আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (ইংৰাজী: Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰ'লীয়া হাঁহৰ মূৰ অংশ চমকনি থকা সেউজীয়া, পেট আৰু ডেউকা মুগা বৰণৰ৷ মাইকী আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ মটিয়া৷ ইহঁতে জলাশয় সমূহত জাক পাতি বাস কৰে৷ [2] টেক্স'নমিআমৰ'লীয়া হাঁহৰ উল্লেখ পোনপ্ৰথমবাৰৰ বাবে কেৰ'লাছ লিনিয়াছৰ চিষ্টেমা নেচুৰীৰ দশম সংস্কৰণত পোৱা যায়৷ [3] ইয়াৰ ইংৰাজী নাম "Mallard" ফৰাচী ভাষাৰ malart বা mallart ৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়৷ অৱশ্যে ইয়াৰ নামৰ উৎস সম্পৰ্কে কোনো প্ৰমাণিত তথ্য পোৱা নাযায়৷ কোনো কোনোৰ মতে ই জাৰ্মান শব্দ Madelhart ৰ পৰাও ই উদ্ভৱ হ'ব পাৰে৷ [4] বিৱৰণআমৰ'লীয়া হাঁহৰ দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫০-৬৫ ছে:মি:৷[5] and weighs ০.৭২–১.৫৮ কেজি (১.৬–৩.৫ পাউণ্ড).[6][7] প্ৰজনন কালত মতা আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ মূৰ চমকনি থকা সেউজ বৰণৰ আৰু ডিঙিৰ কলাৰ, বেঙুনীয়া বুকু তথা মুগা-মটিয়া ডেউকাৰ বাবে সহজে চিনাক্ত কৰিব পৰা যায়৷ [8] মতা হাঁহটোৰ ঠোঁট হালধীয়া আৰু আগটো কমলা ৰঙৰ হৈ পৰে৷ মাইকী আমৰ'লীয়া হাঁহৰো পাখিবোৰ মাখন ৰঙৰ পৰা ডাঠ মটিয়া যেনে হয়৷ [8] আমৰ'লীয়া হাঁহৰ সদ্যজন্মা পোৱালিৰ বৰণ হালধীয়া আৰু ঠেং আৰু ঠোঁট কলা বৰণৰ হয়৷ এমহীয়া হোৱাৰ পৰা ইয়াৰ গাৰ ৰং মাইকী হাঁহৰ দৰে হৈ পৰে[8] তিনিৰ পৰা চাৰিমাহৰ ভিতৰত ই পূৰ্ণবয়স্কৰ ৰূপ পায়৷[উদ্ধৃতিৰ প্ৰয়োজন] বিতৰণ তথা বাসস্থানউত্তৰ গোলাৰ্ধত আমৰ'লীয়া হাঁহ বহুলভাৱে বিস্তৃত হৈ আছে৷ উত্তৰ আমেৰিকাৰ পৰা আলাস্কা, মেস্কিকো, হাৱাই দ্বীপপূঞ্জ, ছাইবেৰিয়া, জাপান আদিলৈকে ই বিস্তৃত৷ T[5] ইয়াৰ গোলকীয় বিতৰণৰ দক্ষিণৰ অঞ্চলসমূহত ই পৰিভ্ৰমণকাৰী হিচাপে বসবাস কৰে আৰু উত্তৰৰ অঞ্চল সমূ্হত প্ৰজনন কৰে৷ [9] আমৰ'লীয়া হাঁহে বিভিন্ন ধৰণৰ বাসস্থান তথা বতৰত বসবাস কৰাত সক্ষম৷ সেয়েহে ইয়াক বৰফাবৃত অঞ্চলৰ পৰা নাতিশীতোষ্ণ আৰু বিষুৱীয় অঞ্চল সমূহতো দেখা পোৱা যায়৷ ই নদী আৰু সাগৰ দুয়োধৰণৰ পানীতে বাস কৰে৷ তাৰোপৰি ইয়াক বিভিন্ন জলাশয় যেনে বিল, হ্ৰদ, পুখুৰী আদিতো পোৱা যায়৷ ই সাধাৰণতে অগভীৰ পানীত চৰিবলৈ ভাল পায়৷ আমৰ'লীয়া হাঁহে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ [10] আচৰণখাদ্যআমৰ'লীয়া হাঁহ সাধাৰণতে সৰ্বভক্ষী হয়৷ ই প্ৰধানকৈ খাদ্যৰ উপলব্ধতা, প্ৰজননৰ সময় আৰু অন্ত: আৰু আন্ত: প্ৰজাতি প্ৰতিযোগিতাৰ ভিত্তিত খাদ্য নিৰ্বাচন কৰে৷[11] সাধাৰণতে ই বিভিন্ন অমেৰুদণ্ডী প্ৰাণী, কেকোঁৰা, জলজ উদ্ভিদৰ বিভিন্ন অংশ খাই জীয়াই থাকে৷ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি প্ৰজননৰ সময়ত মতা আমৰ'লীয়া হাঁহে ৩৭.৬% প্ৰাণী, ৬২.৪% উদ্ভিদ খায়৷ অন্যহাতে মাইকী আমৰ'লীয়া হাঁহে প্ৰজননৰ সময়ত ৩৭.০% প্ৰাণী, ৬৩.০% উদ্ভিদ আৰু কণী পৰাৰ সময়ত ৭১.০% প্ৰাণী, ২৮.১% উদ্ভিদ খায়৷ [12] পৰিভ্ৰমণ কালত আৰু প্ৰজননৰ সময়ত এই প্ৰজাতিৰ খাদ্যৰ সৰহ অংশই উদ্ভিদ হোৱা দেখা যায়৷ [13][14] প্ৰজননশৰতকালত অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত আমৰ'লীয়া হাঁহে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বসন্তৰ আৰম্ভণিৰ লগে লগে মাইকী হাঁহজনীয়ে কণী পাৰিবলৈ লয়৷ এইসময়ত মতা হাঁহটোৱে মাইকী জনীক এৰি জাকৰ আন মতা হাঁহৰ লগ লয়৷ আমৰ'লীয়া হাঁহে সাধাৰণতে পানীৰ কাষৰীয়া অঞ্চলত বাহ সাজে৷ এবাৰত ই ৮-১৩ টাকৈ কণী পাৰে৷ মাইকী হাঁহে ২৭-২৮ দিন ধৰি কণী উমনি দিয়ে৷ পোৱালী পৈণত ৰুপত জন্ম লয় আৰু ইহঁতে জন্মাৰ পিছতে সাঁতুৰিব পৰা হয়৷ স্থিতি তথা সংৰক্ষণঅন্য হাঁহৰ প্ৰজাতিৰ ব্যতিক্ৰম হিচাপে আমৰ'লীয়া হাঁহে মানুহৰ পৰা লাভান্বিত হে হোৱা দেখা গৈছে৷ ইয়াৰ কাৰণ হ'ল এই প্ৰজাতিটৌ অভিযোজনত পাকৈত আৰু সেইবাবে মানুহৰ বসতি থকা অঞ্চলতো ইহঁতে বসবাস কৰিব পাৰে৷ তাৰোপৰি ইহঁতে স্থানীয় হাঁহৰ প্ৰজাতিৰ সৈতে প্ৰজনন কৰিও বংশবৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ইয়াক পোহনীয়া হাঁহৰ পূৰ্বপুৰুষ বুলিও আখ্যা দিয়া হয়৷[15][16][17] নিউজিলেণ্ডত ইয়াক বহিৰাগত (invasive species) প্ৰজাতি বুলি গণ্য কৰা হয়৷ এই অঞ্চল সমূহত অভিযোজন কৰি আৰু স্থানীয় হাঁহৰ লগত আন্ত: প্ৰজাতি প্ৰজনন কৰি আমৰ'লীয়া হাঁহৰ দ্ৰুত বংশবৃদ্ধি ঘটিছে৷ [18] ইয়াৰ এনে হাইব্ৰিড প্ৰজাতিয়ে স্বাভাৱিক পৰিস্থিতিতন্ত্ৰতে বিঘিনি ঘটোৱা বুলি সন্দেহ কৰা হৈছে৷ [19] ফলত আমৰ'লীয়া হাঁহৰ ওচৰ সম্পৰ্কীয় প্ৰজাতিসমূহৰ বাবে অস্তিত্ব সংকট আহি পৰিছে৷ এনে প্ৰজাতিসমূহ হ'ল, Hawaiian Duck[18][20], Pacific Black Duck,[18][21][22][23] American Black Duck,[18][24][25][26] Mottled Duck,[18][27][28] Meller's Duck,[29] Yellow-billed Duck,[19] আৰু Mexican Duck[18][28]৷ আলোকচিত্ৰৰ ভঁৰাল
তথ্য সূত্ৰ
লগতে চাওক
বাহ্যিক সংযোগ
|