নাট আৰু মহাকাব্যসমূহত নাৰী চৰিত্ৰৰ উল্লেখ আছে। অষ্টম শতিকাৰ কবি ভৱভূতিয়ে ৰচনা কৰা উত্তৰৰামচৰিতত (স্ত্ৰোত্ৰ ২-৩) আত্ৰেয়ী নামৰ চৰিত্ৰটিয়ে কিদৰে দক্ষিণ ভাৰতলৈ গৈ বেদ আৰু ভাৰতীয় দৰ্শনৰ বিষয়ে অধ্যয়ন কৰিছিল ইয়াৰ বৰ্ণনা পোৱা যায়। মাধৱাচাৰ্যৰ শঙ্কৰদিগ্বিজয়ত আদি শঙ্কৰে মহিলা দাৰ্শনিক উভয়া ভাৰতীৰ সৈতে তৰ্কযুদ্ধত অৱতীৰ্ণ হৈছে আৰু স্ত্ৰোত্ৰ ৯-৬৩ত এই কথা উল্লেখ কৰা হৈছে যে তেওঁ বেদজ্ঞানত পাৰ্গত।
মহাকাব্য
ৰামায়ণ আৰু মহাভাৰতৰ নাৰী চৰিত্ৰসমূহৰ ভূমিকা মিশ্ৰিত ৰূপত দেখা পোৱা যায়। মহাভাৰতৰ দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱক বিবাহ কৰোৱাৰ বাবে একেসময়তে তেওঁৰ স্বামী আছিল পাঁচজন। দুৰ্যোধনে তেওঁক অপমান (বস্ত্ৰহৰণ) কৰাৰ পৰাই কৌৰৱ আৰু পাণ্ডৱৰ মাজত ভয়ংকৰ যুদ্ধৰ সূচনা হয়। খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ দ্বিতীয় ভাগত ৰচিত ৰামায়ণত জনকনন্দিনী সীতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে অবিচ্ছেদ্য প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। তেওঁক এগৰাকী গৃহিণী, আদৰ্শ পত্নী তথা ৰামৰ সহধৰ্মিণীৰ ৰূপত চিত্ৰায়িত কৰা হৈছে। হিন্দু পৰম্পৰাত ৰামায়ণৰ মৌখিক পুনৰ্কথনসমূহত নাৰীসকলক স্বতন্ত্ৰ ৰূপত দেখা যায়। সুগীৰ্থৰাজৰ মতে এই সংস্কৰণসমূহ অধিক পুৰণি নহয়।[25]
মহাভাৰতৰ কাহিনীৰ জৰিয়তে ইয়াৰ ৰচনাকালত নাৰী সম্পৰ্কে ভাৰতীয় সমাজৰ ধাৰণাৰ বিষয়ে অনুমান কৰিব পৰা যায়। মহাভাৰতৰ প্ৰথম পৰ্বত কোৱা হৈছে:
কোনো পুৰুষে, আনকি ক্ৰোধতো, নিজৰ স্ত্ৰীৰ সন্মতি নথকা এনে কোনো কাৰ্য কৰা উচিত নহয়;
কিয়নো সুখ, হৰ্ষ, গুণ আৰু সকলোখিনি স্ত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে।
স্ত্ৰী হৈছে পবিত্ৰ ভূমি য'ত স্বামীৰ পুনৰ্জন্ম হয়,
আনকি ঋষিসকলেও স্ত্ৰী অবিহনে পুৰুষৰ জন্ম দিব নোৱাৰে।
কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ১.২১ অধ্যায়ত সামৰিক শিক্ষা গ্ৰহণ কৰি ৰজাজনৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰা নাৰীৰ বিষয়ে বৰ্ণনা আছে। গ্ৰন্থখনত মহিলা শিল্পী, ভিক্ষু আৰু পৰিব্ৰাজক তপস্বিনীৰ বিষয়েও উল্লেখ আছে।[34][35]
হিন্দু ধৰ্মত অসংখ্য দেৱ-দেৱী আছে আৰু ইয়াৰে অধিকাংশই দেৱী।[58] হিন্দু সমাজৰ পিতৃপ্ৰধান চৰিত্ৰটোৰ বিপৰীতে দেৱীসকলক শক্তিশালী ৰূপত উপস্থাপন কৰা হয় আৰু কোনো কোনো সময়ত তেওঁলোক উগ্ৰ বা ভয়ংকৰ হোৱাও দেখা যায়।[52]
প্ৰথা
বিবাহ
অশ্বালয়ন গৃহসূত্ৰ শীৰ্ষক পুথিত মুঠ আঠ প্ৰকাৰৰ বিবাহৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰে প্ৰথম চাৰিবিধ হৈছে ব্ৰহ্ম, দৈৱ, অৰ্ষ আৰু প্ৰজাপত্য। এই চাৰিও প্ৰকাৰৰ বিবাহক বিধিসন্মত তথা পালনীয় বুলি ঘোষণা কৰা হৈছে। আনহাতে পৰৱৰ্তী দুই প্ৰকাৰ ক্ৰমে গন্ধৰ্ব আৰু অসুৰ বিবাহক বিধিসন্মত বুলি মান্যতা দিয়া হোৱা নাই যদিও গ্ৰহণীয় বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে শেষৰ দুই প্ৰকাৰৰ বিবাহ ক্ৰমে ৰাক্ষস আৰু পৈশাচক অনুপযুক্ত তথা অগ্ৰহণযোগ্য বুলি কোৱা হৈছে যদিও এনে বিবাহৰ পৰিণতিত জন্ম হোৱা সন্তানক আইনী অধিকাৰ প্ৰদান কৰা হৈছে।[7][59]
সতীদাহ বৰ্তমানে লোপ পোৱা এক মৃতদেহ সংস্কাৰ প্ৰথা। এই প্ৰথাত এগৰাকী বিধৱাই নিজৰ মৃত স্বামীৰ চিতাত আত্মজাহ দিয়ে বা আন কোনো উপায়েৰে আত্মহত্যা কৰে।[65][66][67] কোনো কোনো পণ্ডিতৰ মতে বৈদিক যুগৰ সাহিত্যত সতীদাহৰ কোনো প্ৰমাণ পোৱা নাযায়।[8]
সতীদাহ প্ৰথা উচিত নে অনুচিত এই কথাক লৈ হোৱা প্ৰাচীনতম আলোচনা দশমৰ পৰা দ্বাদশ শতিকাৰ সংস্কৃত সাহিত্যত পোৱা যায়।[68]
শিক্ষা
বেদ আৰু উপনিষদসমূহত উল্লেখ আছে যে কন্যাসকল ব্ৰহ্মচাৰিণী হ'ব পাৰে অৰ্থাৎ তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে।[69]অথৰ্ববেদত কোৱা হৈছে যে[69][70]
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् |
এক কোমলবয়সীয়া কন্যাই ব্ৰহ্মচৰ্য্যৰ শিক্ষা সমাপ্ত কৰিলে এজন উপযুক্ত স্বামী লাভ কৰে।
বিদ্বানসকলে মত প্ৰকাশ কৰে যে সংগীত আৰু নৃত্যৰ সৈতে হিন্দু পৰম্পৰাৰ ওতপ্ৰোত সম্পৰ্ক আছে আৰু হিন্দু ধৰ্মৰ নাৰীসকলে এই পৰম্পৰাত সৃষ্টিশীলতা আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা পালন কৰিছে।[76] হিন্দু পৰম্পৰাৰ কেতবোৰ দিশে নাৰীৰ স্বাধীনতা হ্ৰাস কৰিছিল যদিও তেওঁলোকক কলাৰ সৃষ্টি আৰু প্ৰকাশৰ সুযোগো প্ৰদান কৰিছিল৷ [76] কলাৰ সৃষ্টি আৰু ইয়াত অংশগ্ৰহণৰ সুযোগ জাতি বা শ্ৰেণী নিৰ্বিশেষে নাৰীসকলৰ বাবে উপলব্ধ আছিল। [76] উচ্চ শ্ৰেণীৰ মহিলাসকলৰ মাজত শাস্ত্ৰীয় কণ্ঠ সংগীত অধিক প্ৰচলিত আছিল। মাতৃতান্ত্ৰিক হিন্দু পৰম্পৰা, বিশেষকৈ দেৱদাসী প্ৰথাত নাৰীসকলৰ মাজত নৃত্য আদিৰ দৰে কলাৰ ৰাজহুৱা প্ৰদৰ্শন অধিক প্ৰচলিত[77][78]
↑Bryant, Edwin (2007), Krishna: A Sourcebook, Oxford University Press], p. 441
↑David Kinsley (2005), Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions, University of California Press, আই.এচ.বি.এন.978-8120803947, pages 6-17, 55-64
↑Flood, Gavin, ed. (2003), The Blackwell Companion to Hinduism, Blackwell Publishing Ltd., আই.এচ.বি.এন.1-4051-3251-5, pages 200-203
↑ 23.023.1Ellison Findly (2004), Women, Religion, and Social Change (Editors: Yvonne Yazbeck Haddad, Ellison Banks Findly), State University of New York Press, আই.এচ.বি.এন.978-0887060687, pages 37-58
↑Adi Parva 1.LXXIII.6 - 1.LXXIII.14, Mahabharata, Translated by Manmatha Nath Dutt, page 105
↑Sugirtharajah, Sharada (2002). "Hinduism and Feminism". Journal of Feminist Studies in Religion খণ্ড 18 (2): 97–104.
↑ 27.027.1Anushasana Parva The Mahabharata, Translated by Kisari Mohan Ganguli, Chapter XI, pages 41-43
↑Anushasana Parva The Mahabharata, Translated by KM Ganguli, page 264
↑ 29.029.129.2Anushasana Parva The Mahabharata, Translated by Kisari Mohan Ganguli, Chapter CXLVI, pages 667-672
↑Tryambakayajvan (trans. Julia Leslie 1989), The Perfect Wife - Strīdharmapaddhati, Oxford University Press, আই.এচ.বি.এন.978-0195621075
↑Leslie, J. (1992), The significance of dress for the orthodox Hindu woman, in Dress and Gender: Making and Meaning (Editors: Ruth Barnes, Joanne B. Eicher), pages 198-213; Quote - "Strīdharmapaddhati represents a bizarre mixture of reality and utopia."
↑S Jain (2003), Sacred Rights (Editor: Daniel C. Maguire), Oxford University Press, আই.এচ.বি.এন.978-0195160017, page 134
↑Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 353-354, 356-382
↑Kautilya (3rd century BCE), Kautiliya Arthasastra Vol 2 (Translator: RP Kangle, 2014), Motilal Banarsidass, আই.এচ.বি.এন.978-8120800427, page 51
↑Patrick Olivelle (2013), King, Governance, and Law in Ancient India: Kautilya's Arthasastra, Oxford University Press, আই.এচ.বি.এন.978-0199891825, pages 77-79, 96, 254-262, 392-396, 477-479
↑ 36.036.1Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 31-32, 108-123, 138-147
↑Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 98, 146-147
↑Wadley, Susan (1977). "Women and the Hindu Tradition". Signs খণ্ড 3 (1): 113–125. doi:10.1086/493444.
↑Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 31-32, 194-207, 755-809
↑Robert Lingat (1973), The Classical Law of India, University of California Press, আই.এচ.বি.এন.978-0520018983, pages 83-84
↑Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 182-193, 659-706
↑Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন.978-0195171464, pages 200-201, 746-809
↑Alf Hiltebeitel and Kathleen Erndl (2000), Is the Goddess a Feminist?: The Politics of South Asian Goddesses, New York University Press, আই.এচ.বি.এন.978-0814736197, pages 133-134
↑Nicholas Gier (1997), The yogī and the Goddess, International Journal of Hindu Studies, Volume 1, Issue 2, pages 265-287
↑Ellen Goldberg (2002), The Lord who is half woman: Ardhanārīśvara in Indian and feminist perspective, State University of New York Press, আই.এচ.বি.এন.0-791453251, pages 1-4
↑John Renard (1999), Responses to 101 Questions on Hinduism, Paulist, আই.এচ.বি.এন.978-0809138456, pages 74-76
↑Mukherjee, Prabhati (1983). "The Image of women in Hinduism". Women's Studies International Forum খণ্ড 6 (4): 375–381. doi:10.1016/0277-5395(83)90030-4.
↑David Lawrence (2012), The Routledge Companion to Theism (Editors: Charles Taliaferro, Victoria S. Harrison, and Stewart Goetz), Routledge, আই.এচ.বি.এন.978-0415881647, pages 78-79
↑ 59.059.159.2Hindu Saṁskāras: Socio-religious Study of the Hindu Sacraments, Rajbali Pandey (1969), see Chapter VIII, আই.এচ.বি.এন.978-8120803961, pages 158-170
↑Patrick Olivelle (2004), The Law Code of Manu, Oxford University Press, আই.এচ.বি.এন.978-0192802712, page 47
↑Majumdar R. C. and Pusalker A. D. (ed.) "The History and Culture of the Indian People" Bharatiya Vidya Bhavan, Bombay 1951. Volume 1 The Vedic age p394.
↑Fuller C. J. "The camphor flame: popular Hinduism and society in India." Princeton University Press, Princeton, New Jersey 2004 p.23 আই.এচ.বি.এন.0-691-12048-X
↑Tambiah, Stanley; Goody, Jack (1973). Bridewealth and Dowry. প্ৰকাশক Cambridge UK: Cambridge University Press. পৃষ্ঠা. 68–9.
↑Wendy Doniger (2013), Suttee, Encyclopedia Britannica
↑Brick, David (April–June 2010). "The Dharmasastric Debate on Widow Burning". Journal of the American Oriental Society খণ্ড 130 (2): 206–211.
↑ 69.069.1S Jain (2003), The Right to Family Planning, in Sacred Rights: The Case for Contraception and Abortion in World Religions (Editor: Daniel C. Maguire), Oxford University Press, আই.এচ.বি.এন.978-0195160017, page 134, Quote - "The Atharva Veda confirms... a brahmacharini has better prospects of marriage than a girl who is uneducated"; "The Vedic period.... girls, like boys, are also expected to go through the brahmacharya..."
↑ 70.070.1For source in Sanskrit: Atharva Veda Wikisource, Hymns 11.5[7].1 - 11.5[7].26;
↑Elgood, Heather (2000). Hinduism and the Religious Arts. A&C Black.
↑Mandakranta Bose (2011), Women in the Hindu Tradition: Rules, Roles and Exceptions, Routledge, আই.এচ.বি.এন.978-0415620765, page 26
↑Baumer, Rachel (1993). Sanskrit Drama in Performance. Motilal Banarsidass Publication. পৃষ্ঠা. 46.
↑ 75.075.1Mandakranta Bose (2011), Women in the Hindu Tradition: Rules, Roles and Exceptions, Routledge, আই.এচ.বি.এন.978-0415620765, pages 64-65
↑ 76.076.176.2Tracy Pintchman (2007), Women's Lives, Women's Rituals in the Hindu Tradition, Oxford University Press, আই.এচ.বি.এন.978-0195177077, pages 180-182
↑Tracy Pintchman (2007), Women's Lives, Women's Rituals in the Hindu Tradition, Oxford University Press, আই.এচ.বি.এন.978-0195177077, pages 181-185
↑Leslie, Julia (1992). Roles and Rituals for Hindu Women. Motilal Banarsidass Publications.