ৰামাস্বামী পৰমেশ্বৰন
মেজৰ ৰামাস্বামী পৰমেশ্বৰন (ইংৰাজী: Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।[2][3] তেওঁ ব্যতিক্ৰমী সাহস, নেতৃত্ব প্ৰদৰ্শন কৰিছিল আৰু শ্ৰীলংকাত হোৱা অপাৰেচন পৱনৰ সময়ত কৰা পৰম ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰেৰে সন্মানিত কৰা হৈছিল।[4][5] সতীৰ্থসকলৰ মাজত তেওঁ "পেৰী চাহাব" নামেৰে পৰিচিত আছিল।[6][7] প্ৰাথমিক জীৱন আৰু শিক্ষা১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত শ্ৰী কে এছ ৰামাস্বামীৰ ঔৰষত আৰু শ্ৰীমতী জানকীৰ গৰ্ভত মেজৰ পৰমেশ্বৰনে জন্মগ্ৰহণ কৰিছিল।[8] মুম্বাইৰ এখন হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৬৮ চনত SIES কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[9] সামৰিক পদক্ষেপপৰম বীৰ চক্ৰৰ উদ্ধৃতিআইপিকেএফ স্মৃতিসৌধৰ ত্ৰুটিউত্তৰাধিকাৰমেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ স্মৃতিত আৰু ভাৰতীয় সামৰিক বাহিনীলৈ তেওঁৰ ব্যতিক্ৰমী অৱদানৰ প্ৰতি সন্মান জনাই চেন্নাইৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পক তেওঁৰ সন্মানত "পৰমেশ্বৰ পুৰম" নামেৰে নামকৰণ কৰা হয়।[10] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|