ছালাৰিয়াক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। পৰম বীৰ চক্ৰ লাভ কৰা ছালাৰিয়া আছিল এন ডি এৰ প্ৰথমজন স্নাতক [11], আৰু ৰাষ্ট্ৰসংঘৰ একমাত্ৰ শান্তিৰক্ষী।[12] অন্যান্য সন্মান১৯৮০ চনত জাহাজ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰত চৰকাৰৰ উদ্যোগত ভাৰতীয় জাহাজ নিগমে (SCI) পৰম বীৰ চক্ৰ প্ৰাপকসকলৰ সন্মানত নিজৰ পোন্ধৰখন খাৰুৱা তেল টেংকাৰৰ নামকৰণ কৰে। টেংকাৰ এম টি কেপ্তেইন গুৰবচন সিং ছালাৰিয়া, পি.ভি.চি ১৯৮৪ চনৰ ২৬ অক্টোবৰত এছ চি আইলৈ প্ৰেৰণ কৰা হয়, আৰু পৰ্যায়ক্ৰমে বন্ধ হৈ যোৱাৰ পূৰ্বে এই টেংকে ২৫ বছৰ ধৰি সেৱা আগবঢ়ায়।[13] আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ অৱদান সম্পৰ্কে ২০১৭ চনৰ অক্টোবৰ মাহত ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ এটা খণ্ডত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “আফ্ৰিকাৰ কংগোত যুদ্ধ কৰি থকা অৱস্থাত প্ৰাণ আহুতি দিয়া কেপ্তেইন গুৰবচন সিং ছালাৰিয়াৰ বলিদান কোনেও পাহৰিব নোৱাৰে। প্ৰতিজন ভাৰতীয়ই তেওঁক স্মৰণ কৰি গৌৰৱ অনুভৱ কৰে।”[12] ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটে ছালাৰিয়াৰ পৰিয়ালৰ সদস্যক সাক্ষাৎ কৰি সেনা আৰু দেশৰ হৈ তেওঁ আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।[14] তথ্যসূত্ৰ
|