বৰাইল অভয়াৰণ্য

বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)
মানচিত্ৰত বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)ৰ অৱস্থিতি
অৱস্থান কাছাৰ, অসম, ভাৰত
নিকটতম চহৰ শিলচৰ
মাটিকালি 326.24 বৰ্গ কি.মি. (32,62,40,000 বৰ্গ মিটাৰ)
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমকাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।[1]

ভৌগিলিক বিৱৰণ

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ।[2] কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।[1] শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ।[2] ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা বৰাইল অভয়াৰণ্য অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

জলবায়ু

জৈৱবৈচিত্ৰ্য

  • উদ্ভিদ: মূলতঃ ক্ৰান্তীয় সেমেকা চিৰসেউজীয়া বনাঞ্চল আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়। তদুপৰি বিভিন্ন প্ৰজাতিৰ বাঁহ, ঘাঁহ আৰু অৰ্কিড দেখা যায়।
  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 "Borail Wildlife Sancturary". enajori.com. enajori.com. Archived from the original on 2014-09-08. https://web.archive.org/web/20140908175847/http://enajori.com/wildlife/sanctuaries/borail-wildlife-sancturary/। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 
  2. 2.0 2.1 "Borail Wildlife Sanctuaries". AMTRON. Department of Environment and Forests, Govt. of Assam. Archived from the original on 2015-09-05. https://web.archive.org/web/20150905030457/http://assamforest.in/NP_Sanctuaries/wls_Borail.php। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 

বাহ্যিক সংযোগ

বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য ইতিহাস

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia