কাঠ-শালিকা (ইংৰাজী: Chestnut-tailed Starling, বৈজ্ঞানিক নাম: Sturnia malabarica)[2]
) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ অন্যতম প্ৰজাতি৷ দক্ষিণ-পূব এছিয়া তথা ভাৰত ত ইয়াক থলুৱাভাৱে দেখা পোৱা যায় যদিও ই আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই বুলিও জানিব পৰা গৈছে৷
টেক্সন'মি
একাধিক বিৱৰ্তনৰ উৎসৰ বাবে পূৰ্বতে কাঠ-শালিকাক কেইবাটাও গোত্ৰ যেনে Sturnia, Sturnus আৰু Temenuchus ৰ অন্তৰ্ভুক্ত কৰা হৈছিল যদিও পৰৱৰ্ত্তী সময়ত কৰা গৱেষণাত পোৱা তথ্য অনুসৰি Temenuchus গোত্ৰকে বৰ্তমান বাহাল ৰখা হৈছে৷ [2] Later studies have suggested placement in the genus Sturnia.[3]
কাঠ-শালিকাৰ তিনিটা উপ-প্ৰজাতি দেখা পোৱা যায়-
S. m. malabarica: উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰত বিস্তৃত হৈ আছে৷
S. malabarica nemoricola: দক্ষিণ চীণ, থাইলেণ্ড, লাইছ, ভিয়েটনাম আৰু কম্বোডিয়াত ইয়াক দেখিবলৈ পোৱা যায়৷
S. malabarica blythii: ভাৰতৰ দাক্ষিণাত্য অঞ্চল (Western Ghat)ত পোৱা যায়৷
বিৱৰণ
কাঠ-শালিকাৰ পূৰ্ণবয়স্ক এটা চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২০ ছে: মি: হয়৷ ইয়াৰ পিঠি অংশ মটিয়া (grey) আৰু ক'লা চানেকীয়া৷ উপ-প্ৰজাতি সমূহৰ দেহৰ বৰণৰ কিছু পাৰ্থক্য দেখা যায়৷ S. m. malabarica' আৰু blythii ৰ ক্ষেত্ৰত দেহৰ তলৰ অংশ ইটাবণীয়া (rufous) কিন্তু nemoricola ৰ সেই অংশৰ বৰণ বগা হয় ৷ তিনিওটা উপ-প্ৰজাতিৰ চকুৰ মণি বগা আৰু ঠোঁটৰ বৰণ হালধীয়া হয়৷ মতা-মাইকী উভয়ে দেখাত একে হয়৷ অৱশ্যে পোৱালী কাঠ-শালিকাৰ দেহৰ তলৰ অংশ বগা আৰু নেজৰ আগটো ৰঙা চানেকীয়া হোৱা দেখা যায়৷
↑BirdLife International (2004). Sturnus malabaricus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 12 May 2006.
↑Zuccon, D., Pasquet, E. & Ericson, P. G. P. (2008). Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus
and Acridotheres : Sturnidae). Zoologica Scripta, 37:469–481 PDFArchived 2016-04-12 at the Wayback Machine
Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
Rasmussen, Pamela C. & Anderton John C. (2005): Birds of South Asia: The Ripley Guide. Smithsonian Institution and Lynx Edicions. ISBN 84-87334-67-9
Zuccon D, Cibois A, Pasquet E, Ericson PG. (2006) Nuclear and mitochondrial sequence data reveal the major lineages of starlings, mynas and related taxa. Mol Phylogenet Evol. 41(2):333-44