যোগিন্দৰ সিং
চুবেদাৰ যোগিন্দৰ সিং চাহনান, পি.ভি.চি (ইংৰাজী: Joginder Singh;২৬ ছেপ্টেম্বৰ ১৯২১ – ২৩ অক্টোবৰ ১৯৬২), ভাৰতীয় সৈন্যবাহিনীৰ এজন সৈনিক আৰু মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক বীৰত্ব পুৰস্কাৰ পৰম বীৰ চক্ৰ প্ৰাপক। সিঙে ১৯৩৬ চনত ব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰিছিল আৰু শিখ ৰেজিমেণ্টৰ প্ৰথম বেটেলিয়নত সেৱা আগবঢ়াইছিল। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত তেওঁ উত্তৰ-পূব সীমান্ত সংস্থাৰ (নৰ্থ-ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি) বুম লা পাছত এটা প্লেটুনৰ নেতৃত্বত আছিল। যদিও সংখ্যাত তাকৰ আছিল, তেওঁ সাহসেৰে চীনা আক্ৰমণৰ বিৰুদ্ধে তেওঁৰ সৈন্যসকলক নেতৃত্ব দিছিল আৰু আঘাতপ্ৰাপ্ত আৰু বন্দী নোহোৱালৈকে তেওঁৰ পোষ্টটোৰ প্ৰতিৰক্ষা কৰিছিল। চীনৰ জিম্মাত থাকোতে আঘাতৰ ফলত সিঙৰ মৃত্যু হৈছিল।[2] তেওঁ এককভাৱে ৫০ জনতকৈও অধিক চীনা সৈন্যক হত্যা কৰি ভাৰতীয় সৈন্য বাহিনীৰ এজন যুদ্ধ নায়কলৈ পৰিণত হৈছিল।[3] প্ৰাৰম্ভিক জীৱন১৯২১ চনৰ ২৬ ছেপ্টেম্বৰৰ দিনা ব্ৰিটিছ ভাৰতত, পাঞ্জাৱৰ মগা জিলাৰ মহলা কলনত যোগিন্দৰ সিঙৰ জন্ম হয়। এই গাঁৱতে তেওঁ শৈশৱ অতিবাহিত কৰিছিল। তেওঁৰ দেউতাক শ্বেৰ সিং চাহনান কৃষিজীৱী চাইনী সম্প্ৰদায়ৰ লোক আছিল, যি হোচিয়াৰপুৰ জিলাৰ মুনাক কলন জিলাৰ পৰা মগা জিলাৰ মহলা কলনলৈ স্থানান্তৰিত হৈছিল।[4][5][6] তেওঁৰ মাকৰ নাম আছিল বিবি কৃচন কৌৰ ভেলা। কথাপুৰাৰ বিবি গুৰদয়াল কৌৰ বাংগা আছিল যোগিন্দৰ সিঙৰ পৰিবাৰ। তেওঁ নাথু আলা গাঁৱৰ প্ৰাথমিক বিদ্যালয় আৰু দাৰোলি গাঁৱৰ মধ্য বিদ্যালয়ত পঢ়িছিল। এটা পৰিচয় আৰু জীৱন জী থকাৰ উদ্দেশ্য বিচাৰি তেওঁ সৈন্য বাহিনীত যোগদান কৰিছিল।[7] সামৰিক কৰ্মজীৱনব্ৰিটিছ ভাৰতীয় সেনাত যোগদান কৰাৰ পিছত, ১৯৩৬ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে সিঙক শিখ ৰেজিমেণ্টৰ প্ৰথম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল।[1][8] সেনাবাহিনীত যোগদান কৰাৰ পিছত তেওঁ নিজৰ পঢ়া-শুনাৰ প্ৰতি থকা আগ্ৰহক চিনাক্ত কৰে আৰু অতি সোনকালেই সেনা শিক্ষা পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেওঁক ইউনিট এডুকেচন ইনষ্ট্ৰাক্টৰ হিচাপে নিযুক্তি দিয়া হৈছিল।[7] তেওঁ দ্বিতীয় বিশ্বযুদ্ধত বুৰ্মা ফ্ৰণ্টত, আৰু ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত শ্ৰীনগৰত সেৱা আগবঢ়াইছিল।[8] ভাৰত-চীন যুদ্ধপ্ৰধান প্ৰবন্ধ: ভাৰত-চীন যুদ্ধ
হিমালয় অঞ্চলৰ বিতৰ্কিত সীমা ব্যৱস্থাক লৈ ভাৰত আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি মতবিৰোধ হৈ আছিল। বিতৰ্কিত অঞ্চলত বৰ্ধিত চীনা অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ, তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁলোকৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰণনীতি তৈয়াৰ কৰাটো বিচাৰিছিল। এইক্ষেত্ৰত ভাৰতীয় সেনাই আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি, নেহৰুৱে এজন আমোলাৰ দ্বাৰা প্ৰস্তাৱিত "ফৰৱাৰ্ড পলিচী" নামক পৰিকল্পনাৰ অনুমোদন জনাইছিল। এই পৰিকল্পনা অনুসৰি চীনা আগ্ৰাসনক ৰোধিবৰ বাবে কেইবাটাও সৰু সৰু পোষ্ট বা চকী তৈয়াৰ কৰিবলৈ কোৱা হৈছিল। চীনা অনুপ্ৰৱেশৰ বিৰুদ্ধে বাঢ়ি অহা ৰাজহুৱা সমালোচনাৰ প্ৰতি লক্ষ্য ৰাখি, নেহৰুৱে সেনাৰ পৰামৰ্শৰ বিপক্ষে গৈ "ফৰৱাৰ্ড পলিচী" কাৰ্যকৰী কৰিছিল।[9] চীনাসকল ভৌগলিক ভাৱে সুবিধাজনক স্থিতিত আছিল। এয়া ভাৰতীয় সৈন্যবাহিনীৰ বাবে এক চিন্তাৰ বিষয় আছিল। তাৰোপৰি, চীনাসকলে ওপৰৰপৰা আক্ৰমণ কৰিলে সৰু সৰু ভাৰতীয় চকীবোৰ বচাবলৈ অসুবিধা হ'ব বুলি সেনাবাহিনীয়ে সন্দেহ প্ৰকাশ কৰিছিল, যিটো নেহৰুৱে নাকচ কৰি কৈছিল যে, চীনে আক্ৰমণ নকৰে। কিন্তু অৱশেষত চীনে আক্ৰমণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ভাৰত-চীন যুদ্ধ আৰম্ভ হৈছিল।[10] বুমলাৰ যুদ্ধ১৯৬২ চনৰ ৯ ছেপ্টেম্বৰত তেতিয়াৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননে থালা ৰিজৰ দক্ষিণে চীনা সৈন্যসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। কমনৱেলথ প্ৰধানমন্ত্ৰীৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ লণ্ডনত থকা নেহৰুৱে এই সিদ্ধান্তক সমৰ্থন কৰে। পৰৱৰ্তী সময়ত, সপ্তম ইনফেণ্ট্ৰী ব্ৰিগেডক, য’ত ১নং শিখ বেটেলিয়নো অন্তৰ্ভুক্ত আছিল, নামকা চুলৈ যাবলৈ নিৰ্দেশ দিয়া হয়। এই ঠাইডোখৰ সামৰিকভাৱে অস্বাস্থ্যকৰ আৰু চীনাসকলৰ বাবে সুবিধাজনক ভূমি বুলি গণ্য কৰা হৈছিল। এই পদক্ষেপক ভাৰতীয় সংবাদ মাধ্যমে তীব্ৰ সমালোচনা কৰিছিল।[11] এই পদক্ষেপৰ বিষয়ে গম পাই চীনাসকলে নামকা চুত ভাৰতীয় চকীত আক্ৰমণ কৰে। ভাৰতীয় সৈন্যবাহিনী এই আক্ৰমণৰ বাবে মুঠেই প্ৰস্তুত নাছিল। যদিও ভাৰতীয় সৈন্যই আক্ৰমণটো প্ৰতিৰোধ কৰে, অপৰ্যাপ্ত গোলাবাৰুদ আৰু দুৰ্বল যোগাযোগ লাইনৰ বাবে যথেষ্ট ভাৰতীয় সৈন্য হতাহত হয়। আক্ৰমণৰ লগে লগে চীনাসকলে টাৱাংলৈ আগবাঢ়ি যায়। মাজভাগত তেওঁলোকে বুম লা পাছত এটা ভাৰতীয় চকীৰ দ্বাৰা প্ৰতিৰোধৰ সন্মুখীন হৈছিল, এই চকীটো ভাৰতীয় সৈন্যবাহিনীৰ ১নং শিখ বেটেলিয়ৰ ২০ জন সৈনিকেৰে গঠিত আছিল। [11][8] চুবেদাৰ যোগিন্দৰ সিং এই বেটেলিয়নৰ দায়িত্বত আছিল।[11] চীনাসকলে তিনিটা ঢৌত পোষ্টটো আক্ৰমণ কৰিছিল আৰু প্ৰতিটো আক্ৰমণত ২০০ জন সৈন্য আছিল।[1] প্ৰাৰম্ভিক দুটা আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিবলৈ সফল হৈছিল যদিও ভাৰতীয় সৈন্যৰ শক্তি ক্ৰমাৎ কমি আহিছিল। সিং আঘাতপ্ৰাপ্ত হৈছিল; কিন্তু যুদ্ধক্ষেত্ৰ এৰি যাবলৈ তেওঁ অস্বীকাৰ কৰিছিল। অতি সোনকালেই গোলাবাৰুদ শেষ হ’ল আৰু জীৱিত সকলক কেৱল তেওঁলোকৰ বেয়নেটৰ সৈতে এৰি দিয়া হ’ল।[12] তেতিয়া ‘ৱাহেগুৰু জী কা খালচা, ৱাহেগুৰু জী কি ফতেহ’ ৰণ হুংকাৰেৰে শিখ সৈন্য চীনা সৈন্যৰ ওপৰত জঁপিয়াই পৰে।[13] সংখ্যাত অধিক সৈন্যদল আৰু উন্নত অস্ত্ৰ-শস্ত্ৰেৰে চীনাসকলে সিং আৰু তেওঁৰ বাকী থকা সৈন্যসকলক প্ৰতিহত কৰে।[12] চীনা সৈন্যৰ দ্বাৰা বন্দী হোৱাৰ আগলৈকে সিঙে অকলেই তেওঁৰ বেয়নেটৰে প্ৰায় ৫০ জনতকৈও অধিক চীনা সৈন্যক হত্যা কৰে। পিছত আঘাতপ্ৰাপ্ত হৈ বন্দী অৱস্থাতে তেওঁ মৃত্যু বৰণ কৰে।[8] পৰম বীৰ চক্ৰযদিও সংখ্যাত তাকৰ আছিল; সিঙে তেওঁৰ লোকসকলক নেতৃত্ব দিছিল, আৰু শত্ৰুৰ মুখামুখি হৈ তেওঁলোকৰ মনোবল বজাই ৰাখিছিল। ১৯৬২ চনৰ ২৩ অক্টোবৰত তেওঁ প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্বৰ বাবে তেওঁক পৰম বীৰ চক্ৰ প্ৰদান কৰা হয়।[13] অন্যান্য সন্মান১৯৮০ চনত জাহাজ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰত চৰকাৰৰ উদ্যোগত ভাৰতীয় জাহাজ নিগমে (SCI) পৰম বীৰ চক্ৰ প্ৰাপকসকলৰ সন্মানত নিজৰ পোন্ধৰখন খাৰুৱা তেল টেংকাৰৰ নামকৰণ কৰে। টেংকাৰ এম.টি. চুবেদাৰ যোগিন্দৰ সিং, পি.ভি.চি ১৯৮৪ চনৰ ২৬ অক্টোবৰত এছ চি আইলৈ প্ৰেৰণ কৰা হয়, আৰু পৰ্যায়ক্ৰমে বন্ধ হৈ যোৱাৰ পূৰ্বে এই টেংকে ২৫ বছৰ ধৰি সেৱা আগবঢ়ায়। সিঙৰ সন্মানত মগা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত এটা স্মাৰক মূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু ভাৰতীয় সেনাই আই বি ৰিজত এটা স্মাৰক নিৰ্মাণ কৰিছে।[14] জনপ্ৰিয় মাধ্যমত২০১৮ চনত নিৰ্মিত সিঙৰ জীৱনভিত্তিক চলচ্চিত্ৰ চুবেদাৰ যোগিন্দৰ সিঙ তেওঁৰ জীৱন আৰু চীন-ভাৰত যুদ্ধৰ সময়ত কৰা কাৰ্যৰ ওপৰত আধাৰিত। মুখ্য চৰিত্ৰটোত পাঞ্জাৱী অভিনেতা আৰু গায়ক গিপ্পি গ্ৰেৱালে অভিনয় কৰিছিল।[15] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia