যদুনাথ সিং
যদুনাথ সিং (ইংৰাজী: Jadunath Singh; ১৯১৬ –১৯৪৮) আছিল ভাৰতীয় সেনাৰ এজন সৈনিক। তেওঁক ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত হোৱা সংঘৰ্ষত তেওঁৰ ভূমিকাৰ বাবে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান বা পদালংকাৰ পৰম বীৰ চক্ৰৰে সন্মানিত হৈছিল। সিঙে ১৯৪১ চনত ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত নামভৰ্তি কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মাত জাপানীসকলৰ বিৰুদ্ধে যুঁজিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় সেনাবাহিনীৰ সদস্য হিচাপে ১৯৪৭ চনৰ ভাৰত-পাকিস্তান যুদ্ধত অংশ লৈছিল। ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰীত নৌশ্বেৰাৰ উত্তৰত থকা টাইন ধৰত কৰা এক কৰ্মৰ বাবে নায়ক সিঙক পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়। সিঙে ৯ জনীয়া ফৰৱাৰ্ড ছেকচন ছাউনি এটাৰ নেতৃত্ব বহন কৰিছিল। আগ্ৰাসী পাকিস্তানী সেনাৰ সংখ্যা বহু বেছি আছিল যদিও, সিঙে নিজৰ লোকসকলৰ নেতৃত্ব দি ছাউনিটো পাৰ কৰাৰ তিনিটা প্ৰচেষ্টা প্ৰতিহত কৰিছিল। দ্বিতীয়টো আক্ৰমণৰ সময়ত তেওঁ আহত হয়। ষ্টেনগানেৰে সজ্জিত হৈ তেওঁ অকলেই তৃতীয়টো আক্ৰমণৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় হৈছিল আৰু আক্ৰমণকাৰীসকলক আঁতৰি যাবলৈ বাধ্য কৰাইছিল। এই প্ৰচেষ্টাতেই তেওঁ পৰলোকগামী হয়। শ্বাহজাহানপুৰৰ এখন ক্ৰীড়া ষ্টেডিয়াম আৰু এখন খাৰুৱা তেলৰ টেংকাৰ সিঙৰ নামেৰে নামকৰণ কৰা হয়। প্ৰাৰম্ভিক জীৱনসিঙৰ জন্ম হয় ১৯১৬ চনৰ ২১ নৱেম্বৰত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ খাজুৰী গাঁৱত ৰাথোড় ৰাজপুত পৰিয়ালত।[2] তেওঁৰ পিতৃ বীৰবল সিং ৰাথোড় আছিল এজন কৃষক। তেওঁৰ মাতৃৰ নাম যমুনা কানোৱাৰ। আঠটা সন্তানৰ ভিতৰত তেওঁ তৃতীয় সন্তান আছিল। তেওঁৰ ছগৰাকী ভাতৃ আৰু এগৰাকী ভগ্নী আছিল।[1][3][4] সিঙে নিজৰ গাঁৱৰ স্থানীয় বিদ্যালয় এখনত চতুৰ্থ মানলৈকে পঢ়িছিল যদিও পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাৰ বাবে তেওঁ আৰু অধিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। শৈশৱৰ বেছিভাগ সময় তেওঁ কৃষিৰ কামত পৰিয়ালক সহায় কৰি কটায়। বিনোদনৰ বাবে তেওঁ মল্লযুঁজ কৰিছিল আৰু শেষত নিজৰ গাঁৱৰ মল্লযুঁজৰ চূড়ান্ত বিজয়ী হৈছিল। চৰিত্ৰ আৰু স্বাস্থ্যৰ বাবে তেওঁক হনুমানৰ অনুকৰণত "হনুমান ভগত বাল ব্ৰহ্মচাৰী" বুলি উপনাম দিয়া হৈছিল। সিঙ চিৰকুমাৰ আছিল।[3] সামৰিক কেৰিয়াৰদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সিঙে ১৯৪১ চনৰ ২১ নৱেম্বৰত ফতেহগড় ৰেজিমেণ্ট চেণ্টাৰত ব্ৰিটিছ ভাৰতীয় সেনাৰ ৭ম ৰাজপুত ৰেজিমেণ্টত নামভৰ্তি কৰে। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ লগে লগে সিঙক ৰেজিমেণ্টৰ ১ম বেটেলিয়নত নিযুক্তি দিয়া হয়। ১৯৪২ চনৰ শেষৰ ফালে বাৰ্মা অভিযানৰ সময়ত এই বেটেলিয়নটোক আৰাকান প্ৰদেশত[টোকা 1] নিয়োজিত কৰা হয়, য'ত তেওঁলোকে জাপানীসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। এই বেটেলিয়নটো ১৪ নং ভাৰতীয় পদাতিক বিভাগত নিযুক্ত ৪৭ নং ভাৰতীয় পদাতিক ব্ৰিগেডৰ অংশ আছিল। ১৯৪২ চনৰ শেষৰ ফালে আৰু ১৯৪৩ চনৰ আৰম্ভণিতে ই মায়ু ৰেঞ্জৰ আশে-পাশে যুদ্ধ কৰিছিল আৰু আকিয়াব দ্বীপ পুনৰ দখল কৰাৰ অভিযানৰ অংশ হিচাপে মায়ু উপদ্বীপৰ ওপৰেৰে ডনবাইকৰ ফালে আগবাঢ়িছিল। যদিও ১৯৪২ চনৰ ডিচেম্বৰ মাহত তেওঁলোকক কণ্ডন নামৰ গাঁৱত প্ৰতিৰোধ কৰা হৈছিল, তথাপিও লাহে লাহে তেওঁলোক ডনবাইকৰ ফালে আগবাঢ়িছিল। তাতেই ব্ৰিগেডৰ আক্ৰমণ বন্ধ হৈ পৰে আৰু পৰৱৰ্তী সময়ত ১৯৪৩ চনৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ৫৫ নং ভাৰতীয় পদাতিক ব্ৰিগেডে তেওঁলোকক অব্যাহতি দিয়ে। এপ্ৰিলৰ আৰম্ভণিতে জাপানীসকলে পাল্টা আক্ৰমণ কৰে। ইন্দনৰ ওচৰত ৪৭ নং ব্ৰিগেড বিচ্ছিন্ন হৈ পৰে আৰু শেষত সৰু সৰু গোটত বিভক্ত হৈ মিত্ৰশক্তিৰ লাইনলৈ উভতি যোৱাৰ পথত যুঁজ দিয়ে। ব্ৰিগেডৰ জীৱিত সদস্যসকল ভাৰতলৈ উভতি যায়।[5][6] ১৯৪৫ চনত সিঙৰ বেটেলিয়নক ২য় ইণ্ডিয়ান ইনফেণ্ট্ৰি ব্ৰিগেডত নিযুক্তি দিয়া হয় আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰতিৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হয়। এই দ্বীপসমূহ আংশিকভাৱে জাপানী বাহিনীয়ে দখল কৰিছিল আৰু ১৯৪৫ চনৰ ৭ অক্টোবৰত আত্মসমৰ্পণ কৰিছিল।[7][8] ভাৰতলৈ উভতি অহাৰ পিছত সিঙক নায়ক (কৰ্পৰেল) পদবীলৈ পদোন্নতি দিয়া হয়। বিভাজনৰ পিছত ৭ নং ৰাজপুত ৰেজিমেণ্টক ভাৰতীয় সেনাবাহিনীত নিযুক্তি দিয়া হয়। সিং নতুনকৈ গঢ় লৈ উঠা ভাৰতীয় ৰেজিমেণ্টৰ সৈতে থাকিল আৰু ইয়াৰ ১ম বেটেলিয়নত সেৱা আগবঢ়াই গ'ল।[9] টোকাতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia