পানী দিহিং অভয়াৰণ্য
পানী দিহিং অভয়াৰণ্য (ইংৰাজী: Pani Dihing Wildlife Sanctuary ) অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।[2] ইতিহাসএই বনাঞ্চলখনক অসম চৰকাৰএ ১৯৯৬ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৯৯ চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়ে। [3] ভৌগোলিক বিৱৰণপানী দিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰ জিলাৰ প্ৰায় ৬০-৭০ বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি বিস্তৃত হৈ আছে। ইয়াৰে ৩৩.৯৩ বৰ্গ কিলোমিটাৰক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গণ্য কৰা হৈছে।[4] এই বনাঞ্চলখনৰ উত্তৰ-পশ্চিম দিশত ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে দিচাং নৈ বৈ গৈছে। [3] বতৰপানী দিহিং অভয়াৰণ্যৰ বতৰ সেমেকা ক্ৰান্তীয় (moist tropical)। বছৰি গড় তাপমাত্ৰা সৰ্বনিম্ন ৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্ব্বোচ্চ প্ৰায় ৩৫ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত হয়।[5] বাৰ্ষিক বৰষুণৰ পৰিমাণ প্ৰায় ৩২০০ মিমি আৰু আপেক্ষিক আৰ্দ্ৰতা (relative humidity) ৬৫-৮৫% হোৱা দেখা যায়। [উদ্ধৃতিৰ প্ৰয়োজন] উদ্ভিদকুলএই বনাঞ্চল বিশেষকৈ জলজ উদ্ভিদ আৰু ঘাঁহনিৰে পৰিপূৰ্ণ। প্ৰাণীকুলস্তন্যপায়ী প্ৰাণীঅসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, বন-ৰৌ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, খটীয়া পহু, শিয়াল, শৰপহু, সুগৰী পহু, হলৌ বান্দৰ চৰাই-চিৰিকটিপ্ৰায় ২৬৭ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰে ৭০ বিধ মান পৰিভ্ৰমণকাৰী চৰাই বুলি তথ্য পোৱা গৈছে।[6] এই চৰাই সমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হ'ল- কাঠ শালিকা, কামচৰাই, ঘিলা হাঁহ, কুটুম চৰাই, আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া, হাইঠা, উকাহ, উলূম’ৰা, ক'লা আকুহী বগ, কণামুছৰি, কনুৱা, কাকৈশিৰা, কুলি, কুৰুলী ফেঁচা, কুৰুৱা, কেঁচুখাটী, কেতেকী, কৈলাঙী, কোকলোঙা, ক’লা টুনি, খন্তীয়া হাঁহ, চাকৈ-চকোৱা, চাতক, চিলনী, গাং শালিকা, কমলা-বুকুৰ হাইঠা, কলীমূৰী হাঁহ, কাকলি হাঁহ, গো-বগ, চুটীয়া শালিকা, বিহুৱতী চৰাই, বুলবুলি, বৰ বগ, বৰটোকোলা, বৰবালি বগুৱা, দলপুঙা,দলমৰা, দহিকতৰা, দিনকণা, দীঘলনেজী, দেওৰাজ হাঁহ, দৈকলা, বৰমূগী হাঁহ, শৰালি, বৰহাইঠা ইত্যাদি। [7][8] ভাবুকিজৈৱবৈচিত্ৰৰে সমৃদ্ধ এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ প্ৰধান সংকট হৈ পৰিছে চোৰাং চিকাৰ আৰু অভয়াৰণ্যৰ ভিতৰত বেআইনীভাৱে গৰু চৰোৱা,মাছ ধৰা ইত্যাদি কাৰ্য্য। [6][9] লগতে চাওকতথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia