হাইঠা
হাইঠা (ইংৰাজী: Green pigeon) এবিধ পাৰজাতীয় চৰাইৰ প্ৰজাতি। ই সাধাৰণতে সৰু ফল-মূল আদি খায়। ইহঁতকযোৰ পতা অৱস্থাত অথবা সৰু গোটত চৰা দেখা যায়। বিৱৰণঅন্য ৰঙৰ লগতে থকা সেউজীয়া পাখি ইয়াৰ বিশেষ বিশেষত্ব। সেই বাবেই ইহঁতক গ্ৰীন পিজন (Green pigeon) বুলি কোৱা হয়। আকাৰ ২৭ চেণ্টিমিটাৰৰপৰা ৩৩ চেণ্টিমিটাৰ পৰ্যন্ত। বিতৰণহাইঠা সাধৰণতে বিষুৱীয় অঞ্চলত অৰ্থাৎ এছিয়াৰ হিমালয়ৰ পৰা সমগ্ৰ আফ্ৰিকা মহাদেশতে বিস্তৃত হৈ আছে। এছিয়াৰ হিমালয়ৰ নামনি অঞ্চলৰ পৰা পূব আৰু পশ্চিম পৰ্বতমালা (Western and Eastern Ghats) আৰু শ্ৰীলংকাৰ বনাঞ্চলসমূহলৈকে দেখা পোৱা যায়।[1] তদুপৰি ইহঁতক ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আদিতো দেখা যায়।[2] আচৰণহাইঠা সাধাৰণতে অকলশৰে অথবা সৰু গোটত চৰে। ই খুউব খৰকৈ উৰিব পাৰে। খাদ্যহাইঠাই সাধাৰণতে গছৰগুটি আৰু ফল-মূল তথা বিভিন্ন ধৰণৰ উদ্ভিদৰ অংশ খাই জীয়াই থাকে। ইহঁতক খুউব কমেইহে মাটিত দেখা যায়। প্ৰজননহাইঠাৰ প্ৰজনন কাল সাধাৰণতে ভাৰতত মাৰ্চৰ পৰা চেপ্টেম্বৰ মাহলৈকে হোৱা দেখা যায়। শ্ৰীলংকাত ইহঁতে ডিচেম্বৰৰ পৰা মে মাহ পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। ইয়াৰ বাহটো গছৰ ডাল-পাত আদিৰে সাজে। এবাৰত ই দুটাকৈ বগা বৰণৰ কণী পাৰে। মতা-মাইকী উভয়ে কণী উমনি দিয়ে। ১২-১৪ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালিৰ জন্ম হয়।[3] প্ৰকাৰপৃথিৱীত হাইঠাৰ কেইবা বিধ উপ-প্ৰজাতি দেখা গৈছে। তাৰে অসমত দেখা প্ৰজাতিকেইটা হ'ল-
পৃথিৱীৰ অন্যান্য অঞ্চলত দেখা হাইঠাসমূহ হ'ল:[4]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia