আৰ্দেশিৰ তাৰাপৰে
লেফটেনেণ্ট কৰ্ণেল আৰ্দেশিৰ বুৰ্জোৰজী তাৰাপৰে, (ইংৰাজী: Lieutenant Colonel Ardeshir Burzorji Tarapore)(১৮ আগষ্ট ১৯২৩ – ১৬ ছেপ্টেম্বৰ ১৯৬৫) ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়া আৰু ভাৰতীয় বীৰত্বৰ সৰ্বোচ্চ বঁটা পৰম বীৰ চক্ৰৰে সন্মানীত। পুণেত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তাৰাপৰেয়ে হায়দৰাবাদ সেনাবাহিনীত যোগদান কৰে আৰু ১৯৪২ চনৰ জানুৱাৰী মাহত কমিচন লাভ কৰে। প্ৰথম অৱস্থাত তেওঁ পদাতিক বাহিনীত যোগদান কৰে, কিন্তু পিছলৈ তেওঁক প্ৰথম হায়দৰাবাদ ইম্পেৰিয়েল চাৰ্ভিচ লেন্সাৰ নামৰ এটা সজ্জিত ৰেজিমেণ্টলৈ বদলি কৰা হয়। ১৯৪৮ চনত হায়দৰাবাদ ৰাজ্য ভাৰতে নিজৰ অধীনলৈ অনাৰ পিছত তাৰাপৰেক ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ নিৰ্বাচিত কৰা হয়। ১৯৫১ চনৰ এপ্ৰিল মাহত তেওঁক পুনৰ কমিচন দিয়া হয় আৰু ১৭ নং বেটেলিয়নৰ পুনা হৰ্চ ৰেজিমেণ্টত নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ যুক্তৰাজ্যত চেঞ্চুৰিয়ান টেংকৰ প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ১৭ হৰ্ছে শিয়ালকোট খণ্ডত আক্ৰমণ-প্ৰত্যাক্ৰমণ প্ৰত্যক্ষ কৰিছিল। ১১ৰ পৰা ১৬ ছেপ্টেম্বৰৰ ভিতৰত কেইবাখনো টেংক যুদ্ধত তাৰাপৰেয়ে ৰেজিমেণ্টৰ নেতৃত্ব দিছিল আৰু ১৬ ছেপ্টেম্বৰত বুটুৰ-ডোগ্ৰাণ্ডিত এনে এখন যুদ্ধত তেওঁ নিহত হৈছিল। তেওঁৰ নেতৃত্বত ৰেজিমেণ্টে ষাঠিখন পাকিস্তানী টেংক ধ্বংস কৰাৰ বিপৰীতে ভাৰতীয়সকলে ৯টা টেংক হেৰুৱাবলগীয়া হয়। প্ৰাথমিক জীৱন১৯২৩ চনৰ ১৮ আগষ্টত বোম্বাইত আৰ্দেশিৰ বুৰ্জোৰজী তাৰাপৰে জন্মগ্ৰহণ কৰিছিল । তাৰাপৰেৰ অন্যতম পূৰ্বপুৰুষ ৰতঞ্জীবা ছাত্ৰপতি শিৱাজীৰ অধীনৰ সামৰিক নেতা আছিল। "তাৰাপৰ" বংশৰ নামটো মহাৰাষ্ট্ৰৰ তাৰাপৰ গাঁৱৰ পৰা আহিছে। ৰতঞ্জীবাৰ দায়িত্বত থকা গাঁৱৰ ভিতৰত তাৰাপৰ আগশাৰীৰ গাঁও আছিল। পিছলৈ তাৰাপৰৰ ককাক হায়দৰাবাদলৈ স্থানান্তৰিত হয় আৰু হায়দৰাবাদৰ নিজামৰ শুল্ক আৰু আবকাৰী বিভাগত কাম কৰিবলৈ আৰম্ভ কৰে।[3]তেওঁৰ পিতৃ বি পি টাৰাপৰে[1]পাৰ্চী আৰু উৰ্দু ভাষাৰ পণ্ডিত আছিল৷ তেওঁ একেটা শুল্ক আৰু আবকাৰী বিভাগতে কাম কৰিছিল।[3] তাৰাপৰে সাত বছৰ বয়সতে পুণেৰ চৰ্দাৰ দস্তুৰ বয়জ বৰ্ডিং স্কুলত যোগদান কৰে। শৈক্ষিক বিষয়ত তেওঁ ভাল ফলাফল দেখুৱাব পৰা নাছিল যদিও এজন ভাল ক্ৰীড়াবিদ আছিল। ১৯৪০ চনত তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে, আৰু সেই বছৰতে স্কুলৰ অধিনায়ক হয়। তাৰ কিছু সময়ৰ পিছতে তেওঁ হায়দৰাবাদ সেনাবাহিনীত কমিচনৰ বাবে আবেদন কৰে,[3] আৰু নিৰ্বাচিত হয়। তেওঁ অফিচাৰ্ছ ট্ৰেইনিং স্কুল (OTS) গোলকণ্ডা আৰু OTS বাংগালোৰত প্ৰাৰম্ভিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। ১৯৪২ চনৰ ১ জানুৱাৰীত তেওঁক সপ্তম হায়দৰাবাদ পদাতিক বাহিনীত দ্বিতীয় লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হয়।[4] সামৰিক জীৱনজনপ্ৰিয়ভাৱে "আদি" নামেৰে পৰিচিত,[3]আৰ্দেশীৰ তাৰাপৰে পদাতিক বাহিনীত যোগদান কৰাত বৰ সুখী হোৱা নাছিল, কাৰণ তেওঁ এটা সাজসজ্জিত ৰেজিমেণ্টত যোগদান কৰিব বিচাৰিছিল। যেতিয়া তেওঁৰ বেটেলিয়নটো তেতিয়াৰ হায়দৰাবাদ ৰাজ্যিক বাহিনীৰ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল চৈয়দ আহমেদ এল এড্ৰ’ছে পৰিদৰ্শন কৰি আছিল, তেতিয়া সক্ৰিয় গোলা-বাৰুদৰ প্ৰশিক্ষণ অনুশীলনৰ সময়ত ভুলবশতঃ এটা উপসাগৰীয় এলেকাত এটা সজীৱ গ্ৰেনেড পৰিল। তাৰাপৰে খৰধৰকৈ তাক তুলি লৈ অইন ঠাইলৈ পেলাই দিলে। গ্ৰেনেডটো বায়ুৰ মাজত বিস্ফোৰণ হৈ তেওঁৰ বুকুত আঘাত কৰে। মেজৰ জেনেৰেল এড্ৰ’ছে তেওঁৰ এই কাৰ্য্যৰ সাক্ষী হৈ আপ্লুত হয়। তেওঁ তাৰাপৰেক নিজৰ কাৰ্যালয়লৈ মাতি আনি অভিনন্দন জনালে। তাৰাপৰে এই সুযোগতে এটা সাজ-সজ্জিত ৰেজিমেণ্টলৈ বদলিৰ বাবে অনুৰোধ জনায়। জেনেৰেলে মান্তি হৈ তেওঁক ১ম হায়দৰাবাদ ইম্পেৰিয়েল চাৰ্ভিচ লেন্সাৰলৈ বদলি কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তাৰাপৰে আৰু তেওঁৰ ইউনিটে মধ্যপ্ৰাচ্যত কাৰ্য্যকলাপ দেখে।[4] ১৯৪৮ চনত অপাৰেচন প’লোৰ ফলস্বৰূপে হায়দৰাবাদ ভাৰতীয় সংঘৰ লগত একত্ৰিত হয়, আৰু অৱশেষত ইয়াৰ বাহিনী ভাৰতীয় সেনাবাহিনীত একত্ৰিত হয়। তাৰাপৰেক ভাৰতীয় সেনাবাহিনীৰ বাবে নিৰ্বাচিত কৰা হয় আৰু ১৯৫১ চনৰ ১ এপ্ৰিলত কেপ্তেইন হিচাপে নিযুক্তি দিয়া হয়।[4][টোকা 1]প্ৰথমে তেওঁক ১৭ নং বেটেলিয়নৰ পুনা হৰ্চ ৰেজিমেণ্টৰ 'বি' স্কোয়াড্ৰনত দুবছৰৰ বাবে পৰীক্ষামূলকভাৱে নিযুক্তি দিয়া হয় আৰু পিছলৈ 'এ' স্কোয়াড্ৰনৰ দ্বিতীয় কমাণ্ড হিচাপে বদলি কৰা হয়।[4][6]১৯৬০ চনৰ আৰম্ভণিতে ভাৰতে চেঞ্চুৰিয়ান টেংক লাভ কৰে[7] আৰু তাৰাপৰেক যুক্তৰাজ্যত প্ৰশিক্ষণ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হয়।[8]১৯৫৮ চনৰ ১ জানুৱাৰীত তেওঁ মেজৰ পদবীলৈ পদোন্নতি লাভ কৰে,[9] আৰু ১৯৬৫ চনৰ ১০ জুনত লেফটেনেণ্ট কৰ্ণেল পদবীলৈ পদোন্নতি লাভ কৰে।[10] চাৱিণ্ডাৰ যুদ্ধ১৯৬৫ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰত আৰু পাকিস্তানে নিয়ন্ত্ৰণ ৰেখা (LOC) পাৰ হৈ ধাৰাবাহিকভাৱে সংঘৰ্ষত লিপ্ত হয়। আগষ্ট মাহত পাকিস্তানে অপাৰেচন জিব্ৰাল্টাৰত কাশ্মীৰত গণ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল। ৫ আগষ্টত পাকিস্তানী সৈন্যই কাশ্মীৰী স্থানীয় লোকৰ সাজ-পোছাক পিন্ধি এল অ' চি পাৰ হৈ কাশ্মীৰৰ ভিতৰৰ বিভিন্ন অঞ্চললৈ ৰাওনা হয়।[11] স্থানীয় লোকে পাকিস্তানী সৈন্যৰ উপস্থিতিৰ খবৰ দিয়াৰ পিছত ভাৰতীয় সেনাই কেইবাজনো ছদ্মবেশ পিন্ধা পাকিস্তানী সৈনিকক বন্দী কৰি তেওঁলোকৰ অনুপ্ৰৱেশ অভিযান বিফল কৰে।[12] ১ ছেপ্টেম্বৰত পাকিস্তানে ভাৰতীয় সৈন্যৰ যোগানৰ পথ বিচ্ছিন্ন কৰিব পৰা গুৰুত্বপূৰ্ণ ঠাইসমূহ দখল কৰিবলৈ অপাৰেচন গ্ৰেণ্ড শ্লেম নামেৰে প্ৰতিৰোধী আক্ৰমণ আৰম্ভ কৰে। এই পৰিকল্পনা অৱশেষত ভাৰতীয় সৈন্যই বিফল কৰে।[13] পিছলৈ ৬ ছেপ্টেম্বৰত ভাৰতীয় বাহিনীয়ে ৰেডক্লিফ লাইন অতিক্ৰম কৰি ১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ আনুষ্ঠানিক আৰম্ভণি ঘটায়।[14] ভাৰতীয় প্ৰথম কৰ্পছক ছিয়ালকোট খণ্ড দখল কৰাৰ দায়িত্ব দিয়া হৈছিল।[15]পুনা হৰ্চ প্ৰথম কৰ্পছৰ সৈতে সংযুক্ত ১ম আৰ্মৰড ডিভিজনৰ অংশ আছিল।[16]ইয়াক লাহোৰৰ পৰা ছিয়ালকোটক পৃথক কৰাৰ দায়িত্ব দিয়া হৈছিল। ১৯৬৫ চনৰ ১১ ছেপ্টেম্বৰত পুনা হৰ্ছে ফিলোৰাত আক্ৰমণ চলায়। পাকিস্তানীসকলক হতচকিত কৰিবলৈ পিছফালৰ পৰা ফিলোৰাক আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হ’ল। লেফটেনেণ্ট কৰ্ণেল তাৰাপৰেৰ অধীনস্থ ৰেজিমেণ্টটোৰ অংশই চাৱিণ্ডাৰ পৰা ফিলোৰাক আক্ৰমণ কৰি থকাৰ সময়তে ই ৱাজিৰৱালিৰ পৰা আগবাঢ়ি অহা পাকিস্তানী বাহিনীৰ সন্মুখীন হয়। তাৰাপৰেয়ে নিজৰ ঠাই ধৰি ৰাখি শত্ৰুৰ টেংক আৰু আৰ্টিলাৰীৰ গুলীৰে ফিলোৰাক আক্ৰমণ কৰে। আহত হোৱাৰ সময়ত তেওঁক উদ্ধাৰ কৰিবলৈ অহা প্ৰয়াস তেওঁ অস্বীকাৰ কৰে। ১৪ ছেপ্টেম্বৰত তেওঁৰ ৰেজিমেণ্টে সফলতাৰে ৱাজিৰৱালি দখল কৰে। ১৬ তাৰিখে তেওঁলোকে ৯ জন ডোগ্ৰা [1]আৰু ৮ গড়হৱালৰ সহায়ত বুটুৰ-ডোগ্ৰাণ্ডি দখল কৰিবলৈ আগবাঢ়ি যায়।[15] পিছৰ যুদ্ধত তেওঁৰ টেংকখন কেইবাবাৰো আঘাতপ্ৰাপ্ত হৈছিল। তাৰাপৰে এই যুদ্ধতে মৃত্যুমুখত পৰে৷ তেওঁৰ নেতৃত্বত ৰেজিমেণ্টে ষাঠিখন পাকিস্তানী টেংক ধ্বংস কৰিছিল,,[1] আনহাতে ভাৰতীয়সকলে নটা টেংক হেৰুৱায়।[17] এটা বিৱৰণী অনুসৰি, তেওঁৰ মৃতদেহ দাহ কৰাৰ সময়ত পাকিস্তানৰ টেংকে নিজৰ জুই বন্ধ কৰি ৰাখিছিল।[5] পৰম বীৰ চক্ৰআঘাতপ্ৰাপ্ত অৱস্থাত ৰেজিমেণ্টৰ নেতৃত্ব দিয়াৰ বাবে আৰু পাকিস্তানী পক্ষৰ টেংকৰ যথেষ্ট ক্ষতিসাধন কৰাৰ বাবে[15] তাৰাপৰেক মৰণোত্তৰভাৱে পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়৷[2] এই সন্মানৰ কাৰ্যকৰী তাৰিখ আছিল ১৯৬৫ চনৰ ১১ ছেপ্টেম্বৰ। চৰকাৰী উদ্ধৃতিটোত লিখা আছে:
তাৰাপৰেৰ পত্নীয়ে তাৰাপুৰৰ হৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পৰম বীৰ চক্ৰ বঁটা লাভ কৰে। পিছলৈ তেওঁৰ নিজৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে ইয়াক ৰেজিমেণ্টৰ হাতত গতাই দিয়া হয় আৰু ইয়াৰ কোৱাৰ্টাৰ গাৰ্ডত সংৰক্ষণ কৰা হয়।[5] টোকাপাদটীকা Citations
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia