গৰমপানী অভয়াৰণ্য
গৰমপানী অভয়াৰণ্য (ইংৰাজী: Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।[2] ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km (16 মাইল)। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।[3] ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।[4][5] নামৰ উৎপত্তিএই অভয়াৰণ্যত বহুতো গৰম পানীৰ উঁহ পোৱা যায়। তাৰ পৰাই ইয়াৰ নাম গৰমপানী হ'ল।[2] ভৌগোলিক বিৱৰণগৰমপানী অভয়াৰণ্যৰ অৱস্থিতি অক্ষাংশ ২৬°৪২' উ. আৰু দ্ৰাঘিমাংশ ৯৩°৭২৫' পূ.।[1] জলবায়ুঅভয়াৰণ্য খনৰ জলবায়ু গীষ্মমণ্ডলীয় সেমেকা। গীষ্মপ্ৰধান অৰ্ধ-চিৰহৰিৎ বনাঞ্চল এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়।।[2] জীৱজগতগৰমপানী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
পৰিবহনগৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী চহৰখন হৈছে গোলাঘাট।[2] দূৰত্ব প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটীৰ পৰা ইয়ালৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি ইয়ালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে।
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰ বিমানবন্দৰ। ইয়ালৈ দূৰত্ব প্ৰায় ৫৫ কিঃমিঃ। আনটো নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাট জিলাৰ ৰৰৈয়া বিমানবন্দৰ। এই বিমান বন্দৰৰ পৰা অভয়াৰণ্যলৈ দূৰত্ব প্ৰায় ৮৫ কিঃমিঃ।
গৰমপানী অভয়াৰণ্যৰ নিকটৱৰ্তী ৰেল জংচনটো হৈছে ফৰকাটিঙ জংচন। দূৰত্ব প্ৰায় ২০ কিঃমিঃ। ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ এই জংচনটোৰ পৰা অহা-যোৱা কৰিব পাৰি।[2] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia